Logo
image

সুৰাপান কৰি এইবোৰ খাদ্য ভুলতো নাখাব

সুৰাপায়ী সকলৰ বহুতেই সুৰাৰ সৈতে স্নেকছ বা মুখৰোচক  খাদ্য খায়৷ কিন্তু বিশেষজ্ঞসকলৰ মতে সুৰাৰ সৈতে এনেকুৱা খাদ্য খোৱা উচিত যিবোৰৰ পৰা এচিডিটি হোৱাৰ আশংকা নাথাকে৷ উল্লেখ কৰা হ’ল সুৰাৰ সৈতে কোনবোৰ খাদ্য খোৱা অনুচিত–

- ভজা-পোৰা খাদ্যঃ সুৰাৰ সৈতে ভজা-পোৰা বা অত্যধিক তৈলাক্ত খাদ্য নাখাব৷ এনে খাদ্যই গেছ হোৱাৰ আশংকা বঢ়ায়৷ 
- চডা বা ক্ল্‌ড ড্ৰিংকছঃ বহুতে সুৰাৰ সৈতে কল্ড ড্ৰিংকছ বা চডা মিহলাই খায়৷ পিছে জানি থোৱা ভাল যে চডা বা কল্ড ড্ৰিংকছে পৰৱৰ্তী সময়ত দেহত জলশূন্যতাৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ এনে ক্ষেত্ৰত ঠাণ্ডা পানীৰ সৈতে সুৰাপান কৰিব পাৰে৷



- কাজু বা চীনা বাদামঃ বহুতে কাজু বাদাম অথবা চীনা বাদামৰ সৈতে সুৰাপান কৰে৷ এলক’হলযুক্ত পানীয়ৰ সৈতে কাজু বা চীনা বাদাম খালে কলেষ্টেৰ’লৰ মাত্ৰা দ্ৰুতগতিত বাঢ়ে৷ ফলত ভোক নালাগে৷ 
- মিঠাইঃ সুৰাপান কৰাৰ পাছত মিঠাইজাতীয় খাদ্য ভুলতো নাখাব৷ এনে খাদ্যই নিচাৰ পৰিমাণ বঢ়ায়৷ 
- দুগ্ধজাত খাদ্যঃ সুৰাপানৰ পাছত গাখীৰ বা দুগ্ধজাত খাদ্য যেনে দৈ, চানা আদি নোখোৱাটোৱেই শ্ৰেয়৷ সুৰাপানৰ পাছত এনে খাদ্য খালে এচিডিটি হ’ব পাৰে৷
- পাওৰুটিঃ সুৰাৰ সৈতে পাওৰুটি নাখাব৷ তদুপৰি অত্যধিক নিমখযুক্ত খাদ্য খোৱাৰ পৰা আঁতৰি থাকক৷ 
 সুৰাপান স্বাস্থ্যৰ বাবে মুঠেই উপকাৰী নহয়৷ কিন্তু যিসকলৰ নিয়মীয়াকৈ সুৰাপান কৰাৰ অভ্যাস আছে, তেওঁলোকে সুৰাৰ সৈতে উচ্ছ ফাইবাৰযুক্ত খাদ্য অথবা চালাড আদি খাব পাৰে৷ তদুপৰি সুৰাপানৰ পাছত গ্ৰীণ টি অথবা চুপ খাব পাৰে৷