৭০বিধ ঔষধৰ দাম কমিল
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ আগষ্টঃ নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ পৰা ঔষধলৈকে আকাশলংঘী মূল্যবৃদ্ধিয়ে জনতাক কোঙা কৰি তোলাৰ সময়তে সৰ্বসাধাৰণ ৰাইজৰ বাবে এটা ভাল খবৰ৷ কিয়নো দেশৰ খুচুৰা বজাৰত হ্ৰাস পাব ঔষধৰ মূল্য৷ হৃদৰোগ, মধুমেহ ৰোগ, বিষনাশক ঔষধৰ পৰা এণ্টিবায়’টিকলৈ ৭০ বিধ ঔষধৰ মূল্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইছিং অৰ্থৰিটীয়ে (এন পি পি এ)৷ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেটৰ দুসপ্তাহৰ পাছতেই ৰোগী তথা ৰোগীৰ অভিভাৱকৰ বাবে এই আশাব্যঞ্জক বাৰ্তা দিছে ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কতৃৰ্পক্ষই৷ এন পি পি এৰ শেহতীয়া বৈঠকত মুঠ ৭০ বিধ ঔষধৰ দাম হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
সেই অনুসৰি এই ঔষধ সমূহৰ ভিতৰত আছে এণ্টিবায়’টিক, বিষনাশক, মধুমেহ, উচ্ছ ৰক্তচাপ, জ্বৰ, হৃদৰোগ ইত্যাদি ৰোগৰ মূল্যৱান ঔষধ৷ স্বাভাৱিকতেই ঔষধৰ এই মূল্য হ্ৰাসৰ ঘোষণাই সৰ্ব সাধাৰণ ৰোগী আৰু ৰোগীৰ অভিভাৱকে কিছু হ’লেও সকাহ লাভ কৰিব বুলি আশা কৰা হৈছে৷ এ পি পি এৰ ফালৰ পৰা প্ৰকাশ কৰা অনুসৰি উক্ত ৭০ বিধ ঔষধৰ ভিতৰত ১২ বিধ ঔষধৰ ক্ষেত্ৰত সংশ্লিষ্ট উৎপাদনকাৰী কোম্পানীসমূহে কতৃৰ্পক্ষৰ পৰা মূল্য নিৰ্ধাৰণৰ অনুমোদন অবিহনেই বজাৰত ঔষধসমূহৰ মুকলি বিক্ৰী আৰম্ভ কৰিছিল৷ ফাৰ্মাবিজৰ প্ৰতিবেদন অনুসৰি আন আন ৫৮ বিধ ঔষধৰো খুচুৰা মূল্য শেহতীয়া বৈঠকত নিৰ্ধাৰণ কৰা হয়৷ সেই সমূহ ঔষধৰ ভিতৰত ডাঃ ৰেড্ডী লেব’ৰেটৰী, ইপকা লেব’ৰেটৰী, এলকেম লেব’ৰেটৰী, মেনকাইণ্ড ফাৰ্মা, নেটকো ফাৰ্মা, টৰেণ্ট ফাৰ্মাচিউটিকেল আৰু চান ফাৰ্মাচিউটিকেলৰ উৎপাদিত কেইবাবিদো ঔষধ আছে৷ উল্লেখ্য, বিগত জুন মাহতো এন পি পি এৰ ১২৪ সংখ্যক বৈঠকত ৫৪ বিধ ঔষধৰ দাম হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ সেই সমূহৰ ভিতৰত মাল্টি ভিটামিন, মধুমেহ, হৃদৰোগ আৰু কাণৰ ৰোগৰ ঔষধ অন্তৰ্ভুক্ত আছিল৷ অৱশ্যে ৰাষ্ট্ৰীয় ঔষধৰ মূল্য নিয়ন্ত্ৰক কতৃৰ্পক্ষই বিভিন্ন ৰোগৰ ঔষধৰ দাস হ্ৰাস কৰিলেও অসমত নাছিং হোমত আয়ুষ্মান কাৰ্ডৰ সেৱা সীমিত কৰাত ৰোগী সকল ভয়ংকৰ সমস্যাৰ সন্মনুখীন হোৱা পৰা বুলিও অভিযোগ উঠিছে৷