Logo
image

মুখ্যমন্ত্ৰীক ভি আৰ এছ লোৱাৰ পৰামৰ্শ গৌৰৱ গগৈৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ আগষ্ট : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভি আৰ এছ লোৱাৰ পৰামৰ্শ দিছে সাংসদ গৌৰৱ গগৈয়ে৷ গগৈয়ে দেওবাৰে সংবাদ মাধ্যমৰ আগত কয়– মুখ্যমন্ত্ৰী শৰ্মা প্ৰতিটো ক্ষেত্ৰত ব্যৰ্থ হৈছে৷ স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত, নিবনুৱাক সংস্থাপন দিয়াৰ ক্ষেত্ৰত, কৰ্মচাৰীসকলক সন্মান দিয়াৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে৷ অৱশ্যে তেওঁ এটা ক্ষেত্ৰত সফল হৈছে৷ এয়া হৈছে বসুন্ধৰা  ১, ২, ৩ কৰি তেওঁ মাটি-ধন-সম্পত্তি বৃদ্ধি কৰাত   মুখ্যমন্ত্ৰীক ভি আৰ এছ লোৱাৰ সফল হৈছে৷ মই ভাবিছোঁ তেওঁ যথেষ্ঠ মাটি-ধন সম্পত্তি কৰিলে৷ আন প্ৰতিটো ক্ষেত্ৰত তেওঁ ব্যৰ্থ হৈছে৷ সুৰক্ষাৰ ক্ষেত্ৰত, আইনৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে৷ মোৰ অনুৰোধ তেওঁ এতিয়া ভি আৰ এছ লওক৷ চৰকাৰতো যাবগৈ৷ গতিকে এতিয়াই ভি আৰ এছ লৈ নিজৰ বাগানত গৈ আৰামছে থাকক৷ মনতো সুস্থ কৰক, ভাল হৈ থাকক৷ তেওঁ আৰু কয়– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া সৰু আজমল বিচাৰি আছে৷ সেইকাৰণে কেতিয়াবা নিৰ্দোষী মানুহকো ধৰে৷ কেতিয়াবা সাংবাদিককো ধৰে৷ এইটো তেওঁৰ নিৰাশাবাদৰ প্ৰমাণ৷ ইয়াৰ আগতে আজমল, আজমল, আজমল কৰি আছিল৷ কংগ্ৰেছে যেতিয়া ইউ ডি এফক নাইকীয়া কৰি দিছে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই নিৰাশ হৈ সৰু আজমল বিচাৰি আছে৷ আজমলবিহীন অসমত বিচলিত হৈ পৰিছে মুখ্যমন্ত্ৰী৷ ইফালে মুখ্যমন্ত্ৰী শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়– বিজেপি বিচলিত হোৱাৰ মূল কাৰণ আজমলে পৰাজয়বৰণ কৰাটো৷ বদৰুদ্দিন আজমলে পৰাজয়বৰণ কৰাটো মুখ্যমন্ত্ৰী ব্যক্তিগতভাৱে হতাশ হোৱাৰ কাৰণ৷ আজমলবিহীন অসমত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাসংগিকতা নোহোৱা হ’ব বুলি ভয় খাইছে৷



আজমলক বাদ দি ৰাজনীতি কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই : ভূপেন বৰা

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি : বদৰুদ্দিন আজমলক বাদ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত ৰাজনীতি কৰিবই নোৱাৰে৷ লোকসভা নিৰ্বাচনৰ পাছত অসমত প্ৰাসংগিকতা হেৰুওৱা আজমলে দৰাচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক বিপদত পেলাইছে৷ সেয়েহে ২০২৬চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে য’তে-ত’তে তেওঁ আজমল সৃষ্টি কৰাৰ চেষ্টাত ব্ৰতী হৈছে৷ নতুন দিল্লীত ৰাজ্যৰ সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে৷ বৰাৰ বক্তব্য— হিমন্ত বিশ্ব শৰ্মাক এতিয়া কেৱল আজমল লাগে৷ অসমত কংগ্ৰেছৰ জনপ্ৰিয়তা যিমানে বৃদ্ধি পাই আছে, সিমানেই মুখ্যমন্ত্ৰীজনৰ সাম্প্ৰদায়িক ৰাজনীতি বৃদ্ধি পাইছে৷ সাম্প্ৰদায়িক ৰাজনীতিৰ জৰিয়তে অসমত মেৰুবিভাজন কৰাৰ চেষ্টা চলাই আছে মুখ্যমন্ত্ৰীজনে৷ দিনকদিনে বৃদ্ধি পাইছে এই তৎপৰতা৷ চ্ছ্ৰজুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীজনে ৰাইজৰ আগত যিধৰণৰ বক্তব্য ৰাখি আছে সেয়া অসমবাসী ৰাইজে উপলব্ধি কৰিব লাগে৷ অপশাসনৰ নেতৃত্ব লোৱা হিমন্ত বিশ্ব শৰ্মাই নিজকে বলিয়া কুকুৰৰ সৈতেও তুলনা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই৷ বাস্তৱত মুখ্যমন্ত্ৰীজনে ছয় জনগোষ্ঠীৰ আন্দোলন, শিক্ষকসকলক আন্দোলন আদিৰপৰা জনগণৰ দৃষ্টি আঁতৰাই ৰখাৰ কৌশল অৱলম্বন কৰা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে মন্তব্য কৰে৷ লগতে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ নেতৃত্বত অসমত চলি থকা লুণ্ঠনৰপৰাও জনসাধাৰণক আঁতৰাই ৰাখাৰ চেষ্টা চলি আছে৷

বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিক কাকো এৰি দিয়া নাই মুখ্যমন্ত্ৰীজনে৷ পিছে অসমৰ ৰাইজ ইমান নিৰ্বোধ নহয় যে তেওঁলোকে এইবোৰ বিষয় অনুধাৱন কৰিবপৰা নাই৷ সঠিক সময়ত ৰাইজে মুখ্যমন্ত্ৰী তথা তেওঁৰ সাংগো-পাংগোক উচিত প্ৰত্যুত্তৰ দিব বুলি বৰাই মত ব্যক্ত কৰে৷ আনহাতে, ২০২৬চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চত নিজৰ প্ৰাৰ্থী প্ৰদানৰ আপ্ৰাণ চেষ্টা চলাই থকা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে জানিবলৈ দি কয় যে বিষয়টোকলৈ প্ৰদেশ কংগ্ৰেছে ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে ইতিমধ্যে আলোচনা কৰিছে তথা মুখ্যমন্ত্ৰীৰ এই অপচেষ্টাক প্ৰতিহত কৰাৰ কৌশল হাতত লোৱা হৈছে৷ আনহাতে, দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই প্ৰদেশ কংগ্ৰেছৰ কাম-কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা বুলি বৰাই সাংবাদিকৰ আগত মন্তব্য কৰে৷ লক্ষণীয়ভাৱে উজনিৰ মিঞা আৰু ধিং ধৰ্ষণ কাণ্ডকলৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কোনোধৰণৰ মন্তব্য আগবঢ়োৱাৰপৰা বিৰত থাকে৷