Logo
image

২০৩৬ত ভাৰত হ’ব ১৫২ কোটিৰ দেশ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ আগষ্ট : অবাঞ্ছিত অভিলেখ ৰচনাৰ দিশে আগবাঢ়িছে ভাৰতবৰ্ষ৷ জনসংখ্যা বিস্ফোৰণৰ চূড়ান্ত শিখৰত ভাৰত৷ সমাগত¸ মাত্ৰ ১২ টা বছৰৰ ভিতৰতে ভাৰতৰ জনসংখ্যাই ১৫২ কোটিৰ ঘৰ অতিক্ৰম কৰিব৷ কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু কৰ্মসূচী ৰূপায়ণমন্ত্ৰণালয়ৰ প্ৰতিবেদনত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে৷ সোমবাৰে পৰিসংখ্যা মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ২০৩৬ চনত ভাৰতৰ মুঠ জনসংখ্যাই ১৫২.২ কোটি অতিক্ৰম কৰাৰ পূূৰ্বাভাস প্ৰকাশ কৰিছে৷ উল্লেখ্য, ২০১১ চনত লোকপিয়লত ভাৰতৰ জনসংখ্যাই চীনক অতিক্ৰম কৰি ১২১ কোটিৰ ঘৰত ভৰি দিছিল৷ এইবাৰ যেন চীনক বহু যোজন পিছ পেলাই ২০৩৬ চনত ভাৰতৰ জনসংখ্যাই ডেৰশ কোটি অতিক্ৰম কৰিব৷ সোমবাৰে কেন্দ্ৰীয় পৰিসংখ্যা আৰু কৰ্মসূচী মন্ত্ৰণালয়ে প্ৰকাশ কৰা ‘অ’মেন এণ্ড মেন ইন ইণ্ডিয়া-২০২৩’ শীৰ্ষক প্ৰতিবেদন অনুসৰি ২০১১ চনত ভাৰতত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা আছিল ৪৮.৫ শতাংশ৷


২০৩৬ চনত সেই সংখ্যা বৃদ্ধি হৈ ৪৮.৮ শতাংশত উপনীত হ’ব৷ অৰ্থাৎ ২০১১ চনত ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ৯৪৩ গৰাকী৷ ২০৩৬ চনত সেই সংখ্যা বৃদ্ধি হৈ ১০০০ পুৰুষৰ বিপৰীতে ৯৫২ গৰাকী মহিলা হ’ব৷ সেইদৰেই ২০৩৬ চনত ১৫ বছৰৰ তলৰ কিশোৰ-কিশোৰী, শিশুৰ মাজৰ লিংগ ভিত্তিক এই পাৰ্থক্য অধিক হ্ৰাস পাব৷ অৱশ্যে বৃদ্ধি পাব ৬০ বছৰৰ উধবৰ্ৰ পুৰুষ-মহিলাৰ ব্যৱধান৷ প্ৰতিবেদনত লগতে উল্লেখ কৰা অনুসৰি ২০১১ চনৰ তুলনাত ২০৩৬ চনত দেশত ১৫ বছৰৰ তলৰ শিশু তথা কিশোৰৰ সংখ্যা হ্ৰাস পাব পাৰে৷ বৰ্তমান ভাৰতীয় মহিলাৰ গড় আয়ুস হৈছে ৭২.জ্জ বছৰ৷ সেই তুলনাত পুৰুষৰ গড় আয়ুস হৈছে ৬৯.চ্ছ্ৰ বছৰ৷ অৰ্থাৎ মহিলাৰ তুলনাত পুৰুষৰ গড় আয়ুস কম৷ ১৯৯০ চনৰ পৰা এই পৰ্যন্ত ভাৰতীয় মহিলাৰ গড় আয়ুস পুৰুষৰ তুলনাত অধিক দেখা গৈছে৷ প্ৰতিবেদনৰ পূৰ্বানুমান অনুসৰি ২০৩৬ চনত পুৰুষৰ গড় আয়ুস ৭১.২ বছৰলৈ বৃদ্ধি পাব৷ পুৰুষৰ সমান্তৰালভাৱে মহিলাৰো গড় আয়ুস ৭৪.জ্জ বছৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে৷ ২০২১ চনত ভাৰতত লোকপিয়ল সম্পন্ন নহ’ল যদিও বৰ্তমান দেশৰ জনসংখ্যা ১৪০ কোটি হ’ব বুলি অনুমান কৰা হৈছে৷ অৱশ্যে ২০২৫ চনত লোকপিয়ল অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে ভাৰত চৰকাৰ৷ নক’লেও হ’ব যে কেন্দ্ৰীয় পৰিসংখ্যা আৰু কৰ্মসূচী ৰূপায়ন মন্ত্ৰণালয়ে ২০৩৬ চনত জনসংখ্যাৰ দিশত ভাৰতে বিশ্বগুৰু হোৱাৰ ইংগিত প্ৰদান কৰিছে৷