Logo
image

কৃত্ৰিম বানত গজৰাজৰ বিলৈ

'আমাৰ অসম'ৰ মহানগৰীৰ প্রতিবেদক, ৮ আগষ্টঃ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো অব্যাহত আছে মানুহ আৰু বন্যজন্তুৰ সংঘাত। আৰক্ষী-প্ৰশাসন তথা বন বিভাগৰ দুৰ্বলতাৰ সুযোগ লৈ এচাম অবিবেচকী লোকৰ অবাধ বনধ্বংসৰ ফলত ক্ৰমাৎসংকুচিত হৈ আহিছে বন্য জীৱ-জন্তুৰ খাদ্য-বিচৰণস্থলী। ফলত খাদ্যৰ সন্ধানত প্ৰায়ে বন্য জীৱ-জন্তু জনাঞ্চলত প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰি আহিছে।



ইয়াৰ মাজতে খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা প্ৰায়ে ওলাই অহা এটা বনৰীয়া হাতীয়ে নাৰেংগী সেনা ছাউনীৰ ভিতৰত প্ৰৱেশ কৰি এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়। নেৰানেপেৰা বৰষুণৰ ফলত হঠাৎ নাৰেংগী সেনা ছাউনীৰ ভিতৰত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত বনৰীয়া হাতীটোৰ বিলৈ-বিপত্তিৰ অন্ত নোহোৱা হয়। নৈমিত্তিক ভ্ৰমণলৈ আহি বানত ককবকাই থকা গজৰাজক পিছত সেনা বাহিনীৰ লোকে বন বিভাগৰ লোকৰ সহযোগত পানীৰ পৰা  উদ্ধাৰ কৰি কোনোমতে আমচাং অভয়াৰণ্যৰ  পিনে খেদি পঠিয়াবলৈ সক্ষম হয়।

মন কৰিবলগীয়া কথা যে যোৱা দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত আমছিং যোৰাবাটৰ পৰা অহা পাহাৰৰ পানীয়ে নাৰেংগী সেনা ছাউনীত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। সেনা ছাউনীৰ ভিতৰত ঠায়ে ঠায়ে একাঁঠু পৰ্যন্ত পানী হোৱাত কৰ্তব্যৰত সেনা জোৱানসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। ইফালে, অভাৱনীয় বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেনা ছাউনীৰ ভিতৰলৈ যোৱা পথৰে অহা-যোৱা কৰা সাধৰণ নাগৰিকক সতৰ্ক কৰি দিছে সেনা বাহিনীয়ে।