Logo
image

‘হোৱাইট’ত টকা আহিছে, ৰিণিকিয়ে সম্পত্তি কৰিছে ৰাইজৰ বাবেহে! মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ আগষ্ট : ‘ৰিণিকি ভূঞা শৰ্মাই যি কৰিছে অসমৰ ৰাইজকে দি যাব৷ নিউজ লাইভকো সমবায় কৰা হ’ব, তাৰ কৰ্মচাৰীয়ে ইয়াৰ ভাগ পাব৷ গণেশগুৰিৰ মাটিত সাই বাবাৰ মন্দিৰ হ’ল৷ জু-ৰোডত শিৱবাবাৰ মন্দিৰ হ’ব৷ ৰিজ’ৰ্টো অসমৰ ৰাইজে পাব৷ মোৰ ল’ৰা-ছোৱালীৰ কাৰণে একো নাথাকে৷’–এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰি ড॰ শৰ্মাই কয়–‘বান্দিয়া স্কুলো এসময়ত অসমৰ ৰাইজৰ বাবে আহি যাব৷ ৰিজ’ৰ্টো অসমৰ ৰাইজৰ কাৰণে আহি যাব৷ মোৰ ল’ৰা-ছোৱালীক একো নালাগে, উইলখন পঢ়িলেই গম পাই যাব৷ ৰিণিকি ভূঞাই এটা এটা কৰি যি কৰিছে, সেয়া অসমৰ ৰাইজকে দি থৈ যাব৷ আন চেনেলতকৈ নিউজ লাইভ বেছিকৈ চলে৷ নিউজ লাইভৰ প্ৰফিটো বেচি৷ নিউজ লাইভৰ পৰা উপাৰ্জন হোৱা হোৱাইট টকা কেইটা পানীত পেলাই দিলেহে হ’ব৷ জীয়াই থকালৈকে কিবা এটা কৰি থাকিব লাগিব৷ এই বিলাক অসমৰ ৰাইজৰে সম্পত্তি বুলি ধৰি থৈ দিয়ক৷ আমি বেলেগ ধৰণৰ মানুহ৷ সম্পত্তিকলৈ চিন্তা কৰিব নালাগে৷’ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আজিৰ দিনত নিউজ লাইভৰ প্ৰফিট ইমানেই বেচি যে ইচ্ছা কৰিলে ইউ এছ টি এমৰ দৰে বিশ্ববিদ্যালয়ো স্থাপন কৰিব পাৰে৷ ইউএছটিএমৰ মালিক যদি ৰণিকি ভূঞা হ’লহেঁতেন তেন্তে কংগ্ৰেছে কি ক’লেহেঁতেন বুলিও তেওঁ প্ৰশ্ন কৰে৷ ইফালে মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ পাছতে মুখ্যমন্ত্ৰীক উভতি ধৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়–‘মুখ্যমন্ত্ৰীয়ে পৰিয়ালৰ সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰক৷ ২২ আগষ্টৰ বিধানসভাৰ অধিৱেশনৰ পূৰ্বে সম্পত্তিবোৰ অসমৰ ৰাইজৰ নামত উইল কৰি দিয়ক৷ মুখ্যমন্ত্ৰীৰ মুখৰ কথাত আমি বিশ্বাস কৰিব নোৱাৰো৷ মুখ্যমন্ত্ৰীৰ নিউজ লাইভৰ লগতে আৰু বহুত চেনেল আছে৷ বাতৰি কাকত, আলোচনী আছে৷ সেইবোৰ ৰাজহুৱা হ’ব নে নহ’ব৷ এই আটাইবিলাক সমবায় সমিতিলৈ যাব নে নাযায়৷ কাঞ্চনজুৰি বাগিচা আৰু ৰিজৰ্টেই নহয় আমি তেওঁৰ পৰিয়ালৰ নামত থকা তিনিখন বাগিচাৰ থকা বুলি জানো৷ তিনিচুকীয়াৰ চানমাৰি বাগিচা, সৰুপথাৰৰ ৰাধাকৃষ্ণ বাগিচা, কাঞ্চনজুৰি বাগিচা আৰু কেইবাখনো বাগিচা আছে৷ এইবোৰ ৰাজহুৱা হ’বনে নাই৷ বাণী ৰিজটেই নহয় মেঘালয়, ওড়িশাতো ৰিজৰ্ট বহুত কিবাকিবি আছে, এনেকুৱা শ শ সম্পত্তিৰ তালিকা আমাৰ হাতত আছে৷ সেইবিলাকৰ কি হ’ব৷ মই শুনিছোঁ তেওঁৰ উজান বজাৰ আৰু গুৱাহাটীৰ বিভিন্ন ঠাইত আনকি নিউজ লাইভৰ ওচৰে পাজৰেও বহুত মাটি আছে৷ কাজিৰঙাতো ১১ বিঘাতকৈ অধিক মাটি আছে৷ এই বিলাকো ৰাজহুৱা হ’ব নে নাই৷ সম্পত্তি ৰাজহুৱা হ’ব বুলি কোৱাৰ আগতে মুখ্যমন্ত্ৰী, পত্নী, পুত্ৰ আৰু মাতৃৰ নামত থকা কোম্পানীসমূহৰ তথ্য ৰাজহুৱা কৰক৷’



