Logo
image

বহুবল্কী কংগনাই বিপদত পেলাইছে বিজেপিক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ আগষ্ট : মোদী চৰকাৰৰ ৩খন ক্ষতিকাৰক কৃষি আইনৰ বিৰুদ্ধে হোৱা বিৰাট কৃষক আন্দোলনটো বাংলাদেশৰ দৰেই চৰকাৰ ওফৰোৱাৰ ভয়ানক ষড়যন্ত্ৰ আছিল৷ কিন্তু শক্তিশালীভাৱে কেন্দ্ৰীয় চৰকাৰে আন্দোলনটো মোকাবিলা কৰাৰ বাবে তেনে অভ্যূত্থান হ’বলৈ নাপালে৷ আন্দোলনস্থলীত সেই উদ্দেশ্যে এতিয়াও কৃষক আন্দোলনকাৰী বহি আছে৷ বিজেপিৰ মাণ্ডিৰ সাংসদ, বলীউডৰ কুইনখ্যাত কংগনা ৰানাৱতে এই চাঞ্চল্যকৰ ভাষ্য প্ৰদান কৰিছে৷ তেওঁ এক্স হেণ্ডলত প্ৰকাশ কৰা এটা ভিডিঅ’ত এই চাঞ্চল্যকৰ মন্তব্য কৰিছে৷ কংগনাৰ দাবী, সেই আন্দোলনৰ ফলত ভাৰতৰ অৱস্থা এতিয়াৰ বাংলাদেশৰ দৰে প্ৰায় হৈছিলেই৷ কৃষক আন্দোলনতো বাংলাদেশৰ দৰে মৃতদেহ ওলমি আছিল, যেনি তেনি ধৰ্ষণ হৈছিল৷ চীন আৰু আমেৰিকাৰ ষড়যন্ত্ৰতে কৃষকে চৰকাৰ উৎখাত কৰিবলৈ আন্দোলনটো কৰিছিল৷ তেওঁলোকৰ কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কোনো লক্ষ্য আৰু উদ্দেশ্য নাছিল৷ কিয়নো মোদী চৰকাৰে ৩খন কৃষি আইন প্ৰত্যাহাৰ কৰাত আন্দোলনকাৰী হতভম্ব হৈ পৰিছিল৷ তেওঁলোক এতিয়াও তাতেই আছে৷



বিজেপিয়ে দলৰ বহুবল্কী সাংসদ কংগনাৰ মন্তব্যৰ পৰা নিজকে নিলগোৱাৰ প্ৰচেষ্টা চলাইছে৷ দলে প্ৰকাশ কৰা এটা বিবৃতিত সেয়া বিজেপিৰ বক্তব্য নহয় বুলি কৈছে৷ আনকি বিজেপিৰ নীতিগত বিষয়ত তেওঁক মন্তব্য কৰিবলৈ কতৃৰ্ত্ব প্ৰদান কৰা নাই বুলিও দলে জনাইছে৷ কিন্তু বিজেপিৰ এই বক্তব্য সিমান পতিয়নযোগ্য হোৱা নাই৷ কাৰণ আন্দোলনকাৰী আৰু চীন-আমেৰিকাৰ বিৰুদ্ধে বিষোদগাৰ থকা বিজেপি সাংসদগৰাকীৰ ভিডিঅ’ এতিয়াও এক্স হেণ্ডলত বাহাল তবিয়তে বাজি আছে৷ অৱশ্যে ষড়যন্ত্ৰকাৰী হিচাপে কংগনাই আমেৰিকাৰ নাম লোৱাত বিজেপি নেতৃত্বাধীন চৰকাৰ বিপদত পৰিছে৷ কিয়নো মোদীৰ ৰাছিয়া ভ্ৰমণত ক্ষুব্ধ আমেৰিকাক এতিয়াও বৈদেশিক কূটনীতিৰে সৈমান কৰিব পৰা নাই নতুন দিল্লীয়ে৷ এনে পৰিস্থিতিত শাসনাধিষ্ঠিত দলৰ প্ৰগলভ সাংসদৰ এনে আপত্তিজনক বক্তব্যই আমেৰিকাক ভাৰতৰ প্ৰতি অধিক ক্ষোভিত কৰি তুলিব পাৰে৷ভিডিঅ’টোত কংগনাই কৈছে– ‘বাংলাদেশত যি গণ অভ্যূত্থান হৈছিল, তেনে ঘটনা ভাৰততো হওঁ হওঁকৈ ৰৈ গ’ল৷ ইয়াত যি কৃষক আন্দোলন হৈছিল, তাতো মৃতদেহ ওলমি আছিল, ধৰ্ষণ হৈছিল৷ যেতিয়া কৃষকৰ হিতৰ অৰ্থে বলৱৎ কৰা আইন প্ৰত্যাহাৰ কৰিলে, তেতিয়া সমগ্ৰ দেশ স্তম্ভিত হৈ গৈছিল৷ আন্দোলনকাৰীয়েও ভবা নাছিল যে আইনখন প্ৰত্যাহাৰ কৰিব৷ তেওঁলোকে পৰিকল্পনা কৰি আছিল এতিয়া বাংলাদেশত হোৱাৰ দৰে ঘটনা সংঘটিত কৰাৰ৷ এয়া এক ষড়যন্ত্ৰ আছিল৷ আপুনি জানেনে, এয়া কাৰ ষড়যন্ত্ৰ আছিল? চীন-আমেৰিকাৰ৷ বিদেশী শক্তিয়ে ইয়াত কাম কৰি আছে৷ তেওঁলোকে ভাবিছে, সেই দোকান চলি থাকিব৷ ভাৰত ধবংস হ’ব৷ কিন্তু নহয়৷ দেশ ধবংস হ’লে তোমালোকো ধবংস হ’বা৷’