Logo
image

ফাইনেলৰ পূৰ্বে বাতিল ভিনেশ, দেশজুৰি হাহাকাৰ

আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ আগষ্ট: স্বৰ্ণপদকৰ মেচৰ পুৱা, বুধবাৰে দেশৰ আগশাৰীৰ মল্লযোদ্ধা ভিনেশ ফগটৰ শৰীৰৰ ১০০গ্ৰাম ওজন বেছি হোৱাৰ বাবে অলিম্পিকৰ ফাইনেল খেলৰ পৰা বঞ্চিত হোৱাত সমগ্ৰ দেশ দুখৰ ছুনামিত বিধবস্ত হৈছে৷ অযোগ্য ঘোষণা হোৱাৰ বাবে ভিনেশ ফগটৰ পেৰিছ অলিম্পিকৰ পূৰ্বৰ তিনিখন খেলৰ ফলাফল বাতিল কৰি সকলো পৰিসংখ্যা বিধি অনুসৰি মোহাৰি দিয়াত তেওঁ সকলো ধৰণৰ পদকৰ পৰা বঞ্চিত হৈছে৷ মঙলবাৰে ভিনেশ ফগটে প্ৰথম মেচত টকিঅ’ অলিম্পিকৰ সোণৰ পদকবিজয়ী জাপানৰ ইউ ছুছাকিক, কোৱাৰ্টাৰ ফাইনেলত ইউক্ৰেইনৰ ওকছানা লিভাচক আৰু ছেমি ফাইনেলত কিউবাৰ গুজমান লোপেজক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছিল৷ ভিনেশ ফগটে অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে দেশজুৰি আনন্দৰ লহৰ বৈ গৈছিল৷ কিয়নো ভিনেশেই আছিল অলিম্পিকৰ মল্লযুদ্ধৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয় মহিলা ৰেষ্টলাৰ৷


তদুপৰি বিজেপি সাংসদ তথা ৰেষ্টলিং ফেডাৰেশ্বনৰ সভাপতি ব্ৰীজভূষণ চৰণ সিঙৰ মহিলা মল্লযোদ্ধাক কৰা যৌন নিৰ্যাতনৰ প্ৰতিবাদকাৰী হিচাপে ভিনেশ দেশৰ পৰিচিত মুখ হৈ পৰিছিল৷ সেয়ে বিজেপিবিৰোধী আৰু মোদী চৰকাৰৰ সমালোচকে ফগটৰ ছেমিফাইনেলৰ বিজয়ত অধিক আনন্দ প্ৰকাশ কৰি সেই বিজয়ক মহিমামণ্ডিত কৰাৰ লগতে মোদী চৰকাৰক ধিক্কাৰো দিছিল৷ অৱশ্যে চলিত অলিম্পিক শেষ পৰ্যায়ত উপনীত হোৱাৰ সময়তো ভাৰত মুঠেই ৩টা ব্ৰঞ্জৰ পদকতে ক্ষান্ত থকাত ভিনেশৰ জৰিয়তে স্বৰ্ণ কিম্বা ৰূপৰ পদকৰ সম্ভাৱনা দেখি দেশবাসীয়ে পৰিষ্কাৰ ক্ৰীড়া-আনন্দও প্ৰকাশ কৰিছিল৷কিন্তু বুধবাৰে পুৱা হঠাতে ভিনেশ ফগটক পেৰিছ অলিম্পিকত অযোগ্য ঘোষণা কৰা বুলি খবৰ প্ৰকাশ হোৱাত সমগ্ৰ দেশেই শোকস্তব্ধ হৈ পৰে৷ কিয় এনে হ’ল– সেই প্ৰশ্নৰ উত্তৰ বিচাৰি হাহাকাৰ সৃষ্টি হয় দেশবাসীৰ মাজত৷ স্বপ্নভংগ বেদনাত হতবাক হৈ পৰে সাধাৰণ জনতাৰ পৰা দেশৰ সংসদ৷ ভাৰতীয় অলিম্পিক সংস্থাই এই দুখৰ খবৰ জনাই কয় যে ফাইনেলৰ পূৰ্বে মঙলবাৰে সন্ধিয়া ভিনেশ ফগটৰ শৰীৰৰ ওজন জোখাৰ সময়ত তেওঁৰ ওজন নিৰ্দিষ্ট শাখাৰ ওজনতকৈ ৰ কেজি বেছি হয়৷ উল্লেখ্য, ফগটে পূৰ্বে ৫৩ কেজি শাখাত খেলিলেও এইবাৰ তেওঁ বিভিন্ন জটিলতাৰ বাবে ৫০ কেজি শাখাত খেলিবলগীয়া হৈছিল৷ খেলৰ নিয়ম অনুসৰি মেচৰ আগদিনা সন্ধিয়া সকলো প্ৰতিযোগীৰ শৰীৰৰ ওজন জোখা হয়৷ ফগটে প্ৰথম ৩ খন মেচ মঙলবাৰে খেলিছিল আৰু সোমবাৰে সন্ধিয়া কৰা ওজনত তেওঁৰ শৰীৰৰ ওজন ৫০ কেজিয়েই আছিল৷