 আমাৰ চৰকাৰ হ’লে ১০০ দিনৰ ভিতৰতে বাজেয়াপ্ত কৰা হ’ব মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি : ভূপেন বৰা 

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পত্নীৰ অবাধ সম্পত্তি সন্দৰ্ভত উত্থাপিত অভিযোগৰ উত্তৰত এইবোৰ ৰাইজৰে সম্পত্তি বুলি ঘোষণা কৰা কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ এক বিবৃতিত বৰাই কয় যে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ ১০০ দিনৰ ভিতৰত এছআইটি গঠন কৰি আয়তকৈ অধিক সম্পত্তিৰ হিচাপ উলিয়াই বাজেয়াপ্ত কৰা হ’ব আৰু সকলো বাজেয়াপ্ত হোৱা সম্পত্তি বিক্ৰী কৰি পোৱা ধন ৰাজভড়ালত জমা হ’ব৷ পত্নীৰ সম্পত্তি যে কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰে গঠন কৰি দিয়া এছআইটিৰ দ্বাৰা বাজেয়াপ্ত হ’ব সেই কথা মুখ্যমন্ত্ৰীয়ে পূৰ্বানুমান ঠিকেই কৰিছে৷ বৰাই লগতে কয় যে ২০২৬ত অসমৰ ৰাইজে দুৰ্নীতিগ্ৰস্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ওফৰাই কংগ্ৰেছ চৰকাৰ পুনৰ প্ৰতিষ্ঠা কৰিবৰ বাবে ইতিমধ্যে পণ লোৱা বুলি বিজেপিৰ নেতৃত্বই বুজি উঠিছে৷ যাৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতাৰ মাজত হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু দলৰ মাজত বিসম্বাদ বৃদ্ধি পাইছে৷

উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰিছে মুখ্যমন্ত্ৰীয়ে : প্ৰদেশ কংগ্ৰেছ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ : ভ্ৰষ্টাচাৰ আৰু মিথ্যাচাৰৰ মহানায়ক ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু কিছুদিন মুখ্যমন্ত্ৰী হৈ থাকিলে অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰাৰ লগতে অসমৰ অৰ্থনীতি আৰু সকলো সম্পদ বিপদাপন্ন হৈ পৰিব৷ –সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেলত মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এইদৰে কয়৷ অসমৰ শিক্ষা আৰু বনজ সম্পদ ধবংসৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত ষড়যন্ত্ৰ আৰম্ভ হৈছে বুলি অভিযোগ কৰি বৰাই দুয়োটা বিষয়ৰ ওপৰত আলোকপাত কৰিবৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সামাজিক মাধ্যম আৰু গৱেষণা বিভাগৰ সতীৰ্থসকলক আহ৩ান জনায়৷ সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই সংবাদ মেলত কয় যে কাজিৰঙাত চাহ শ্ৰমিকক উচ্ছেদ কৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ আত্মীয় আৰু পুঁজিপতিৰ হাতত অসমৰ বনজ সম্পদ গতাই দিব বিচাৰিছে৷ তেওঁ আৰু কয়,  ‘লগতে কাজিৰঙাত বছৰ বছৰ ধৰি চাহ জনজাতিৰ লোকসকলে খেতি কৰি আহিছে৷ চাহ জনজাতিৰ লোকসকলক উচ্ছেদ কৰি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে সেই কৃষিভূমি পুঁজিপতিক গতাই দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উঠি-পৰি লাগিছে৷ যিসময়ত মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ কথা কয়, খিলঞ্জীয়াৰ কথা কয় সেই সময়তে তেওঁ খিলঞ্জীয়া চাহ জনজাতিৰ লোকসকলৰ কৃষিভূমি দখল কৰি তাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে৷’ ২০২৩ চনৰ জ্জ আগষ্টত মুখ্যমন্ত্ৰীয়ে বিশ্বৰ পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলাৰ বাবে কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰা হ’ব বুলি কৰা মন্তব্য হাস্যকৰ৷ ‘পৰ্যটক আহে বন্যপ্ৰাণী চাবলৈ, কাজিৰঙাৰ সৌন্দৰ্য চাবলৈ, কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য চাবলৈ৷ পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানলৈ ফাইভ ষ্টাৰ হোটেল চাবলৈ অহা দেখিছে নেকি? কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিজৰ পত্নীৰ লাভালাভৰ বাবে, নিজৰ পুঁজিপতি বন্ধুসকলৰ সম্পত্তি বিস্তাৰৰ বাবে চাহ জনজাতিৰ কৃষি ভূমিত হাত দিবলৈকো কুণ্ঠাবোধ কৰা নাই৷ মুখ্যমন্ত্ৰীয়ে ১৫০০ৰো অধিক শ্ৰমিক কৰ্মৰত হৈ থকা হাতীখুলি চাহ বাগিচাৰ জ্জ্ব একৰ মাটি পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বাবে দখল কৰিবলৈ উদ্যত হৈছে৷ বানপানীৰ সময়ত কাৰ্বি আংলঙৰ দিশলৈ হাতী অহা ঠাই পঞ্চতাৰকাযুক্ত হোটেলৰ বাবে দখল কৰি তাত কাঁইটীয়া তাঁৰৰ বেৰ দিয়া বাবে বন্যহস্তীলৈ বিপদ নামি আহিছে৷ উক্ত অঞ্চলৰ চাহ জনজাতিৰ লোকসকলৰ প্ৰায় ১৯ একৰ কৃষিভূমি নিয়ম উলংঘা কৰি দখলৰ চেষ্টা চলাইছে৷ ইক’ছেনছিটিভ জ’নক লৈ উচ্ছতম ন্যায়ালয়ে দিয়া নিৰ্দেশো এইক্ষেত্ৰত উলংঘা কৰা হৈছে৷ সৰ্বোচ্ছ আদালতৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱাই কাজিৰঙাৰ এলিফেণ্ট কৰিড’ৰ অবৈধভাৱে দখল কৰি মুখ্যমন্ত্ৰীৰ পত্নীয়ে কিদৰে ৰিজ’ৰ্ট চলাই আছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে৷

