Logo
image

পিয়ন-চকীদাৰ হৈছেগৈ মেজৰসহ স্নাতক ডিগ্ৰীধাৰী, স্নাতকোত্তৰো

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক ,৮ আগষ্ট : ৰাজ্যত নিবনুৱাই কাৰ্যত ভয়ংকৰ ৰূপ লৈছে৷ সম্প্ৰতি ৩১ লাখ পঞ্জীয়নভুক্ত শিক্ষিত নিবনুৱাই চাকৰিৰ বাবে হাহাকাৰ কৰাৰ সময়তে উন্মোচন হৈছে ৰাজ্যৰ নিবনুৱা সমস্যাৰ বাস্তৱ ৰূপ৷ এটা চৰকাৰী চাকৰিৰ বাবে শিক্ষিত নিবনুৱাই হাবাথুৰি খোৱাৰ সময়তে চতুৰ্থ বৰ্গৰ পিয়ন-চকীদাৰৰ পদত স্নাতক-স্নাতকোত্তৰ ডিগ্ৰীধাৰী মেধাৱী যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে এক লাখ নিযুক্তিৰ ঢাক-ঢোল বজাই আহিছে যদিও পিয়ন-চকীদাৰৰ পদত পিয়ন-চকীদাৰ হৈছেগৈ উচ্ছ শিক্ষিত প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰা বিষয়টোৱে অসমৰ নিবনুৱা সমস্যাৰ যেন বাস্তৱ ছবিখনকেই উদঙাই দিলে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিগত বৰ্ষত নিযুক্তি প্ৰদান কৰা চতুৰ্থ বৰ্গৰ ১৪ টা পদত স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীৰ লগতে বিজ্ঞান স্নাতকোত্তৰ ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে বাছনি লাভ কৰা কাৰ্যত সচেতন মহলক চিন্তিত কৰি তুলিছে৷ চতুৰ্থ বৰ্গৰ ১৪ টা পদৰ ভিতৰত ১১ টা পদতে উচ্ছ ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে৷ বিভাগীয় তথ্যত বাছনিকৃত এজন প্ৰাৰ্থীৰ সৰ্বোচ্ছ শিক্ষাগত অৰ্হতা বিজ্ঞান স্নাতকোত্তৰ ডিগ্ৰী বুলি প্ৰকাশ কৰিছে৷


তদুপৰি প্ৰাৰ্থীগৰাকীৰ আছে কম্পিউটাৰ শিক্ষাৰো ডিপ্লমা৷ একেদৰে পিয়ন-চকীদাৰ পদত নিযুক্তি লাভ কৰা ৬জন প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্নাতক উত্তীৰ্ণ, দুজন কলা স্নাতক উত্তীৰ্ণ, এজনকৈ বাণিজ্য স্নাতক আৰু উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ৷ অৰ্থাৎ ১৪ টা পদৰ ১১ টা পদতেই উচ্ছ শিক্ষিত প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে৷ নিশ্চয়কৈ এইসকল উচ্ছ শিক্ষিত প্ৰাৰ্থীৰ তৃতীয় বৰ্গ বা গেজেটেড পদৰ চাকৰিৰ বাবে শৈক্ষিক অৰ্হতা আছে যদিও চাকৰিৰ মহঙা বজাৰৰ বাবেই উচ্ছ শিক্ষিত হৈয়ো চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পিয়ন-চকীদাৰৰ পদত কৰ্মৰত হ’বলগীয়া হৈছে৷ এয়া মাত্ৰ উদাহৰণহে যদিও ৰাজ্য চৰকৰাৰে ১ লাখ নিযুক্তিৰ তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ অধিকাংশতে উচ্ছ শিক্ষিত প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰা দেখা গৈছে৷ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ পদত প্ৰথম শ্ৰেণীত অভিযান্ত্ৰিক উত্তীৰ্ণ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে৷ আনকি এক লাখ নিযুক্তিৰ গাড়ী চালকৰ পদতো বাছনি লাভ কৰা ৩০ শতাংশ প্ৰাৰ্থীয়েই উচ্ছ শিক্ষিত বুলি খোদ চৰকাৰী গাড়ী চালক সন্থাৰ নেতৃত্বই জানিবলৈ দিছে৷ লক্ষণীয়ভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চতুৰ্থ বৰ্গৰ ১৪ টা পদৰ শেহতীয়া নিযুক্তিক লৈয়ো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷


কিয়নো নিয়ম চতুৰ্থ বৰ্গৰ পদৰ ন্যূনতম শৈক্ষিক অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ আৰু সৰ্বোচ্ছ শিক্ষাগত অৰ্হতা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগে৷ কিন্তু চিকিৎসা মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ পদত চৰকাৰী নিয়োগ বিধি উলংঘনেৰে উচ্ছ শিক্ষিত প্ৰাৰ্থীকো আবেদনৰ সুযোগ প্ৰদান কৰিছিল স্বাস্থ্য বিভাগে৷ স্বাস্থ্য বিভাগৰ এই নীতিবিৰুদ্ধ কাৰ্যৰ বাবেই চতুৰ্থ বৰ্গৰ পদত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে বাছনি লাভ কৰিছিল৷ লক্ষণীয়ভাৱে স্বাস্থ্য বিভাগৰ উক্ত নিযুক্তি প্ৰক্ৰিয়াত৷ ইতিপূৰ্বে কেলেংকাৰিৰো অভিযোগ তুলিছিল অসম জাতীয় পৰিষদে৷ সেই অভিযোগ অনুসৰি স্বাস্থ্য বিভাগৰ তৃতীয়-চতুৰ্থ বৰ্গৰ পদত মুখ্যমন্ত্ৰীৰ নিজৰ জালুকবাৰী সমষ্টিৰ ৫০-৫৫ বছৰীয়া বৃদ্ধ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছিল৷ কিন্তু এই কেলেংকাৰিৰ ৰহস্যজনকভাৱে কোনো তদন্ত নকৰিলে ৰাজ্য চৰকাৰে৷ ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে অসমীয়া ল’ৰা-ছোৱালীয়ে নিযুক্তি লাভ কৰা বুলি কৈ ৫০-৫৫ বছৰীয়া প্ৰাৰ্থী বাছনিৰ অনিয়মক ন্যায্যতা প্ৰদান কৰিছিল৷ ইফালে, চৰকাৰে প্ৰায় ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ দিশে আগবঢ়া বুলি প্ৰচাৰ চলাইছে যদিও একেজন প্ৰাৰ্থীয়ে কেইবাটাও পদত নিযুক্তি লাভ কৰা বুলিও অভিযোগ উঠিছে৷ যাৰ বাবে ১ লাখ নিযুক্তিৰ বাছনীকৃত প্ৰাৰ্থীৰ তালিকা ৰাজহুৱা কৰাৰ বাবেও দাবী উত্থাপন হৈছে৷