Logo
image

আদানিক লৈ পুনৰ অস্বস্তিত মোদী চৰকাৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ আগষ্টঃ উদক ভেটাৰখীয়া নে সৰিয়হৰ ডুলিত ভূত? মাৰ্কিন ‘শ্বৰ্ট ছেলিং’ সংস্থা হিণ্ডেনবাৰ্গে এইবাৰ ছেবিৰ অধ্যক্ষ মাধৱী পুৰীয়ে গুজৰাটী উদ্যোগপতি গৌতম আদানিৰ বিদেশত থকা কোম্পানীত ধন বিনিয়োগ কৰাৰ বাবেই আদানিৰ বিৰুদ্ধে কৰা তদন্তত আদানি গ্ৰুপক নিৰপৰাধ প্ৰতিপন্ন কৰা বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে৷ সেই দিশৰ পৰা মোদী চৰকাৰে আদানিৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে যিটো সংস্থাৰ মুৰব্বী ব্যৱহাৰ কৰিছিল, মোদী চৰকাৰৰ সেই পদক্ষেপ উদক ভেটাৰখীয়া পতাৰ দৰেই হৈছে৷ দেশৰ বিৰোধী দলে যোৱা বছৰৰ ফেব্ৰুৱাৰীত হিণ্ডেনবাৰ্গৰ বিস্ফোৰক প্ৰতিবেদনৰ তদন্তৰ বাবে যুটীয়া সংসদীয় কমিটী গঠন কৰিবলৈ প্ৰবল দাবী জনাইছিল৷ কিন্তু মোদী চৰকাৰে সেই দাবী খাৰিজ কৰি ভাৰতৰ শ্বেয়াৰ বজাৰৰ নিয়ন্ত্ৰক ‘ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড’ অৰ্থাৎ ছেবিৰ মুৰব্বী মাধৱী পুৰী বুচক দায়িত্ব দিছিল৷ এতিয়া সেই তদন্তকাৰী মাধৱী পুৰীয়েই আদানিৰ সংস্থাত ধন বিনিয়োগ কৰি মুনাফা লাভ কৰা বুলি অভিযোগ উঠাত সৰিয়হৰ ডুলিতে ভূত থকাৰ দৰেও হৈছে৷ স্বাভাৱিকতে এই অভিযোগে ‘ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড’ অৰ্থাৎ ছেবিৰ মুৰব্বী মাধৱী পুৰীৰ স্বাৰ্থৰ সংঘাত মুকলি কৰি দিছে৷ এই অভিযোগৰ ফলত পুনৰ চৰম অস্বস্তিত পৰিছে মোদী চৰকাৰ৷ নতুন অভিযোগে এইবাৰ দুৰ্বল চৰকাৰখনৰ গুৰুতৰ ক্ষতি কৰাৰ আশংকা আছে৷ 