২০২৬ চনত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ’লে ১০০ দিনৰ ভিতৰত এই সমস্ত অনিয়মৰ তদন্ত কৰা হ’ব বুলিও কলিতাই কয়৷ সংবাদমেলত কিদৰে মুখ্যমন্ত্ৰীৰ পত্নী আৰু তেওঁৰ সহযোগী পুঁজিপতিসকলে কাজিৰঙাৰ ইক’ছেনছিটিভ জ’নত অবৈধ ধবংসকাৰ্য চলাই গৈছে তাৰ এটি ভিডিঅ’ ক্লিপো প্ৰদৰ্শন কৰে কংগ্ৰেছ নেতাজনে৷ সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মহছিন খানে কিদৰে চৰকাৰে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ক লৈ বৈষম্যমূলক নীতি গ্ৰহণ কৰিছে সেই সম্পৰ্কে তথ্য দাঙি ধৰে৷ এই ক্ষেত্ৰত চৰকাৰে খনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ মৰা নীতি গ্ৰহণ কৰিছে বুলিও অভিযোগ কৰে কংগ্ৰেছৰ মুখপাত্ৰ খানে৷ ১৪০খনতকৈয়ো অধিক বিদ্যালয় আজিৰ তাৰিখতো কেঁচা ঘৰত আৰু ৫১১খন বিদ্যালয় বিজুলী সংযোগ নোহোৱাকৈ চলি আছে সেই ব্যৱস্থাৰ উন্নয়ন সাধন নকৰাকৈ মুখ্যমন্ত্ৰীয়ে দুখীয়া ল’ৰা-ছোৱালীবোৰে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িব নালাগে বুলি কৈ সপ্তম শ্ৰেণীলৈকে গণিত আৰু বিজ্ঞানৰ পাঠদান ইংৰাজী মাধ্যমত কৰাৰ কথা কৈছিল৷ এই কথা কোৱা চৰকাৰখনে ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ বাবে এক নিৰ্দেশনা জাৰি কৰি অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২৫ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল৷ কিন্তু দুখীয়া ছাত্ৰ-ছাত্ৰীয়েও ইংৰাজী মাধ্যমত পঢ়াৰ হৈ ওকালতি কৰা একেজন মুখ্যমন্ত্ৰীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২৫ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ যি চৰকাৰী নিৰ্দেশ দিছিল সেই নিৰ্দেশৰ আওতাৰ পৰা ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহক বাদ দিয়ে৷ চৰকাৰে কিয় এই নিৰ্দেশনাত ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহক অন্তৰ্ভুক্ত নকৰিলে বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ নেতাজনে৷ স্বাৰ্থজড়িত এনে বৈষম্যমূলক নীতিয়ে অসমৰ শিক্ষা ব্যৱস্থাক লৈ চৰকাৰখনৰ মনোভাৱ স্পষ্ট কৰি তুলিছে বুলিও তেওঁ মন্তব্য কৰে৷

 ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে নামে-বেনামে মাটি কিনিছে বিজেপিৰ মন্ত্ৰী-বিধায়কে : অখিল

‘আমাৰ অসম’ৰ ৰঙিয়াৰ বিশেষ প্ৰতিবেদক : অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ৰঙিয়াত এখন সংবাদ মেল সম্বোধন কৰি নেতাজনে অভিযোগ কৰে যে বাইহাটা চাৰিআলিৰপৰা বঙাইগাঁৱলৈ যোৱা ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষৰ খেতিপথাৰৰ মাটি বহিৰাগত লোকৰ লগতে বিজেপি দলৰ মন্ত্ৰী, বিধায়ক, সাংসদ আৰু ৰাজনীতিকে নামে-বেনামে ক্ৰয় কৰিছে৷ পূৰ্বৰেপৰা অঞ্চলসমূহত বাস কৰি থকা ভূমিপুত্ৰৰপৰা যিয়ে যেনেকৈ পাৰে মাটি ক্ৰয় কৰাৰ ফলত হয়তো কিছুদিন পাছত পথাৰৰ মাটি এডৰাও বাকী নাথাকিব৷ ইফালে আগন্তুক নিৰ্বাচন সম্পৰ্কেও নিজৰ স্থিতি স্পষ্ট কৰি বিধায়কজনে কয় যে পঞ্চায়ত নিৰ্বাচন, উপ-নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰ ষোল্লটা দলে একগোট হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগে৷ তেওঁ লগতে কয় যে যদিহে বিৰোধীৰ মাজত বিভেদ আহে তেতিয়াহ’লে বিজেপি লাভান্বিত হ’ব৷ আৰু তেতিয়া ২০২৬চনত বিধানসভা নিৰ্বাচনত বিজেপিক উৎখাৎ কৰিবপৰা নাযাব৷ সেয়েহে প্ৰতিটো নিৰ্বাচনত বিৰোধী একগোট হৈ থকাটো জৰুৰী৷ লগতে বাংলাদেশৰপৰা অসমলৈ যাতে এজনো লোক আহিব নোৱাৰে তাৰ বাবে চৰকাৰে যথোপযুক্ত ব্যৱস্থা ল’ব লাগে৷

‘কাজিৰঙাত পঞ্চতাৰকা হোটেলৰ বিৰুদ্ধে প্ৰতিবাদ চলিব’

