Logo
image

৩,৪৪৮ কোটি টকাৰ ৫৬৬ কোটি টকাহে দিলে কেন্দ্ৰই

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ৭ আগষ্টঃ অসমৰ বানপানী-খহনীয়াৰ বাবে পঞ্চদশ বিত্তীয় আয়োগে পাঁচ বছৰৰ বাবে ধাৰ্য কৰিছিল সৰ্বমুঠ ৩,৪৪৮.৪ কোটি টকা৷ ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত কেন্দ্ৰই অসমক প্ৰদান কৰিব লগীয়া উক্ত বুজন পৰিমাণৰ ধনৰাশিৰ ভিতৰত যোৱা তিনিটা বছৰত কেন্দ্ৰই অগবঢ়ালে মাত্ৰ ৫৬৬.৬ কোটি টকাহে৷ বিগত এক সপ্তাহত লোকসভা আৰু ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ বিভাগে প্ৰদান কৰা বিভিন্ন তথ্যৰ পৰা এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে৷ আজি লোকসভাৰ প্ৰশ্নোত্তৰকালত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰাইয়ে প্ৰদান কৰা বিবৃতিত প্ৰকাশ পোৱা মতে, খহনীয়া প্ৰশমনৰ বাবে ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈকে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি (এন ডি এম এফ) শীতানত অসমৰ বাবে ধাৰ্য কৰা হৈছিল ১,৫০০ কোটি টকা৷ একেদৰে বান খহনীয়া আক্ৰান্ত লোকৰ সংস্থাপনৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ (এন ডি আৰ এফ) অধীনত অসমৰ বাবে উক্ত পাঁচ বছৰৰ বাবে ধাৰ্য কৰা হৈছিল ১,০০০ কোটি টকা৷ 



মন্ত্ৰী ৰাইয়ে লগতে এয়াও জনাইছে যে পঞ্চদশ বিত্তীয় আয়োগৰ পৰামৰ্শ অনুসৰি অনুৰূপ সময়ৰ বাবে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ (এছ ডি এম এফ) অধীনতো অসমৰ বাবে সুকীয়াকৈ আন ৯৪৮.৪০ কোটি টকা ধাৰ্য কৰা হৈছিল৷ লক্ষণীয়ভাৱে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীজনে আজি সাংসদ হুছেইনে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত উক্ত তিনিটা শিতানৰ পৰা অসমলৈ কিমান কোটি টকা মোকলাই দিয়া হৈছে সেই কথা জনোৱা নাই যদিও যোৱা সপ্তাহত সাংসদ সুস্মিতা দেৱ আৰু অজিত কুমাৰ ভূঞাই উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাত মন্ত্ৰী ৰাইয়ে আগবঢ়োৱা তথ্য অনুসৰি এন ডি আৰ এফ শিতানত পাঁচ বছৰৰ বাবে ধাৰ্য কৰা ১,০০০ কোটি টকাৰ ভিতৰত কেন্দ্ৰই অসমক যোৱা তিনিটা বিত্তীয় বৰ্ষত মাত্ৰ ২৫০ কোটি টকাহে মোকলাই দিছে৷ কেৱল ২০২২-২৩ চনত কেন্দ্ৰই উক্ত ধন মোকলাই দিয়ে৷ আনহাতে পাঁচ বছৰৰ বাবে এছ ডি এম এফ শিতানত ধাৰ্য কৰা ৯৪৮.৪০ কোটি টকাৰ ভিতৰত তিনি বছৰত মোকলাই দিয়া হৈছে ৩১৬.৬ কোটি টকাহে৷ 

ইপিনে পঞ্চদশ বিত্তীয় আয়োগৰ পৰামৰ্শ মৰ্মে বান-খহনীয়া প্ৰশমনত পাঁচ বছৰৰ বাবে এন ডি এম এফ শিতানত ধাৰ্য কৰা ১, ৫০০ কোটি টকাৰ ভিতৰত কেন্দ্ৰই প্ৰকৃততে অসমলৈ কোনো ধন মোকলাই দিছে নে নাই তাৰ কোনো তথ্য কেন্দ্ৰীয় গৃহ বিভাগে আজিকোপতি দিব পৰা নাই৷ এই প্ৰসংগত সাংসদ ৰকিবুল হুছেইনে সাংবাদিকৰ আগত আশংকা ব্যক্ত কৰিছে যে এন ডি এম এফ শিতানৰ পৰা কেন্দ্ৰই সম্ভৱত অসমক এতিয়ালৈকে কোনো ধনেই আগবঢ়োৱা নাই৷ উল্লেখ্য যে মন্ত্ৰী ৰাইয়ে আজি লোকসভাত প্ৰদান কৰা বিবৃতিত এটা কথা স্পষ্ট কৰি দিয়ে যে অসমৰ বান-খহনীয়াত আক্ৰান্ত লোকৰ সংস্থাপনৰ দায়িত্ব কেন্দ্ৰৰ নহয়, ৰাজ্য চৰকাৰৰহে৷ কাৰণ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা নীতি অনুসৰি প্ৰাকৃতিক দুৰ্যোগ মোকাবিলাৰ দায়িত্ব কেৱল ৰাজ্য চৰকাৰৰ৷ কিন্তু মন্ত্ৰী ৰাইয়ে নিজৰ বিবৃতিত লগতে এয়াও জনাইছে যে পঞ্চদশ বিত্তীয় আয়োগে খহনীয়া সমস্যাক গুৰুত্ব প্ৰদান কৰিবলৈ কেন্দ্ৰক পৰামৰ্শ প্ৰদান কৰিছে৷ খহনীয়াই যে এখন ৰাজ্যৰ আৰ্থ-সামাজিক পৰিস্থিতি ধবংস কৰি দিব পাৰে সেই কথা বিত্তীয় আয়োগে কেন্দ্ৰক সতৰ্ক কৰি দিছে৷ ইয়াৰ পিছতো প্ৰতি বছৰ বান-খহনীয়াত জৰ্জড়িত অসমৰ বান সমস্যাক কেন্দ্ৰই কিয় গুৰুত্ব দিব বিচৰা নাই তথা অসমৰ বান সমস্যাক কিয় ৰাষ্ট্ৰীয় সমস্যাৰ মৰ্যাদা প্ৰদান কৰা নাই তাকলৈ সাংসদ হুছেইনে বিষ্ময় মানে৷ আগন্তুক পাঁচ বছৰ সংসদৰ মজিয়াত অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ কথা বাৰম্বাৰ উত্থাপন কৰাৰ লগতে ৰাজ্যৰ এই সমস্যা যে কিমান ডাঙৰ সমস্যা এটা সেয়া মই কেন্দ্ৰক উপলব্ধি কৰিয়েই এৰিম বুলি সাংসদ ৰকিবুল হুছেইনে সাংবাদিকৰ আগত ব্যক্ত কৰে৷