Logo
image

যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ বঞ্চিত ঠিকাভিত্তিক কৰ্মচাৰীৰ আন্দোলন ঘোষণা

‘আমাৰ অসম’ৰ লখিমপুৰৰ প্ৰতিনিধি, ১১ আগষ্ট : সুদীৰ্ঘ ২৬ বছৰে ‘যক্ষ্মা ৰোগ’ৰ দৰে মাৰাত্মক সোঁচৰা ব্যাধি নিৰ্মূলকৰণত নিষ্ঠা সহকাৰে কৰ্তব্য পালন কৰি অহা ৰাজ্যৰ পাঁচ শতাধিক ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি আজিপৰ্যন্ত নিয়মীয়া নোহোৱাত জাঙুৰ খাই উঠিছে সদৌ অসম যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ ঠিকাভিত্তিক কৰ্মচাৰী সংস্থা৷ চাকৰি নিয়মীয়াকৰণ, দৰমহা বৃদ্ধি আৰু অন্যান্য কেইবাটাও ন্যায্য দাবীৰ সমৰ্থনত দীৰ্ঘদিনে মুখ্য মন্ত্ৰীক বহুবাৰ স্মাৰক-পত্ৰ প্ৰদান কৰিও কোনো সঁহাৰি নোপোৱাত অৱশেষত ৰাজপথত আন্দোলন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে যক্ষ্মা বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীসকলে৷  ১৫ আগষ্টৰ পাছত কৰ্মবিৰতি, ধৰ্ণা, ধৰ্মঘট আদি কাৰ্যসূচী ৰূপায়ণ কৰি বিভাগীয় কাম-কাজ অচল কৰি দিয়াৰ কথা সংস্থাই জনাইছে৷ উল্লেখ্য,এক অনিয়তাৰ জীৱন যাপন কৰি থকা ৰাজ্যৰ পাঁচ শতাধিক ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ ঠিকা ভিত্তিক কৰ্মচাৰী সন্থাই ইতিমধ্যে ১৭জন সতীৰ্থ কৰ্মচাৰীক চিৰদিনৰ বাবে অকালতে হেৰুৱাইছে৷ মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালক মাত্ৰ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিয়েই ক্ষান্ত আছেঅসম চৰকাৰ৷

তাৎপৰ্যপূৰ্ণ যে ১৯৯৮ চনৰ পৰা অসমত আৰম্ভ হোৱা সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ আঁচনিখন পৰৱৰ্তীকালত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনিলৈ ৰূপান্তৰিত কৰি ২০২৫ চনৰ ভিতৰত যক্ষ্মা নিৰ্মূল ভাৰত গঢ়াৰ সংকল্প লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত দিনে-নিশাই ৰাজ্যত যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ পাঁচ শতাধিক কৰ্মচাৰীক কামত খটুৱাই আছে৷ কিন্তু ২৬ বছৰে কাম কৰি থকা ৰাজ্যখনৰ এই কৰ্মচাৰীসকলক আৰঅ’পি মতে দৰমহা দিয়া হোৱা নাই৷ ইতিমধ্যে উত্তৰ প্ৰদেশ, পশ্চিম বংগ, অৰুণাচল, মণিপুৰ, চিকিম আদি ৰাজ্যৰ এই বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰি দৰমহা বৃদ্ধি কৰিছে সংশ্লিষ্ট ৰাজ্য চৰকাৰে৷ অথচ অসমত নিয়োজিত কৰ্মচাৰীৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে৷ আনকি কৰ্তব্যৰত অৱস্থাত এই বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী এজনৰ মৃত্যু হ’লে মাত্ৰ পাঁচ লাখ টকা মৃতকৰ পৰিয়ালক দি অসম চৰকাৰে দায়িত্ব সামৰিছে৷ ইয়াৰ বাহিৰে অইন চৰকাৰী সা-সুবিধাৰ পৰা এই কৰ্মচাৰীসকলক বঞ্চিত কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷ জানিব পৰা মতে, ঠিকাভিত্তিক হিচাপে নিয়োজিত এই কৰ্মচাৰীসকলৰ চাকৰি তদানীন্তন কংগ্ৰেছ চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিয়মীয়া কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু এইচএলএ ৮৯৪/২০১১ নম্বৰৰ এটা ফাইল সাজু কৰা হৈছিল৷ এই ফাইল জনতা ভৱনৰ টেবুলে টেবুলে ঘূৰি বহুখিনি কাম আগবাঢ়িছিল যদিও তদানীন্তন স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰাৰ লগে লগে ফাইলটো থমকি ৰয়৷ কিন্তু অসমৰ বিজেপি চৰকাৰৰ দুটা কাৰ্যকালত চাকৰি নিয়মীয়াকৰণৰ দাবীত সন্থাই কেইবাবাৰো স্মাৰক-পত্ৰ প্ৰদান কৰাৰ পাছতো কোনো কাণসাৰ নিদিয়াত অৱশেষত আন্দোলনৰ পথ ল’বলৈ বাধ্য হোৱাৰ কথা সন্থাৰ সভাপতি গণেশ দত্ত, কাৰ্যকৰী সভাপতি ৰণজিৎ বৰুৱা আৰু সাধাৰণ সম্পাদক ৰিয়াজ উদ্দিন আহমেদে জনাইছে৷ এক বিপদসংকুল পৰিৱেশত যক্ষ্মা নিৰ্মূলকৰণ আঁচনিত কৰ্মৰত এই কৰ্মচাৰীসকলে চাকৰি নিয়মীয়াকৰণ, দৰমহা বৃদ্ধি, চৰকাৰী প্ৰাপ্য সা-সুবিধা প্ৰদান, কৰ্মচাৰীসকলৰ বিনামূলীয়া চিকিৎসা আঁচনি প্ৰৱৰ্তন, পেঞ্চন আঁচনি প্ৰৱৰ্তন, ৰাজ্য চৰকাৰৰ সমহাৰত দৈনিক ভাত্তা প্ৰদান কৰা, যক্ষ্মা বিভাগত কৰ্মৰত লেব’ৰেটৰী টেকনিচিয়ানসকলক ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ লেব’ৰেটৰী টেকনিচিয়ানৰ সম হাৰত দৰমহা প্ৰদান কৰা, ট্ৰাইবেল বেল্টৰ জিলা কেইখনত কৰ্মৰত কৰ্মচাৰীক অতিৰিক্ত এহাজাৰ টকাকৈ প্ৰদান কৰা আদি দাবীৰ সমৰ্থনত এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব সংস্থাই৷