কিন্তু বুধবাৰৰ মেচৰ বাবে মঙলবাৰে কৰা ওজনত তেওঁৰ শৰীৰৰ ওজন ১ কেজি বাঢ়ি যায়৷ তেতিয়াও তেওঁ ওজন হ্ৰাসৰ বাবে মাজত নিশাটো পাইছিল৷ সমগ্ৰ নিশা ভিনেশ ফগটে উজাগৰে থাকি স্কিপিং মাৰি, চাইক্লিং কৰি শৰীৰৰ অতিৰিক্ত পানী ঘাম হিচাপে উলিয়াই ওজন কমোৱাৰ চেষ্টা কৰে৷ মঙলবাৰে নিশা সম্পূৰ্ণ অনাহাৰে থাকে ফগট৷ তেওঁ এটোপা পানীও খোৱা নাছিল৷ তথাপি ওজন ৫০ কেজিৰ তললৈ নহাত তেওঁ চুলিকোছা ছুটিকৈ কাটি পেলায় আৰু শৰীৰৰ পৰা কৃত্ৰিম উপায়েৰে ৰক্ত বাহিৰ কৰে৷ পুৱা হাত-ভৰিৰ নখ ছুটি কৰি, তেনেই সংক্ষিপ্ত পোছাক পৰিধান কৰি পুনৰ ওজন লোৱাত ফগটৰ শৰীৰৰ ওজন ১০০ গ্ৰাম অধিক হয়৷ ফলত লগে লগে তেওঁক অযোগ্য ঘোষণা কৰা হয়৷ ইয়াৰ লগে লগে মানসিক আঘাত আৰু জলশুষ্কতাত ভোগা ভিনেশ ফগট অচেতন হৈ পৰি যায় আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি টি ঊষাই ততালিকে গেম্‌ছ ভিলেজলৈ গৈ ঘটনাৰ খবৰ লয় আৰু ভাৰতৰ হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ মোদীয়েও পি টি ঊষাক ফগটৰ অযোগ্য ঘোষণা প্ৰত্যাহাৰৰ বাবে কৰিব পৰা সকলো প্ৰচেষ্টা ল’বলৈ নিৰ্দেশ দিয়ে৷ পিছে ভাৰতৰ প্ৰতিবাদ অলিম্পিক কমিটীৰ ওচৰত নৰজিল৷ তেওঁলোক নিজৰ সিদ্ধান্তত অটল থাকে৷ পাছত বিশ্ব ৰেষ্টলিং ফেডাৰেশ্বনৰ অধ্যক্ষ নেনাদ লালোভিচে কয়– নিয়ম সকলোৰে বাবে একে৷ ভিনেশৰ ওজন সকলো প্ৰতিযোগীৰ সন্মুখত লোৱা হৈছে, প্ৰত্যেকেই দেখি আছে৷ সেই পৰিসংখ্যা সলনি কৰিব নোৱাৰি৷ আনহাতে, অযোগ্য ঘোষিত খেলুৱৈক পূৰ্বৰ ফলাফলৰ ওপৰত ভিত্তি কৰি পদক দিয়াৰ ব্যৱস্থা অলিম্পিকত নাই৷ ইপিনে ভাৰতীয় বক্সিং ফেডাৰেশ্বনে এই হৃদয়বিদাৰক ঘটনাৰ বাবে ভিনেশ ফগটৰ ব্যক্তিগত প্ৰশিক্ষক, ফিজিঅ’ আৰু পুষ্টিবিদক দোষাৰোপ কৰিছে৷ ওজন সীমাৱদ্ধ ৰখাৰ ক্ষেত্ৰত ভিনেশ ফগটৰো দায়িত্ব থকা বুলি মন্তব্য কৰিছে৷ শত চেষ্টা অথলে যোৱাৰ পাছত এতিয়া ভিনেশ ফগত পেৰিছ অলিম্পিকৰ পৰা খালীহাতেই উভতিব লাগিব৷