Logo
image

জাতীয়তাবাদ যেতিয়া ‘ডিছপজেব্‌ল আইটেম’

‘কা’ ৰ জৰিয়তে প্ৰথমজন বাংলাদেশীয়ে অসমত ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে৷ অসম চুক্তিৰে অসমক-অসমীয়াক বিদেশী বহিষ্কাৰৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা ভাৰত চৰকাৰে অসম চুক্তিৰ ৪০ বছৰৰ পাছত বাংলাদেশীক নাগৰিকত্ব দি চুক্তিখনক নস্যাৎ কৰাৰ লগতে অসমক-অসমীয়াক প্ৰতাৰণা কৰিলে৷ অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত দিল্লীত কংগ্ৰেছ দলৰ চৰকাৰ আছিল, ৰাজীৱ গান্ধী দেশৰ প্ৰধানমন্ত্ৰী আছিল৷ ৰাজীৱ গান্ধীয়ে অসম চুক্তি স্বাক্ষৰ কৰাৰ পাছত এতিয়ালৈ আন বহু দলৰ ৮জন লোক ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে৷ জনতা দলৰ বিশ্বনাথ প্ৰতাপ সিং, সমাজবাদী জনতা পাৰ্টীৰ চন্দ্ৰশেখৰ, কংগ্ৰেছৰ পি ভি নৰসিংহ ৰাও, ভাৰতীয় জনতা পাৰ্টীৰ অটল বিহাৰী বাজপেয়ী(দুবাৰ), জনতা দলৰ এইচ ডি দেৱেগৌড়া, জনতা দলৰ ইন্দৰ কুমাৰ গুজৰাল, কংগ্ৰেছৰ মনমোহন সিং (দুবাৰ) আৰু ভাৰতীয় জনতা পাৰ্টীৰ নৰেন্দ্ৰ মোদী (এতিয়ালৈ তিনিবা)৷ এই প্ৰতিজন প্ৰধানমন্ত্ৰীৰ চৰকাৰৰ দিনত অসম চুক্তি ৰূপায়ণৰ বাবে কোনো সাৰ্থক-ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল, কিন্তু বিভিন্ন সময়ত বিদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে বিভিন্ন আইন আৰু নীতি-নিয়ম বলৱৎ হ’ল৷ অসম চুক্তি ৰূপায়ণৰ প্ৰতি কোনো ৰাজনৈতিক দলৰ, কোনো চৰকাৰৰে যে সামান্যতমো ইচ্চা নাই, সি ইতিমধ্যে সন্দেহাতীতভাৱে প্ৰমাণ হৈছে৷ লগতে প্ৰমাণ হৈছে সকলো ৰাজনৈতিক দলৰে অবৈধ বাংলাদেশীক নিজৰ ভোটবেংকলৈ পৰিৱৰ্তন কৰাৰ ইচ্ছা৷ ইয়াৰ একেবাৰে শেহতীয়া উদাহৰণ হ’ল বিজেপিৰ হিন্দু বাংলাদেশীক নাগৰিকত্ব দি চিৰযুগমীয়া ভোটবেংক গঢ়াৰ আকাংক্ষা৷
আজিৰ প’ষ্ট ট্ৰুথৰ যুগত সম্পূৰ্ণ পৰস্পৰবিৰোধী দুটা স্থিতি একে সময়তে গ্ৰহণ কৰিব পাৰি৷ বিজেপিয়ে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিও অসমীয়া জাতীয়বাদৰ কাণ্ডাৰী হৈ থাকিব পাৰে৷ অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে দিনে-নিশাই চিন্তা কৰি থাকিব পাৰে৷ বিদেশী খেদা আন্দোলনৰ ফলত উদ্ভৱ হোৱা অগপ দলে বাংলাদেশীক নাগৰিকত্ব দিয়া দলটোৰ স’তে আৰামত চৰকাৰ গঠন কৰিব পাৰে আৰু একে সময়তে অসমীয়া জাতীয়তাবাদ কৰি থাকিব পাৰে৷ বাংলাদেশী হিন্দুক অসমত নাগৰিকত্ব দিলে অসমীয়া জাতিৰ কেনেদৰে ভাল হ’ব তাক ইতিমধ্যে বিজেপি-আৰ এছ এছে অসমীয়াক বুজাই আছে৷ বহু অসমীয়াই বুজিও পাইছে৷ 
