Logo
image

গুৱাহাটীৰ বান নিয়ন্ত্ৰণ মাথোঁ মোৰেই দায়িত্ব নহয়! মন্ত্ৰী সিংঘাল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ আগষ্ট : কৃত্ৰিম বানে শেহতীয়াভাৱে গুৱাহাটী মহানগৰীত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ সীমাহীন দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হৈছে সৰ্বসাধাৰণ লোক৷ বানে ৰাইজৰ স্বাভাৱিক জীৱন যাত্ৰা দুৰ্বিসহ কৰি তোলাৰ পাছতো ৰজাঘৰ এইক্ষেত্ৰত যেন সম্পূৰ্ণ উদাসীন৷ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শাসনাধিষ্ঠ দলৰ মন্ত্ৰী-বিধায়কে বান সন্দৰ্ভত আগবঢ়াইছে নানা অদ্ভুত যুক্তি৷ কলা পানী আৰু ৰঙাপানীৰ এক নতুন ফৰ্মূলা উদ্ভাৱন কৰি গুৱাহাটীৰ ৰাইজৰ তীব্ৰ ক্ষোভৰ সন্মুখীন হোৱা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী তথা ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘালে এইবাৰ নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ গৈ লোকনিৰ্মাণ আদি বিভাগৰ ওপৰত গুৱাহাটীৰ কৃত্ৰিম বানৰ দোষ জাপি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে৷ অযোগ্য বুলি বিবেচিত হ’লে তেওঁক মন্ত্ৰীসভাৰ পৰা অপসাৰিত কৰিবলৈ অশোক সিংঘালে মত প্ৰকাশ কৰে৷ সংবাদ মাধ্যমৰ আগত নিজৰ সমৰ্থনত নানা অদ্ভূত যুক্তি দাঙি ধৰি গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীজনে কয়– ইমান দিনে বৰষুণ হৈয়ে আছিল৷ বৰষুণ হ’লেও পানী ওলায়ে যায়৷ চাপৰ অঞ্চলবিলাকতহে পানী জমা হয়৷ ৫ আগষ্টত যি বৰষুণ হ’ল, সেই বৰষুণক ধাৰণ কৰাৰ শক্তি  গুৱাহাটীৰ নলা-নৰ্দমাৰ নাই৷ ডেৰ ঘণ্টাৰ ভিতৰত আধাফুট পানী যেতিয়া আকাশৰ পৰা আহে সেই পানীক গুৱাহাটীৰ নলা-নৰ্দমাই ধাৰণ কৰিব নোৱাৰে৷ সেইদিনা সেইটোৱেই হয়৷ মেঘালয়ৰ ৰি-ভোই জিলাৰ পানীও নামি আহিল৷


বৰষুণ হলেই গুৱাহাটীৰ ৰাস্তাত পানী নহয় আজিকালি৷ অধিক বৰষুণ হ’লেই পাহাৰৰ মাটি তলত নামি আহে৷ আমি চাফা কৰো, নলাবোৰ আকৌ বন্ধ হয় পাহাৰৰ মাটি নামি অহাৰ ফলত৷ গুৱাহাটীত ‘মিছন ফ্লাড ফ্ৰিৰ’ দায়িত্ব দুৰ্যোগ প্ৰশমন বিভাগৰ৷ ইয়াৰ দায়িত্বত আছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত৷ নলা বনোৱাৰ কাম লোকনিৰ্মাণ বিভাগে কৰে৷ নলাত শ্বেব লগোৱাৰ কাম লোকনিৰ্মাণ বিভাগে কৰে৷ নলা চাফা কৰাৰ কামো লোকনিৰ্মাণ বিভাগে কৰে৷ লোক নিৰ্মাণ বিভাগে নকৰা নলাৰ চাফা জিএমডিয়ে কৰে৷ জলসম্পদ, লোকনিৰ্মাণ, ৰে’ল বিভাগে নিজৰ নিজৰ ভাগৰ নলা চাফাৰ কাম কৰে৷ বিভাগসমূহৰ মাজত সমন্বয় ৰখাৰ দায়িত্ব জিলা উপায়ুক্তই পালন কৰে৷ সকলো নলা সম্পূৰ্ণকৈ চফা হয় বুলিও মই নকও৷ জলবোৰ্ডে পানীৰ পাইপ পোতাৰ পাছত পথৰ মেৰামতি লোকনিৰ্মাণ বিভাগে কৰে৷ জাপানত যদি ১০০ মহলীয়া অট্টালিকা নিৰ্মাণ হ’ব পাৰে তেন্তে গুৱাহাটীত ২০য২৫ মহলীয়া অট্টালিকা কিয় নিৰ্মাণ হ’ব নোৱাৰে৷ নলাই টানিব নোৱাৰা পানী ৰাস্তাত থাকিব৷ ইয়াক আমি মানি ল’ব লাগিব৷ বাহিনী নৈ এঠাইত গৈ চাৰিফুট হৈ গৈছে৷ কাষতে চাৰিমহলীয়া অট্টালিকা আছে৷ কেনেকৈ নদীখন বহল কৰিম৷ মোক যদি ইমানেই অযোগ্য বুলি ভাবে তেন্তে মোক এৰি দিলেই হ’ল৷ মোৰ আগত বিভাগটোত বেলেগ মন্ত্ৰী নাছিল বা মোৰ পিছত কোনো মন্ত্ৰী নহ’ব তেনে কথা নহয়৷ ইয়াত মন্ত্ৰীৰ কোনো কথা নাই৷ ফ্লাড ফ্ৰী মিছনৰ দায়িত্ব কেৱল জিএমডিএ বা জিএমচিৰ নহয়৷