Logo
image

যুঁজিবলৈ আৰু শক্তি নাই, ভিনেশৰ অৱসৰ ঘোষণা

যুঁজিবলৈ আৰু ‘শক্তি’ নাই বুলি কৈ মল্লযুদ্ধৰ পৰাই চিৰ অৱসৰ ঘোষণা কৰিলে আজন্ম যুঁজাৰু ভিনেশ ফগটে৷ ‘মল্লযুদ্ধ জিকি গ’ল, মই হাৰি গ’লো’– মাতৃক এনেদৰেই সম্বোধি খেলৰ পৰাই বিদায় মাগিলে সতীৰ্থৰ যৌন নিৰ্যাতনৰ বিৰুদ্ধে শক্তিশালী শত্ৰুৰ সৈতে যন্তৰ মন্তৰত প্ৰবল যুদ্ধ কৰা হাৰিয়ানাৰ বীৰাংগনাই৷ পেৰিছ অলিম্পিকৰ ৰেষ্টলিঙৰ মেটতো প্ৰবল যুঁজ দিছিল ভিনেশে৷ কেৰিয়াৰৰ ৪২খন যুঁজৰ এখনতো পৰাস্ত নোহোৱা বিশ্বৰ শীৰ্ষস্থানৰ জাপানৰ প্ৰতিদ্বন্দ্বী য়ুই ছুছাকিক মেটৰ পৰা দাঙি দলিয়াই দিছিল৷ যেন ৰেষ্টলিঙৰ মেচত তেওঁ উজাৰি দিছিল মোদী চৰকাৰৰ বঞ্চনা আৰু ফেডাৰেচনৰ এতিয়াৰ অপসাৰিত অধ্যক্ষ কিন্তু এতিয়াও শক্তিশালী বিজেপিৰ নেতা ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে পুঞ্জীভূত ক্ষোভ৷ উজাৰি দিছিল অমিত শ্বাহৰ দিল্লী আৰক্ষীৰ অত্যাচাৰৰ বিৰুদ্ধে জমা হৈ থকা ক্ষোভ৷ তাৰ উমান পোৱা নাছিল জাপানৰ য়ুই ছুছাকিয়ে৷ অপ্ৰতিহত কেৰিয়াৰত সেয়ে অলিম্পিকত খুঁট লাগোতে বিস্ফোৰিত চকুৰে এবাৰ মেচৰ ফলাফলৰ পইণ্টলৈ আৰু আনবাৰ ভিনেশ ফগটলৈ চাইছিল অপ্ৰতিদ্বন্দ্বী ছুছাকিয়ে ৪২-০ ৰ অভিলেখ ৪৩-১ হোৱাটো বিশ্বাস হোৱা নাছিল ছুছাকিৰ৷ এতিয়া পেৰিছ অলিম্পিকৰ হৃদয়বিদাৰক দশাও বিশ্বাস হোৱা নাই ভিনেশ ফগটৰ৷ কাৰ বাবে থানবান হৈ গ’ল প্ৰতিবাদ আৰু প্ৰতিশোধপূৰণৰ তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ যুঁজখন? কিয়নো এই যুদ্ধৰ জয়েৰেই তেওঁ দিব পাৰিলেহেঁতেন সকলো অন্যায়ৰ উত্তৰ৷

কাৰ চক্ৰান্তত শেষ হ’ল ভিনেশ ফগটৰ প্ৰতিশোধপূৰণৰ স্বপ্ন? স্বপ্নভংগৰ ঘটনাৰ ৪৮ ঘণ্টাৰ পাছতো প্ৰতিক্ৰিয়া শেষ নোহোৱা ফগটৰ হৃদয়বিদাৰক অলিম্পিক অভিযানৰ পাছত তেওঁৰ এই দশাৰ কাৰণক লৈ উঠি আহিছে দুটা ‘থিয়ৰী’৷ এটা তত্ত্ব চক্ৰান্তৰ আৰু আনটো ছাপ’ৰ্ট ষ্টাফৰ ভুলৰ৷ চক্ৰান্তৰ গুৰিও আকৌ ভাৰততে থকা বুলি উঠিছে বিস্ফোৰক অভিযোগ৷ একেসময়তে ফগটৰ ছাপ’ৰ্ট ষ্টাফৰ ষড়যন্ত্ৰৰ আশংকাও নুই কৰা হোৱা নাই৷ কিয়নো, তেওঁলোক প্ৰত্যেকেই ফগটৰ ঘোৰ শত্ৰু ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ আজ্ঞাবাহী কৰ্মকৰ্তা মাথোঁ৷ প্ৰতিযোগিতাখন অলিম্পিক হ’লেও ইয়াৰ এখনো খেল অলিম্পিক কমিটীয়ে পৰিচালনা নকৰে৷ অলিম্পিক কমিটীৰ অধীনত খেলসমূহ পৰিচালনা কৰে বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় ফেডাৰেচনৰ কৰ্মকৰ্তাই৷ প্ৰত্যেক খেলৰে ৰেফাৰী, আম্পায়াৰৰ, স্ক’ৰাৰ, জাজ, জুৰী আনকি ওজন জোখা কাৰিকৰী কৰ্মকৰ্তাও হয় বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় ফেডাৰেচনৰ৷ নিয়মিতভাৱে একেলগে খেল পৰিচালনা কৰি থকাৰ ফলত সকলোৰে মাজত থাকে সু-সম্পৰ্ক৷ ৰাষ্ট্ৰীয় ফেডাৰেচনৰ শীৰ্ষ বিষয়ববীয়াৰ তেনে কৰ্মকৰ্তাৰ ওপৰত থাকে গভীৰ প্ৰভাৱ৷ ইউনাইটেড ৱল্ডৰ্ ৰেষ্টলিঙত ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ যথেষ্ট গুৰুত্ব আৰু প্ৰভাৱ আছে৷ যিদৰে আইচিচিত আছে ভাৰতীয় ক্ৰিকেট বৰ্ডৰ প্ৰভাৱ৷ এনে পৰিপেক্ষিততে ফগটৰ বিৰুদ্ধে দেশৰ ফেডাৰেচনৰ পৰাই চক্ৰান্ত হোৱাৰ সন্দেহ ঘনীভূত হৈছে৷ কিয়নো ফগটৰ সৈতে ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ আছে ভয়ংকৰ শত্ৰুতা৷ ফগট আৰু সতীৰ্থৰ আন্দোলনৰ বাবেই ব্ৰীজভূষণ চৰণ সিঙে এৰিবলগীয়া হৈছিল ফেডাৰেচনৰ ৰাজপাট৷ ৭ বাৰৰ বিজেপি আৰু মুঠ ৮ বাৰৰ সাংসদ ব্ৰীজভূষণ উত্তৰ প্ৰদেশৰ প্ৰভাৱশালী ব্ৰাহ্মণ নেতা৷ তেওঁ জোকাই লোৱাৰ সাহস নাই বিজেপিৰ নেতৃত্বৰ৷ বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে থকা ঘনিষ্ঠতাৰ বাবেই যৌন নিৰ্যাতনৰ প্ৰামাণ্য অভিযোগ সত্ত্বেও গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা পৰিছিল ব্ৰীজভূষণ৷ এতিয়া ফেডাৰেচনৰ ৰাজপাটত ব্ৰীজভূষণৰ বাধ্য ছাত্ৰ সঞ্জয় সিং৷ বিজেপি চৰকাৰৰ লগতে তেওঁলোকৰ এজনেও পাহৰা নাই ফগটৰ আন্দোলন৷ মল্লযোদ্ধাৰ আন্দোলনত উন্মোচিত হৈছিল ব্ৰীজভূষণৰ কলংক আৰু তেওঁৰ সৈতে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ অশুভ সম্পৰ্ক৷ সেয়ে দেশৰ পৰাই ফগটৰ বিৰুদ্ধে ফাইনেলৰ পূৰ্বে ষড়যন্ত্ৰৰ সন্দেহ কৰিছে বহু তাৰকা ক্ৰীড়াবিদে৷ ফগটক চক্ৰান্ত কৰি তেওঁৰ ‘পেট ইভেণ্ট’ ৫৩ কেজি শাখাত ফেডাৰেচনে খেলিবলৈ নিদিয়াৰ কলংক এতিয়া মুকলি অধ্যায়৷ সেয়ে দেশৰ পৰা দিয়া এটা সামান্য নিৰ্দেশত ফগটৰ অলিম্পিক স্বপ্ন থানবান হৈ যোৱাটো অসম্ভৱ নহয়৷

