Logo
image

প্ৰদূষিত নগৰ

ছুইজাৰলেণ্ডৰ 'Iqair' নামৰ সংস্থাটোৱে অলপতে বিশ্বৰ দেশসমূহক সামৰি এখন প্ৰদূষণ সম্পৰ্কীয় প্ৰতিবেদন প্ৰকাশ কৰিছে৷ ‘ৱ’ল্ডৰ্ এয়াৰ কোৱালিটী ৰিপ’ৰ্ট, ২০২০’ অনুসৰি ভাৰতৰ স্থিতি বৰ উদ্বেগজনক৷ বিশ্বৰ বায়ু প্ৰদূষণত আক্ৰান্ত চহৰসমূহৰ তালিকাৰ প্ৰথম দহখনৰ ভিতৰৰ নখনেই ভাৰতৰ৷ সবাতোকৈ অধিক প্ৰদূষিত নগৰ চীন দেশৰ হ’টানৰ পাছতেই ভাৰতৰ স্থানপ্ৰাপ্ত নগৰবোৰ হৈছে গাজিয়াবাদ, বুলন্দ চহৰ, বিচ্‌ৰাখ, ভিৱান্দী, নয়দা, গ্ৰেটাৰ নয়দা, কাণপুৰ, লক্ষ্ণৌ আৰু দিল্লী৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতেও বিশ্বৰ ৪০খন প্ৰদূষিত নগৰৰ ভিতৰৰ ৩৭খনেই দক্ষিণ-এছিয়াত অৱস্থিত৷ উক্ত প্ৰতিবেদন অনুসৰি বিশ্বৰ ৩০খন প্ৰদূষিত চহৰৰ ২২খনেই হৈছে ভাৰতৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰতিবছৰে বায়ু-প্ৰদূষণজনিত কাৰণত ৭ নিযুত লোকৰ প্ৰাণহানি হয়৷ বিশ্বৰ প্ৰতি ১০জন লোকৰ ৯জনেই বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা স্বীকৃত মানবিশিষ্ট বায়ু সেৱন কৰিবলৈ নাপায়৷ প্ৰদূষণমুক্ত বায়ুৰ দ্বাৰা সৃষ্ট ভিন্ন প্ৰকাৰৰ ৰোগে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনে৷ গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইন্‌ষ্টিটিউটৰ পৰা প্ৰকাশিত এক সমীক্ষা অধ্যয়ন অনুসৰি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত পৰিৱেশ-প্ৰদূষণ কেন্সাৰ ৰোগৰ এক প্ৰধান কাৰণৰূপে চিহ্নিত হৈছে৷ বিশ্ব প্ৰতিবেদন অনুসৰিও প্ৰদূষিত নগৰৰ তালিকাত গুৱাহাটী ৪০সংখ্যক স্থানত অভিষিক্ত হৈছে৷ প্ৰতিবেদনখনত বায়ু-প্ৰদূষণৰ যিবোৰ কাৰণ উল্লেখ কৰা হৈছে, তাৰ ভিতৰত প্ৰধান হৈছে পৰিবহণ ব্যৱস্থাৰ দ্বাৰা সৃষ্ট ধোঁৱা আৰু অন্যান্য অপকাৰী পদাৰ্থ, উদ্যোগসৃষ্ট প্ৰদূষণ, বিদ্যুৎ উৎপাদন, নিৰ্মাণ ইত্যাদি কাৰ্যসৃষ্ট প্ৰদূষণ ইত্যাদি৷ তদুপৰি, বিভিন্ন ক্ষেত্ৰত সৃষ্ট জাবৰ আৰু সেইবোৰৰ বিজ্ঞানসন্মতভাৱে নিষ্কাশন নোহোৱাৰ ফলস্বৰূপেও বায়ু প্ৰদূষিত হৈছে বুলি প্ৰকাশ কৰা হৈছে৷ এতিয়া প্ৰশ্ন হৈছে এয়ে যে এই অতি গুৰুত্বপূৰ্ণ প্ৰতিবেদন বা তথ্যসমূহক লৈ যথাস্থানত সজাগতা সৃষ্টি হৈছেনে? সংশ্লিষ্ট কতৃৰ্পক্ষই এই প্ৰদূষণ প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰিছেনে? বাস্তৱত দেখা যায় যে ৰজা-প্ৰজা, চৰকাৰ-বেচৰকাৰী সংস্থা ইত্যাদি কোনোৱেই এইবোৰ কথাত গুৰুত্ব নিদিয়ে৷ ‘নেচনেল গ্ৰীন ট্ৰীইবুনেল’ৰ পৰা বাৰংবাৰ অহা নিৰ্দেশনা-সকীয়নিবোৰলৈ কেৰেপকে কৰা নাই আমাৰ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে৷ জাবৰৰ পাহাৰত ডুব গৈ থকা দীপৰ বিলৰ বিশুদ্ধতা সুৰক্ষাৰ বাবেও ক’তো কাৰো তৎপৰতা পৰিলক্ষিত হোৱা নাই৷ বায়’-মেডিকেল জাবৰ-জোঁথৰসমূহ ক’ত-কিদৰে নিষ্কাশিত হৈছে, তাৰো কোনো সঠিক হিচাপ নাই৷ আচলতে, আত্ম অহংকাৰত নিমজ্জিত দেশৰ চহৰবোৰৰ বাবে হয়তো বায়ু প্ৰদূষণ প্ৰতিবেদনৰ নিচিনা বিষয়বোৰৰ প্ৰতি মূৰ তুলি চাবলৈ সময়েই নাই৷ নিজৰ সতি-সন্ততি, নাতি-পৰিনাতিসকলৰ জীৱন কিদৰে ভয়াৱহতালৈ গতি কৰি আছে, তাৰ প্ৰতি আমি সকলোৱেই যেন উদাসীন৷ এই উদাসীনতাৰ বাবে ভৱিষ্যৎ প্ৰজন্মই কিন্তু আমাকেই জবাবদিহি কৰিব৷