Logo
image

অসম-অৰুণাচল সীমান্তত বাহৰ পাতিছে আলফাৰ বিশেষ গোটে

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১১ আগষ্ট : স্বাধীনতা দিৱসৰ আগমুহূৰ্তত অসম-অৰুণাচল সীমান্তত বাহৰ পাতিছে আলফাৰ কেডাৰ৷ – এই ভাষ্য অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙৰ৷ এনে পৰিস্থিতিত অসম আৰক্ষী আৰু আছাম ৰাইফলছে স্বাধীনতা দিৱসৰ আগে-পাছে যাতে কোনোধৰণৰ কূটাঘাত সংঘটিত হ’ব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈ পৰিছে৷


উল্লেখ্য, বিগত সময়ৰ দৰে এইবাৰো গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰা হৈছে৷ তাৰবাবে দিনে-নিশাই আৰক্ষীয়ে খেলপথাৰখনত বিশেষ নিৰীক্ষণত ৰাখিছে৷ সম্প্ৰতি স্বাধীনতা দিৱসৰ কুছকাৱাজৰ বাবে আৰক্ষীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অনুশীলন অব্যাহত ৰাখিছে৷ সঞ্চালকপ্ৰধান সিঙে লগতে কয় যে আমাৰ হাতত পৰা তথ্য মতে আলফাৰ এটা গোটে স্বাধীনতা দিৱসক লক্ষ্য কৰিয়ে অসম-অৰুণাচল সীমান্তত বাহৰ পাতি আছে৷ কিন্তু এই গোটটোৱে যাতে কোনোপধ্যে অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী আৰু অসম ৰাইফলছ ২৪ ঘণ্টাই তৎপৰ হৈ আছে৷