Logo
image

চৰকাৰী তথ্য মতে ৰাজ্যত ধৰ্ষণৰ ঘটনা হ্ৰাসহে পাইছে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৬ আগষ্ট : লোকসভা নিৰ্বাচনৰ পাছতেই অসমত ধৰ্ষণৰ ঘটনা অভাৱনীয় হাৰত বৃদ্ধি পোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰাৰ বিপৰীতে চৰকাৰী হিচাপত ওলাইছে বিপৰীত তথ্য৷ খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী তথ্যৰ উদ্ধৃতিৰে পূৰ্বৰ তুলনাত অসমত ধৰ্ষণৰ ঘটনা বহু হ্ৰাস পোৱাৰ কথা ৰাজহুৱা কৰিছে৷ এফালে মুখ্যমন্ত্ৰীয়ে লোকসভা নিৰ্বাচনৰ পাছতেই ধৰ্ষণৰ ঘটনা বৃদ্ধি  পোৱা  বুলি মন্তব্য কৰিছে আৰু আনফালে ৰাজ্যত ধৰ্ষণৰ ঘটনা হ্ৰাস পোৱাৰ স্ব-বিৰোধী চৰকাৰী তথ্য  ৰাজহুৱা কৰাত ৰাইজ এতিয়া বিবোধিত পৰিছে৷ দুদিন পূৰ্বে ধিঙত এগৰাকী ১৪ বছৰীয়া ছাত্ৰীক টিউচনৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত তিনিজন সংখ্যালঘু মুছলমান যুৱকে দলৱদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত কৰাৰ পাছতেই ধৰ্ষণকাণ্ডক লৈ সৰৱ হৈ পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ ধৰ্ষণকাৰীক কঠোৰ শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত বাৰে বাৰে কংগ্ৰেছৰ নাম নোলোৱাকৈ ৰাজ্যত লোকসভা নিৰ্বাচনত বিশেষ এটা ৰাজনৈতিকক দলৰ জয় লাভৰ পাছতেই ধৰ্ষণৰ ঘটনা বৃদ্ধি পোৱা বুলিও মন্তব্য কৰিছিল৷ লোকসভা নিৰ্বাচনৰ পাছত অসমীয়া যুৱতী-মহিলা বলাৎকাৰৰ ঘটনা ২৩ টালৈ বৃদ্ধি পোৱা বুলিও সদৰী কৰিছিল৷