এক ৰাজনৈতিক শক্তিৰূপে অসমীয়া জাতীয়তাবাদ তেনেই নিশকতীয়া আৰু ঠুনুকা৷ অসম গণ পৰিষদৰ প্ৰথম চৰকাৰখনেই একমাত্ৰ অসমীয়া জাতীয়তাবাদী ৰাজনৈতিক শক্তিৰে গঠিত চৰকাৰ৷ অসমীয়া জাতীয়তাবাদ আৰু জাতীয়তাবাদী ৰাজনীতি আন কোনোবা ৰাজনৈতিক শক্তিৰ সহযোগী বা বহতীয়া হৈ পৰিছে৷ তৰুণ গগৈৰ ১৫ বছৰীয়া শাসন কাল অসমীয়া ৰাজনৈতিক শক্তিৰ বাবে অত্যন্ত প্ৰত্যাহ৩ানমূলক আছিল৷ তৰুণ গগৈ আৰু কংগ্ৰেছে অসমীয়া জাতীয়তাবাদক প্ৰায় নিজৰ কৰি পেলাইছিল৷ জাতীয় সংগঠনসমূহ সহযোগী বা বহতীয়া হ’বলৈ বাধ্য হৈছিল, অন্যথাই দুৰ্বল হৈ পৰিছিল৷ কংগ্ৰেছৰ স’তে কোনোপধ্যে মিত্ৰতা কৰিব নোৱৰা অগপৰ সেই ১৫ বছৰতেই ভেটি উছন হৈছিল৷ 
তাৰ পাছত এতিয়া অসমীয়া জাতীয়তাবাদৰ কাণ্ডাৰী হৈ পৰিছে বিজেপি আৰু আৰ এছ এছ৷ অগপই বিজেপিৰ সহযোগী বা বহতীয়া হৈ কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰিছে৷ জাতীয় সংগঠনসমূহেও বিজেপিৰ সহযোগী বা বহতীয়া হৈ নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে৷ 
অসমীয়া জাতীয়তাবাদ এইদৰে ‘চৰিত্ৰহীন’ হৈ চৰকাৰ আৰু শাসক দলৰ প্ৰায় একান্ত অনুগত হৈ পৰিছে৷ তাতোকৈ অধিক ‘চৰিত্ৰহীন’ হৈ পৰিছে অসমীয়া জাতীয়তাবাদৰে উপ-শাখাস্বৰূপ জনগোষ্ঠীয় ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন-গোটসমূহ৷ চৰকাৰ আৰু শাসকীয় দলবোৰে তেওঁলোকৰ নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিছে বা জাবৰৰ দ’মলৈ দলিয়াই দিছে৷
কংগ্ৰেছে ‘কা’ৰে বিদেশীক নাগৰিকত্ব দিয়াৰ কথা ক’লেই বিজেপিয়ে অসম আন্দোনলত কংগ্ৰেছে ৮৬০জন শ্বহীদক হত্যা কৰাৰ কথা কৈ তালফাল লগায়৷ আৰু কংগ্ৰেছেও ‘কা’বিৰোধী আন্দোলনত ৫জন শ্বহীদক হত্যা কৰাৰ কথা কৈ চিঞৰ-বাখৰ কৰে৷ দুয়োৰে হাতত অসমীয়া জাতীয়তাবাদীৰ তেজ আছে৷ দুয়োটা দলেই অসমীয়া জাতীয়তাবাদক ব্যৱহাৰ কৰিছে আৰু জাবৰৰ দ’মলৈ দলিয়াই দিছে৷ কাৰণ অসমীয়া জাতীয়তাবাদী শক্তি নিজৰ ভৰিত থিয় হ’ব পৰাকৈ শক্তিশালী নহয়৷ অসমীয়া জাতীয়তাবাদী ৰাজনৈতিক শক্তি নিশকতীয়া, ঠুনুকা৷
এইখিনিতে এটা তথ্য উনুকিয়াই থ’ব পাৰি৷ অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে মৃত্যুবৰণ কৰা ১৯৭৯ চনৰ ১০ ডিচেম্বৰৰ দিনটোত অসমত কংগ্ৰেছ চৰকাৰ নাছিল৷ তেতিয়া অসমত জনতা দলৰ চৰকাৰ আছিল আৰু মুখ্যমন্ত্ৰী আছিল যোগেন্দ্ৰ নাথ হাজৰিকা৷ ১২ ডিচেম্বৰৰ দিনাখন চৰকাৰ ভংগ কৰি ৰাষ্ট˜পতি শাসন জাৰি কৰা হৈছিল৷ সেই জনতা পাৰ্টীৰ পৰাই কিছুদিনৰ পাছত ভাৰতীয় জনতা পাৰ্টী গঠন হৈছিল৷
অসমীয়া জাতীয়তাবাদী ৰাজনীতি আন ৰাজনৈতিক দলৰ বহতীয়া হৈ থাকিব নিবিচাৰিলে ই নিজাকৈ শক্তি আহৰণ কৰিব লাগিব আৰু নিজৰ ভৰিত থিয় দিবলৈ শিকিব লাগিব৷ কিন্তু এটা শক্তিশালী অসমীয়া ৰাজনৈতিক শক্তি গঢ়ি উঠিবৰ বাবে প্ৰয়োজন হোৱা ঐতিহাসিক পৰিস্থিতি এতিয়া আছেনে? নে অসমীয়া জাতীয়তাবাদ ব্যৱহাৰ কৰি পেলাই দিয়া ডিছপজেব্‌ল আইটেম মাত্ৰ হৈ থাকিব?