Logo
image

বৰপেটা সত্ৰ সংৰক্ষিত এলেকাত, চৰকাৰৰ সিদ্ধান্তক আদৰণি

‘আমাৰ অসম’ৰ সৰুক্ষেত্ৰীৰ প্ৰতিবেদক, ২৩ আগষ্ট : অসম চৰকাৰৰ কালি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ জৰিয়তে মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা স্থাপিত অসমৰ জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ ঐতিহাসিক বৰপেটা সত্ৰক কেন্দ্ৰ কৰি ৫ কিলোমিটাৰ অঞ্চল সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰি এই এলেকাৰ ভিতৰত তিনিটা প্ৰজন্মৰ লোকেহে মাটি কিনা-বেছা কৰিব পাৰিব বুলি গ্ৰহণ কৰা সিদ্ধান্তক অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিয়ে বিপুলভাৱে আদৰণি জনাইছে৷ এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বিবৃতিত সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ সভাপতি গোবিন্দ তালুকদাৰ আৰু প্ৰচাৰ সম্পাদক তথা উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে বৰপেটা সত্ৰক এক ঐতিহ্য ক্ষেত্ৰ হিচাপে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আৰু সত্ৰখনৰ লগতে বৰপেটা সত্ৰক কেন্দ্ৰ কৰি ৫ কিলোমিটাৰ এলেকাক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা কাৰ্যক অসমৰ সত্ৰীয়া সংস্কৃতিৰ ইতিহাসত এক যুগান্তকাৰী পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰ’ব বুলি মত প্ৰকাশ কৰিছে৷


চৰকাৰখনৰ এনে দূৰদৰ্শী সিদ্ধান্তই ব্যাপক জনগাঁথনিৰ পৰিৱৰ্তনৰ ফলত বৰপেটা সত্ৰকে ধৰি জিলাখনৰ অন্য অতি পুৰণি সত্ৰসমূহলৈ অহা ভাবুকি প্ৰতিহত কৰাৰ লগতে অনন্ত কালৰ বাবে সত্ৰসমূহ সুৰক্ষিত হৈ থকাৰ বাট প্ৰশস্ত হৈছে বুলি বিবৃতিটোৰ জৰিয়তে উল্লেখ কৰে৷  বিবৃতিটোৰ জৰিয়তে সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিয়ে জিলাখনৰ জনীয়া সত্ৰ, সুন্দৰীদিয়া সত্ৰ, শঙ্কৰদেৱ আৰু দামোদৰদেৱৰ দ্বাৰা স্থাপিত পাটবাউসী সত্ৰ, কালঝাৰৰ গোপাল আতা সত্ৰ, বহৰি সত্ৰ, ব্যাসকুছি সত্ৰ, বৈঠাপুতা সত্ৰ, হাউলী আৰু ৰহাৰ ঘিলাঝাৰী সত্ৰৰ লগতে কালঝাৰৰ আন এক সত্ৰ কমলপুৰ সত্ৰ, কেওঁটকুছি শ্ৰীশ্ৰীমুকুন্দদেৱ সত্ৰ আদিকে কৰি বিভিন্ন সত্ৰৰ এলেকাসমূহকো চৰকাৰৰ এনে সিদ্ধান্তৰ অংশীদাৰ কৰি বৰপেটা সত্ৰৰ লেখীয়াকৈ চৰকাৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ৩ান জনাইছে৷ বিবৃতিটোত সত্ৰ মহাসভাই বেদখল আৰু আগ্ৰাসনৰ ফলত বৰপেটা জিলাৰ এই সত্ৰসমূহ অসমৰ সত্ৰীয়া সংস্কৃতিৰ মানচিত্ৰৰ পৰা এদিন নোহোৱা হৈ যাব বুলি আশংকা প্ৰকাশ কৰিছে৷