Logo
image

মৎস্য জেহাদ! উজনিলৈ মাছ বন্ধ

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ আগষ্ট : লাভ জেহাদ বা ফ্লাড জেহাদ নহয়, এইবাৰ মৎস্য জেহাদ৷ অসমত মৎস্য পালন আৰু মৎস্য ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ অহা নগাঁৱৰ মীন পালক সন্থাই জেহাদ ঘোষণা কৰিলে উজনি অসমৰ গ্ৰাহকৰ বিৰুদ্ধে৷ বীৰ লাচিত সেনা আৰু অসম জাতীয় সংগ্ৰাম সেনাৰ নেতৃত্বত একাংশ উগ্ৰ জাতীয়তাবাদী সংগঠনে উজনি অসমৰ পৰা মিঞা হাটাও অভিযান ঘোষণা কৰাৰ পিছত জাঙুৰ খাই উঠিছে মধ্য অসমৰ বিভিন্ন সংখ্যালঘু দল-সংগঠন৷ নগাঁও জিলা মীন পালক সংস্থাৰ হৈ ইব্ৰাহিম খলিলোল্লাহ আৰু জহিৰুল ইছলামে বীৰ লাচিত সেনা আৰু জাতীয় সংগ্ৰাম সেনাৰ নেতা ক্ৰমে শৃংখল চলিহা আৰু বিতু সোণোৱালৰ বিৰুদ্ধে আজি সংবাদ মাধ্যমৰ আগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়, ‘আমি নগাঁও জিলাৰ জুৰীয়াৰ দগাঁও, দগাইমাৰী, শালপাৰা আদি অঞ্চলত বাস কৰা মৎসজীৱি লোক৷ এয়াই আমাৰ প্ৰধান পেচা৷



এই ব্যৱসায়টোত আমি কেৱল সংখ্যালঘু লোকহে জড়িত৷ যিহেতু উজনি অসমত শৃংখল চলিহাৰ নেতৃত্বত একাংশ লোকে বিশেষকৈ শ্ৰমিক হিচাপে কাম কৰিবলৈ যোৱা সংখ্যালঘু লোকৰ ওপৰত বিভিন্ন ধৰণে নিৰ্যাতন আৰম্ভ কৰিছে৷ আনকি, দুখীয়া-নিছলা কাম কৰি খোৱা মানুহবোৰক তাৰ পৰা খেদি পঠিওৱাৰ ভাবুকি প্ৰদান কৰিছে৷ সেয়েহে আমি মধ্য অসম বিশেষকৈ নগাঁৱৰ পৰা এতিয়াৰে পৰা অনিৰ্দিষ্টকালৰ বাবে উজনি অসমলৈ মাছ ৰপ্তানী বন্ধ ৰাখিছোঁ৷ যদিহে কোনো মৎস্য ব্যৱসায়ীয়ে মাছ ৰপ্তানী কৰে তেন্তে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি তেওঁলোকে সকীয়াই দিয়ে৷ তেওঁলোকে এতিয়াৰে পৰা উজনি অসমৰ পৰিৱৰ্তে গুৱাহাটীকে ধৰি নামনি অসমত মাছ ৰপ্তানী কৰিব বুলি মন্তব্য কৰি কয়, ‘আমি উজনি অসমত প্ৰতিদিনে মাছ পঠিওৱা কম দৰত