আনহাতে, ছাপৰ্ট ষ্টাফে প্ৰথম তিনিখন মেচৰ ওজনৰ পাছত ফগটক যোগান ধৰা শক্তিবৰ্ধক খাদ্যত নিয়ন্ত্ৰণ নথকা বুলিও ধাৰণা কৰা হৈছে৷ সেয়ে ফাইনেলৰ পূৰ্বে লোৱা দ্বিতীয়বাৰৰ ওজনত তেওঁৰ ওজন বাঢ়ি যাব পাৰে৷ ফগট মূলতঃ ৫৩ কেজি শাখাৰ হোৱাৰ বাবে ওজন কমাই ৰখা কঠিন৷ ইফালে সঠিক পৰিমাণত খাদ্য নাখালে মেচৰ বাবে শক্তি নোপোৱাৰো আশংকা থাকে৷ পূৰ্বে এখন প্ৰতিযোগিতাত এবাৰেই ওজন লোৱাৰ বাবে ‘ৱেই ইন’ৰ পাছত ৰেষ্টলাৰে ইচ্ছামতে খাব পাৰিছিল৷ এইবাৰ প্ৰত্যেক দিনাৰ মেচৰ বাবে ওজন লোৱাত সেই সুবিধা নাথাকিল৷ প্ৰকৃত ৫০ কেজি বা তাৰ অনূৰ্ধ খেলুৱৈৰ বিপৰীতে ৫৩ কেজিৰ ফগটৰ ওজন ধৰি ৰখাত জটিলতা বেছি৷ একেসময়তে কাৰোবাৰ অদৃশ্য নিৰ্দেশত ফগটৰ কোনো ছাপৰ্ট ষ্টাফেও তেওঁৰ খাদ্য প্ৰদানত চক্ৰান্ত কৰাৰ আশংকা নুই কৰা নাই ফগটৰ ঘনিষ্ঠই৷ অৱশ্যে এই সত্য কেতিয়াও প্ৰকাশ পোৱাৰ সম্ভাৱনা নাই৷ এই ষড়যন্ত্ৰৰ সামান্য উমান পাব পাৰে খেলুৱৈজনে৷ কিন্তু প্ৰতিযোগিতাৰ কৰ্মকৰ্তাৰ ওচৰত সকলো কাৰিকৰী দিশত কৰ্মকৰ্তাৰ ইমান ক্ষমতা, তাৰ ওচৰত খেলুৱৈজন সদায় অসহায়৷ তেওঁৰ ক্ষমতা নিজৰ খেলৰ প্ৰদৰ্শনতে থাকে সীমাবদ্ধ৷ একমাত্ৰ ‘কৰ্ট অব স্পৰ্টছ আৰ্বিট্ৰেচন’ আদালতৰ অনুকূল আৰু নিৰপেক্ষ নিৰ্দেশেহে এতিয়া ভিনেশ ফগটক দিব পাৰে ন্যায়৷ বৃহস্পতিবাৰে বিয়লি ৫.৩০ বজাত ফগটৰ ৰূপৰ পদক বিচাৰি কৰা আবেদনৰ শুনানি আৰম্ভ হৈছে ‘স্পৰ্টছ অব আৰ্বিট্ৰেচন’ৰ ক্ৰীড়া আদালতৰ অনলাইনত৷ চিএএছৰ বিচাৰকক্ষত ফগটৰ হৈ ওকালতি কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আইনজীৱী জ’ৱেল মনলুইছ, ইষ্টেল ইভান’ভা, চাৰ্লছ এমছনে৷ অলিম্পিকত অযোগ্য ঘোষণাৰ বিৰুদ্ধে জনোৱা প্ৰত্যাহ৩ানত সফল হ’লে ভিনেশ ফগটক ৰূপৰ পদকৰ যুগ্মবিজয়ী ঘোষিত কৰা হ’ব৷