Logo
image

মোৰ মুখ বন্ধ কৰাৰ চেষ্টা কৰিছে চৰকাৰে : অখিল গগৈ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৫ আগষ্ট : স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰাজক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে শুকুৰবাৰে অসম ৰাজ্যিক বিদু্যৎ পৰিষদৰ এ পি ডি চি এলে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ গুৱাহাটীৰ ঘৰত দুটা বিদু্যৎ মিটাৰ স্থাপন কৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে, বিধানসভাৰ চৌহদত স্মাৰ্ট মিটাৰৰ প্ৰসংগক লৈ প্ৰতিবাদ কৰিছিল বিধায়ক অখিল গগৈয়ে৷ এই প্ৰতিবাদৰ পাছতে স্মাৰ্ট মিটাৰৰ বিসংগতি পৰীক্ষা কৰিবলৈ এ পি ডি চি এলে বাছি ল’লে অখিল গগৈৰ ঘৰখন৷ আনকি শুকুৰবাৰে দিনৰ ভাগত অখিল গগৈৰ নিজৰাপাৰৰ বাসগৃহত শক্তি বিভাগৰ কৰ্মচাৰী উপস্থিত হয়৷ তাৰ পাছত বিধায়কগৰাকীৰ ঘৰত দুটা মিটাৰ সংযোগ কৰে এ পি ডি চি এলৰ কৰ্মচাৰীয়ে৷ এ পি ডি চি এলৰ এই প্ৰসংগত সংবাদ মাধ্যমৰ আগত বিধায়ক গগৈয়ে কয়–‘কালি বিধানসভাত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে মোক চাপত ৰাখিবলৈ চৰকাৰে এই পদক্ষেপ লৈছে৷



চৰকাৰক প্ৰশ্ন কৰিলেই তেওঁলোকে এনে পদক্ষেপ লয়৷ সাংবাদিকে প্ৰশ্ন সুধিলে সাংবাদিকৰ ঘৰতো স্মাৰ্ট মিটাৰ লগাব বিচাৰে মুখ্যমন্ত্ৰীয়ে৷ স্মাৰ্ট মিটাৰ লগাব বিচাৰিছে লগাব দিছো, মই চাই লওঁ৷’ তেওঁ আৰু কয়– ধনী ৰাজ্যবোৰেই স্মাৰ্ট মিটাৰ লগোৱা নাই৷ কিন্তু অসমত ৩৬শতাংশ ডিজিটেল মিটাৰ লগোৱা হৈছে৷ ৰাজ্যখনত ২৫ লাখ ডিজিটেল মিটাৰ লগাইছে৷ এতিয়া দুখীয়া মানুহে বিদু্যৎ এৰি মিঠাতেলৰ চাকি জ্বলাব লাগিব৷ যিহেতু ডিজিটেল মিটাৰ বিজুলী ভৱনৰ পৰাই নিয়ন্ত্ৰণ কৰিব পাৰে৷ যদি সকলো বিজুলী ভৱনৰ পৰাই নিয়ন্ত্ৰণ কৰিব পাৰে, তেন্তে মিটাৰৰ সকলো ৰিডিঙো তাৰ পৰাই নিয়ন্ত্ৰণ কৰিব পাৰিব৷ উল্লেখ্য যে, অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনাটোতে বিধানসভা চৌহদত স্মাৰ্ট মিটাৰক লৈ সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ৷ হাতত স্মাৰ্ট মিটাৰ আৰু লেম্প লৈ বিধায়ক অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিধায়ক অখিল গগৈয়ে বিভিন্ন উদাহৰণসহ স্মাৰ্ট মিটাৰৰ অত্যধিক মাছুলৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে৷ লগতে বিধায়কগৰাকীয়ে স্মাৰ্ট মিটাৰৰ যোগেদি এ পি ডি চি এলৰ ৰাজহ বৃদ্ধিৰ প্ৰসংগৰ কথাও উল্লেখ কৰে৷