Logo
image

চকী এৰিব লগা হ’ল মুখ্য ন্যায়াধীশে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ আগষ্ট : সংৰক্ষণ বিৰোধী আন্দোলনে সফলতা লাভ কৰাৰ পাছতেই বাংলাদেশৰ ছাত্ৰ সমাজে আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত বিক্ষোভ৷ প্ৰতিবাদী ছাত্ৰ সমাজে ঢাকা ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰাত অৱশেষত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি ভাৰতত ৰাজনৈতিক আশ্ৰয় ল’বলৈ বাধ্য হৈছিল৷ হাছিনাৰ পদত্যাগৰ পাছতেই অৰ্থনীতিবিদ ড॰ মহম্মদ ইউনুছৰ নেতৃত্বত বৃহস্পতিবাৰে অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পিছ মুহূৰ্ততে এইবাৰ বাংলাদেশৰ উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অ’বাইদুল হাছানৰ পদত্যাগৰ দাবীত শনিবাৰে ঢাকাস্থিত সৰ্বোচ্ছ ন্যায়ালয় ঘেৰাও কৰে ছাত্ৰ সমাজে৷ মুখ্য ন্যায়াধীশগৰাকীক সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ঘনিষ্ঠ বুলি অভিযোগ কৰি পদত্যাগ বিচাৰি শনিবাৰে পুৱাৰে পৰা হাজাৰ হাজাৰ ছাত্ৰই ঘেৰাও কৰে উচ্ছতম ন্যায়ালয়৷ এই প্ৰতিবাদৰ পৰিপ্ৰেক্ষিততেই নীতিগত কাৰণত তাৎক্ষণিকভাৱে ঢাকা উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অ’বাইদুল হাছানে পদত্যাগ কৰিবলৈ বাধ্য হয়৷


শনিবাৰে পুৱাৰ ভাগতে প্ৰতিবাদকাৰীয়ে ন্যায়ালয় ঘেৰাও কৰি প্ৰতিবাদ কৰাৰ পৰিপ্ৰেক্ষিতত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ ফলত আদালতৰ নিৰ্ধাৰিত বৈঠকো বাতিল কৰা হয়৷ প্ৰতিবাদকাৰীসকলে উচ্ছতম ন্যায়ালয় ঘেৰাও কৰি মুখ্য ন্যায়াধীশক পদৰ পৰা পদত্যাগ কৰিবলৈ এঘণ্টাৰ সময় বান্ধি দিছিল৷ আনহাতে, অন্তৱৰ্তীকালীন চৰকাৰৰ আইনী উপদেষ্টা আছিফ নজৰুলে উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অ’বাইদুল হাছানক লৈ বহু বিতৰ্কৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰিছে৷ অভিযোগ কৰা অনুসৰি আইনী উপদেষ্টা আছিফ নজৰুল বহিঃৰাজ্যলৈ যোৱাৰ সময়ত ন্যায়াধীশ অ’বাইদুল হাছান আৱামী লীগৰ নেতাৰ ঘৰত আছিল৷ একে সময়তে অন্তৱৰ্তীকালীন চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ৰ উপদেষ্টা আছিফ মাহমুদেও মুখ্য ন্যায়াধীশজনক বিনাচৰ্তে পদত্যাগ কৰিবলৈ দাবী জনাইছিল৷ পদত্যাগৰ প্ৰাকমুহূৰ্তত উচ্ছতম ন্যায়ালয় কমপ্লেক্সত মুখ্য ন্যায়াধীশ হাছানে সাংবাদিকৰ আগত কয় যে শেহতীয়া পৰিস্থিতিৰ মাজতে দেশখনৰ উচ্ছতম ন্যায়ালয়, উচ্ছ ন্যায়ালয় আৰু নিম্ন আদালতৰ ন্যায়াধীশসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি পদত্যাগৰ সিদ্ধান্ত লৈছোঁ৷ ইফালে, ন্যায়াধীশ অ’বাইদুল হাজানৰ পদত্যাগৰ পাছতেই শনিবাৰে বিয়লিলৈ ৰাষ্ট্ৰপতিয়ে বাংলাদেশ সৰ্বোচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ছৈয়দ ৰেফাত আহমেদক নিযুক্তি প্ৰদান কৰে৷ অৱশ্যে ছাত্ৰ আন্দোলনৰ ফলত উচ্ছতম ন্যায়ালয়ৰ মুঠ ৬জন ন্যায়াধীশে পদত্যাগ কৰে