আগদিনা ছ’চিয়েল মিডিয়াত ঘোষণা কৰি পিছদিনা মাৰ্কিন ‘শ্বৰ্ট ছেলিং’ সংস্থা হিণ্ডেনবাৰ্গে প্ৰকাশ কৰা এইবাৰৰ বোমাটো পোনপটীয়াকৈ উদ্যোগপতি গৌতম আদানিৰ গাত নালাগিলেও স্বাভাৱিকতে তেওঁৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা হিণ্ডেনবাৰ্গৰ নতুন অভিযোগ– ভাৰতৰ শ্বেয়াৰ বজাৰৰ নিয়ন্ত্ৰক ‘ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড’ অৰ্থাৎ ছেবিৰ মুৰব্বী মাধৱী পুৰী বুচ আৰু তেওঁৰ স্বামী ধৱল বুচৰ বিৰুদ্ধে৷ হিণ্ডেনবাৰ্গ ৰিছাৰ্চে তেওঁলোকৰ এই বিস্ফোৰক প্ৰতিবেদনত জনোৱা অনুসৰি আদানি গোষ্ঠীৰ বিৰুদ্ধে যোৱা বছৰৰ ফেব্ৰুৱাৰীত তেওঁলোকে উত্থাপন কৰা অভিযোগৰ তদন্ত ছেবিয়ে সঠিকভাৱে নকৰাৰ গভীৰ ৰহস্য আছে৷ কিয়নো ছেবিৰ মুৰব্বী মাধৱী পুৰীৰ স্বাৰ্থ সেইক্ষেত্ৰত জড়িত আছিল৷ হিণ্ডেনবাৰ্গৰ শনিবাৰৰ মাজনিশাৰ প্ৰতিবেদন অনুসৰি বিদেশত থকা আদানিৰ দুটা সংস্থাত বিনিয়োগ কৰিছিল মাধৱী পুৰীয়ে৷ অৰ্থাৎ তেওঁ আদানি গোষ্ঠীৰ ব্যৱসায়ৰ লাভালাভৰ অংশীদাৰ আছিল৷ সেয়ে ছেবিয়ে আদানিৰ বিৰুদ্ধে উঠা তদন্তৰ ক্ষেত্ৰত অধিক তথ্যই গোপন কৰি ৰাখিছিল৷ হিণ্ডেনবাৰ্গৰ তথ্যমতে গৌতম আদানিৰ ভ্ৰাতৃ বিনোদ আদানি বিদেশী সংস্থাৰ অংশীদাৰ আছিল মাধৱী পুৰী৷ মাধৱী পুৰীয়ে ২০১৫ চনত ছেবিত যোগ দিয়ে আৰু ২০১৭ চনত  তেওঁক মোদী চৰকাৰে ছেবিৰ মুৰব্বী হিচাপে নিযুক্তি দিয়ে৷ তাৰ ঠিক আগে আগে ভৱিষ্যতৰ সুৰক্ষাৰ কথা ভাবি মাধৱী পুৰীয়ে আদানিৰ সংস্থাত থকা সকলো বিদেশী বিনিয়োগৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰি স্বামীৰ নাম অন্তৰ্ভুক্ত কৰে৷ হিণ্ডেনবাৰ্গৰ দাবী,  মাধৱী আৰু ধবল দুয়ো বাৰ্মুডা আৰু মৰিছাছত থকা আদানি গ্ৰুপৰ বিদেশী সংস্থাত বিনিয়োগ কৰিছিল৷ সেই ধন আওপকীয়াকৈ আদানিৰ সংস্থালৈ গৈছিল৷ ২০১৭ চনত মাধৱী পুৰীয়ে ছেবিৰ মুৰব্বীৰ দায়িত্ব লোৱাৰ পাছৰ বছৰত স্বামীৰ নামত ব্যক্তিগত ই-মেইল ব্যৱহাৰ কৰি আদানিৰ বিদেশী সংস্থাত থকা অংশীদাৰিত্ব ভঙাই টকা বা ডলাৰলৈ পৰিৱৰ্তন কৰে৷ সেই উপায়েৰে মাধৱী পুৰী আৰু তেওঁৰ স্বামীয়ে বিশাল পৰিমাণৰ অৰ্থ সংগ্ৰহ কৰে৷ যিহেতু গৌতম আদানিৰ অনুগ্ৰহৰ ফলতে তেওঁলোকে হিচাপ বহিৰ্ভূতভাৱে দেশত আয়কৰ প্ৰদান নকৰাকৈ সীমাহীন অৰ্থ উপাৰ্জন কৰিবলৈ সুযোগ পাইছিল, সেয়ে মাধৱী পুৰীয়ে আদানি গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত সঠিকভাৱে কৰা নাছিল৷

শনিবাৰে মাজনিশা হিণ্ডেনবাৰ্গৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ লগে লগে দেশৰ ৰাজনীতি তোলপাৰ হৈ পৰিছে৷ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ, তৃণমূল নেত্ৰী মহুৱা মৈত্ৰ, সুস্মিতা দেৱ, চাকেত গোখলে, শিৱসেনাৰ প্ৰিয়ংকা চতুৰ্বেদী, আপৰ মনীষ ছিছোদিয়াই আদানিৰ বিৰুদ্ধে যোৱাবছৰ ফেব্ৰুৱাৰীত হিণ্ডেনবাৰ্গে উত্থাপন কৰা অভিযোগৰ পুনৰ তদন্ত কৰাৰ আহ৩ান জনাইছে৷ সেই অভিযোগত হিণ্ডেনবাৰ্গে দাবী কৰিছিল যে, আদানি গ্ৰুপে জালিয়াতি কৰি ভাৰতৰ শ্বেয়াৰ বজাৰৰ পৰা কেইবা হাজাৰ কোটি মাৰ্কিন ডলাৰ পৰিমাণৰ ধন হস্তগত কৰিছিল৷ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ লগে লগে বিৰোধী জোঁট ‘ইণ্ডিয়া’ই মোদী চৰকাৰক আক্ৰমণ কৰাৰ বাবে হাতত ডাঙৰ অস্ত্ৰ পাইছে৷ বিৰোধী দলে যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা তদন্ত কৰিবলৈ পুনৰ দাবী জনাইছে৷ তেওঁলোকে ছেবিৰ মুৰব্বীৰ দায়িত্বৰ পৰা অভিযুক্ত মাধৱী পুৰীৰ পদত্যাগো দাবী কৰিছে৷ আনহাতে ছেবিৰ অধ্যক্ষ মাধৱী পুৰী আৰু তেওঁৰ স্বামী ধবল বুচে এটা বিবৃতিত এই সকলো অভিযোগ অস্বীকাৰ কৰিছে৷ তেওঁলোকৰ মতে হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ ভিত্তিহীন৷ তেওঁলোকৰ চৰিত্ৰহনন কৰাই এই প্ৰতিবেদনৰ উদ্দেশ্য৷ তদুপৰি আদানি গ্ৰুপেও হিণ্ডেনবাৰ্গৰ এই প্ৰতিবেদন সম্পূৰ্ণ মিছা বুলি মন্তব্য কৰিছে৷ তেওঁলোকৰ দাবী একেবোৰ প্ৰমাণ নোহোৱা অভিযোগকে বাৰম্বাৰ উত্থাপন কৰি মাৰ্কিন সংস্থাটোৱে আদানি গ্ৰুপৰ ব্যৱসায়িক ক্ষতি কৰাৰ চেষ্টা চলাইছে৷