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক : হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে দীৰ্ঘদিনৰ পৰা খিলঞ্জীয়া ৰাইজৰ ভূমি সুৰক্ষা কৰি ভূমিহীন ৰাইজক মাটিৰ পট্টা দিয়াৰ কথা কৈ আহিছে৷ কিন্তু বাস্তৱত অসমৰ ৰাইজে এখন সম্পূৰ্ণ বিপৰীত ছবিহে দেখিবলৈ পাইছে৷ এইখন চৰকাৰে অসমৰ বিভিন্ন ঠাইত দখলীকৃত ভূমিৰ পৰা খিলঞ্জীয়া ৰাইজক উচ্ছেদ কৰি চৰকাৰী মন্ত্ৰী-বিধায়ক, বণিয়া গোষ্ঠীক এইবোৰ ভূমি গতাই দিছে৷ এই অভিযোগ কৰিছে বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিয়ে৷ গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে আয়োজিত এক সংবাদ মেলত ভাগ লৈ সমিতিৰ মুখ্য আহ৩ায়ক প্ৰণৱ দলেয়ে এই অভিযোগ কৰি কয় কয় কাজিৰঙাৰ ইংলে পথাৰৰ ৬০ বিঘা মাটিত  পঞ্চতাৰকা হোটেল নিৰ্মাণৰ নামত কাজিৰঙাত যুগ যুগ ধৰি বাস কৰি অহা থলুৱা লোক সকলক উচ্ছেদ কৰিব খোজা হৈছে৷  মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মৰ্মে ‘হায়াত’ নামৰ বিদেশী ব্যক্তিগত কোম্পানীক পঞ্চতাৰকা হোটেল খুলিবৰ বাবে চুক্তিবদ্ধ কৰিছে৷ যোৱা মে’ মাহৰ পৰা পুলিচ বেটেলিয়ন লগাই এই মাটিৰ ওপৰত কাঁটা-তাৰ মাৰি কৃষক পৰিয়ালৰ ওপৰত নানান হাৰাশাস্তি কৰি আহিছে৷  আমি এতিয়া হায়াত’ নামৰ কোম্পানীৰ লগত যোগাযোগ কৰি গম পাইছো যে  কাজিৰঙাত হায়াতৰ কোনো প্ৰকল্প নাই৷ যোৱা জ্জ আগষ্টৰ সন্ধিয়া বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ কৰ্মী মনোহৰ পেগু আৰু ঋতুপৰ্ণ পেগুৱে ৰঙাজানৰ মনোজ গোৱালাৰ ঘৰত এটি ভূমি অধিকাৰৰ আলোচনাত মিলিত হৈছিল৷ ইংলে পথাৰৰ গ্ৰাণ্ট হায়াত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ উক্ত স্থানত উপস্থিত আছিল৷ তেনে অৱস্থাতে হঠাৎ একাংশ লোকে মনোজ গোৱলাৰ ঘৰত আক্ৰমণ কৰে৷ এইবোৰ চক্ৰান্ত চলি থাকিলেও আমাৰ স্পষ্ট কথা কাজিৰঙাৰ বুকুত অবৈধভাৱে নিৰ্মাণ কৰিব খোজা পঞ্চতাৰকা হোটেলৰ বিৰুদ্ধে গোটেই অসমজুৰি জনমত গঠন হোৱাত চৰকাৰ হতাশ হৈছে আৰু অৱশেষত ভয়, ভাবুকি, হত্যাৰ প্ৰচেষ্টা হাতত লৈছে৷ কিন্তু আমি ইয়াক কেতিয়াও সফল হ’বলৈ নিদিওঁ৷ প্ৰাণ যাব, প্ৰতিবাদ অব্যাহত থাকিব৷  আমাৰ স্পষ্ট দাবী- যোৱা ৭ আগষ্টৰ এই ভয়ানক ঘটনাৰ লগত জড়িত প্ৰত্যেকজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰক আৰু এক ব্লতন্ত্ৰ ন্যায়িক তদন্তৰ ব্যৱস্থা কৰক৷ আনহাতে সংবাদ মেলত সমিতিৰ কৰ্মকৰ্তা ৰাজীৱ পেগু, মনোহৰ পেগুকে ধৰি সমিতিৰ কেইবাজনো কৰ্মকৰ্তা উপস্থিত আছিল৷