ধিঙৰ ধৰ্ষণৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্য আছিল এই ধৰণৰ–‘যোৱা লোকসভা নিৰ্বাচনৰ পাছত অসমত এনেকুৱা ২২ টা ঘটনা সংঘটিত হৈছে আৰু এইটো ২৩ নম্বৰ৷ এই গোটেই ঘটনা বিলাকৰ লগতে কিছুমান বিশেষ মানুহ জড়িত হৈ থাকে৷ লোকসভা নিৰ্বাচনৰ পাছতেই তেওঁলোকে বহুত উৎসাহ পাই আছে, এটাৰ পাছত এটা ঘটনা কৰি আছে৷ আমি সেইসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’ম৷’ অৱশ্যে দুদিন আগলৈকে মুখ্যমন্ত্ৰীয়ে এই স্থিতিত অটল আছিল যদিও দেওবাৰে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে ৰাজ্যত ক্ৰমান্বয়ে ধৰ্ষণৰ ঘটনা হ্ৰাস পোৱাৰ চৰকাৰী তথ্যহে ৰাজহুৱা কৰে৷ ২০০১ চনৰ পৰা চলিত ২০২৪ বৰ্ষৰ বিগত জুলাই পৰ্যন্ত কিমান ধৰ্ষণৰ গোচৰ ৰুজু হৈছে তাৰ তালিকা ৰাজহুৱা কৰি মুখ্যমন্ত্ৰীয়ে জঘন্য অপৰাধ নিৰ্মূলৰ দিশত কাম কৰাটো চৰকাৰৰ দায়িত্ব বুলিও উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়ে ধৰ্ষণৰ ঘটনা ৰাজ্যত হ্ৰাস পোৱাৰ পৰিসংখ্যাই মহিলাসকলৰ বাবে নিৰাপদ আৰু ন্যায় সংগত পৰিৱেশ সৃষ্টিৰ বাবে চৰকাৰৰ চলি থকা প্ৰচেষ্টা আৰু দায়ৱদ্ধতাক প্ৰতিফলন কৰিছে বুলিও মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তালিকা অনুসৰি ২০২১ চনত হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ লোৱা বৰ্ষটোত ৰাজ্যত মুঠ ৰ,৭৩৩ টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল৷ আনহাতে ২০২২ বৰ্ষত ধৰ্ষণৰ গোচৰ সংখ্যা ৰ,ৰ১৩ টালৈ হ্ৰাস পায়৷ তদুপৰি ২০২৩ বৰ্ষত পূৰ্বতকৈ হ্ৰাস পাই ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছে ৯৮৯ টা৷ একেদৰে চলিত বৰ্ষৰ জুলাই পৰ্যন্ত ৭ টা মাহত অসমত ধৰ্ষণৰ গোচৰ ৰুজু হৈছে ৫৮০ টা৷ অৰ্থাৎ প্ৰতিবছৰে অসমত ধৰ্ষণৰ ঘটনা হ্ৰাস পোৱাহে চৰকাৰী তথ্য দাঙি ধৰিছে মুখ্যমন্ত্ৰীয়ে৷ অৱশ্যে ধিঙৰ ধৰ্ষণ কাণ্ডৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে লোকসভা নিৰ্বাচনৰ পাছৰে পৰা ৰাজ্যত হঠাতে ধৰ্ষণৰ ঘটনা বৃদ্ধি পোৱা বুলিও স্ব-বিৰোধী মন্তব্য কৰিছিল৷

ধৰ্ষণৰ বিৰুদ্ধে দীঘলী পুখুৰীৰ পাৰত মহিলাৰ প্ৰতিবাদ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক : গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত ধৰ্ষণ-হত্যা বৰ্বৰতাৰ বিৰুদ্ধে দেওবাৰে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু অসম মহিলা সংঘই ঐক্যবদ্ধ ভাৱে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷  নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক সম্পাদিকা নিয়তি বৰ্মনে পৰিচালনা কৰা প্ৰতিবাদী কাৰ্যসূচীত দেশৰ লগতে অসমৰ বিভিন্ন অঞ্চলত সংঘটিত ধৰ্ষণ, হত্যা, বৰ্বৰতাৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বক্তব্য প্ৰদান কৰি ইয়াছমিন আৰা বেগম, ড॰ স্বৰ্ণলতা দাস, সুপৰ্ণা লাহিড়ী আৰু জুনু বৰাই কয় -বৰ্তমানৰ উদ্বেগজনক পৰিস্থিতিত, প্ৰতি দিনে শিশু, কিশোৰী, যুৱতী, মহিলাই ধৰ্ষণৰ দৰে চৰম বৰ্বৰতাত নিৰাপত্তাহীনতাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ চৰকাৰ, শাসনব্যৱস্থাৰ বিভিন্ন আইন কানূন থকা সত্ত্বেও দুৰ্বৃত্তহঁতে প্ৰতিদিনে মহিলা আৰু শিশুৰ ওপৰত যৌন নিৰ্যাতন, হত্যা চলাই আছে৷  একাংশ সুবিধাবাদীয়ে অপৰাধীৰ ধৰ্মীয়, জাতিগত বিভাজনত উঠি পৰি লাগিছে৷ ধৰ্ষণৰ অপৰাধীক ফাষ্টৰ্ ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰিব লাগে৷ প্ৰতিবাদস্থলীতেই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ বিভিন্ন দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয়৷ শেষত দীঘলী পুখুৰীৰ পাৰৰ পৰা অসমৰ নাৰী সুৰক্ষাৰ বাবে বিভিন্ন দাবীৰ শ্লোগানেৰে এটা চমু প্ৰতিবাদী সমদল উলিওৱা হয়৷