Logo
image

জে’ল যাত্ৰাৰ পৰিৱৰ্তে ৰাজযাত্ৰা

বিগত ৪৮ ঘণ্টাত বাংলাদেশত সংঘটিত ৰাজনৈতিক উত্থান-পতনৰ মাজত সৰ্বাধিক লাভৱান হোৱাৰ দিশত আগবাঢ়িছে দেশখনৰ অৰ্থনীতিবিদ তথা নোবেল বঁটাপ্ৰাপক ড॰ মোহাম্মদ ইউনুছ৷ সামৰিক অভ্যুত্থানৰ লগতে দেশখনৰ ইছলামিক ছাত্ৰ সংগঠন জামাত-ই-ইছলামীৰ দাবীৰ প্ৰতি সমৰ্থন ব্যক্ত কৰা দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে ইতিমধ্যে সন্মতি প্ৰকাশ কৰিছে এখন অন্তৰ্ৱতীকালীন চৰকাৰৰ, যাৰ নেতৃত্বত থাকিব বাংলাদেশৰ অৰ্থনীতিবিদ ড॰ ইউনুছ৷

দেশখনৰ গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠাতা ইউনুছক ২০০৬ চনত নোবেল বঁটাৰে সন্মানিত কৰাৰ পাছত ২০০৭ চনত দেশত এটা ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ কৰিছিল যদিও উক্ত বৰ্ষতে দেশখনত হোৱা সামৰিক অভ্যুত্থানৰ বাবে পিছ হুঁহকিছিল ড॰ ইউনুছ৷ ২০০৮ চনত দেশত অনুষ্ঠিত নিৰ্বাচনত বিজয়ী হোৱা আৱামী লীগৰ নেত্ৰী তথা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পৰৱত¹ সময়ত ৰাজনৈতিক শত্ৰু হিচাপে গণ্য কৰা ড॰ ইউনুছক ২০১১ চনত দেশৰ গ্ৰামীণ বেংকৰ মুৰব্বী পদৰ পৰা অব্যাহতি দিছিল৷ ইতিমধ্যে ড॰ ইউনুছৰ বিৰুদ্ধে আইনী যুঁজ আৰম্ভ কৰা দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই আদালতৰ জৰিয়তে ছমাহৰ জে’লৰ শাস্তিৰ পথ মুকলি কৰিছিল ড॰ ইউনুছৰ ওপৰত৷ দেশখনৰ গ্ৰামীণ ফোন কোম্পানীৰ মুৰব্বী হিচাপে চৰকাৰৰ অজ্ঞাতে ড॰ ইউনুছে ২.২ মিলিয়ন ডলাৰ কোম্পানীৰ পৰা ব্যয় কৰা, বিদেশৰ পৰা চৰকাৰৰ অজ্ঞাতে পুঁজি আহৰণ কৰাৰ অভিযোগত দোষী সাব্যস্ত হোৱা অৰ্থনীতিবিদজনৰ কাৰণে জে’ল যাত্ৰাৰ বাদে নাছিল গত্যন্তৰ৷ ২০২৪ বৰ্ষৰ ৰ জানুৱাৰীত দেশৰ এখন আদালতে জাৰি কৰা ছমাহৰ জে’লৰ শাস্তিক প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰে থকা ব্যক্তিগত শত্ৰুতা বুলি কোৱা ড॰ ইউনুছৰ জীৱনৰ পৰিক্ৰমা সলনি কৰিলে বৰ্তমানৰ গণ অভ্যুত্থানে৷

১৯৭৬ চনত দেশখনৰ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা ড॰ মোহাম্মদ ইউনুছৰ প্ৰচেষ্টাতে ১৯৮৩ চনত স্থাপন হৈছিল গ্ৰামীণ বেংকৰ৷ ক্ষুদ্ৰ ঋণৰ সূত্ৰ উদ্ভাৱন কৰি বিনা বন্ধকত দেশৰ দৰিদ্ৰ মহিলাসকলক ঋণদান কৰি অৰ্থনৈতিক স্বাৱলম্বিতা দিয়া ড॰ ইউনুছ পৰৱৰ্তী সময়ত ভগৱানস্বৰূপ হৈ পৰিছিল দেশখনৰ মহিলাসকলৰ কাৰণে৷ জনপ্ৰিয়তাৰ উচ্ছ শিখৰত আৰোহণ কৰি ৰাজনৈতিক পথাৰত ভৰি দিব বিচৰা ড॰ ইউনুছৰ কাৰণে প্ৰধান প্ৰতিবদ্ধক হিচাপে থিয় দিছিল প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা৷ আইনী যুঁজত পৰাস্ত হোৱা ড॰ ইউনুছৰ ৰক্ষাৰ বাবে বিশ্বৰ বহুকেইখন ৰাষ্ট্ৰই জনোৱা আহ্বানক প্ৰত্যাখ্যান কৰা শ্বেখ হাছিনাক পৰাভূত কৰাৰ অন্তিম সুযোগ যেন লাভ কৰিলে ৮৩ বছৰীয়া ড॰ ইউনুছে৷ জামাত-ই-ইছলামী নামৰ ছাত্ৰ সংগঠনটোৱে আৰম্ভ কৰা সংৰক্ষণবিৰোধী আন্দোলনটোক মুকলিকৈ সমৰ্থন কৰা ড॰ ইউনুছৰ আহ্বানত আন্দোলনটোত জঁপিয়াই পৰিছিল দেশখনৰ ছাত্ৰসকল৷ উল্লেখযোগ্য যে সম্প্ৰতি পেৰিছ অলিম্পিকৰ অতিথি হিচাপে অংশগ্ৰহণ কৰা ড॰ ইউনুছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ক্ষমতাচ্যুত কৰা দিনটোৱেই বাংলাদেশৰ বাবে দ্বিতীয় স্বাধীনতাৰ দিন বুলি ঘোষণা কৰিছে৷ ভাৰতৰ কাষৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ শাসনৰ বাঘজৰী হাতৰ মুঠিলৈ অনা ড॰ ইউনুছৰ বাবে প্ৰত্যাহ্বানমূলক হ’ব আগন্তুক দিন৷ দেশখনৰ মৌলবাদী সংগঠন, ইছলামিক ছাত্ৰ সংগঠন জামাত-ই-ইছলামী, বিৰোধী ৰাজনৈতিক দল বাংলাদেশ নেচনেল পাৰ্টীৰ প্ৰত্যক্ষ নিৰ্দেশত কেনেদৰে অন্তৰ্ৱতীকালীন চৰকাৰখন চলাই নিয়ে সেয়া লক্ষণীয় হ’ব আগন্তুক দিনত৷ এটা কথা নিশ্চিত যে ১৯৭১ চনৰ পৰা বিভিন্ন সময়ত গঠন হোৱা অন্তৰ্ৱতীকালীন চৰকাৰসমূহৰ কাৰ্যকাল খুব বেছি দুটা বছৰৰ আছিল আৰু কোনোজন চৰকাৰৰ নেতাই নিৰ্বাচিত হ’ব নোৱাৰিছিল নিৰ্বাচনত৷ যি নহওক জে’ল যাত্ৰাৰ পৰা ৰাজযাত্ৰাৰ এই পৰিক্ৰমাই এটা কথাই বুজাই গ’ল– ভাল দিন, বেয়া দিন থাকে মানৱ জীৱনত৷