Logo
image

এইবাৰ ‘শৃংখল-টেক্স’, সাৰি যোৱা নাই গুৱাহাটীও

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ আগষ্ট : ‘শিৱসাগৰত মই বহিৰাগত ব্যৱসায়ীৰ পৰা গুণ্ডা টেক্স লওঁ৷ ইয়াত আহি বেপাৰ কৰিব, কোটি টকা ঘটিব৷ টেক্স দিবই লাগিব৷ নাগালেণ্ডত এনএছচিএনক যেনেদৰে টেক্স দিয়ে তেনেদৰে শিৱসাগৰতো বহিৰাগত ব্যৱসায়ীয়ে টেক্স দিবই লাগিব৷’– এই স্বীকাৰোক্তি হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ৷ শেহতীয়া এক সাক্ষাৎকাৰত চলিহাই এনেদৰে মন্তব্য কৰি কয়– ‘কোনোবাই উজনি অসমত থাকি ব্যৱসায় কৰি কোটিপতি হ’ব, কিন্তু বিহুখন পাতিছোঁ কিবা এটা নিদিব, সেয়া হ’বই নোৱাৰে৷ মই চান্দা নলওঁ, টেক্স লওঁ৷’ উল্লেখ্য, শৃংখল চলিহাৰ নেতৃত্বাধীন বীৰ লাচিত সেনাই শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ মাৰোৱাৰী, বিহাৰী, বাঙালী আদি ব্যৱসায়ীৰ পৰা দাবী-ধমকিৰে বিভিন্ন সময়ত চান্দা তুলি অহা বুলি উঠা অভিযোগৰ সত্যতা শৃংখল চলিহাই নিজেই স্বীকাৰ কৰিলে৷ কেৱল উজনিতে নহয় গুৱাহাটীতো সক্ৰিয় হৈ আছে বীৰ লাচিত সেনাৰ চান্দা বাহিনী৷ বিকাশ অসমৰ নেতৃত্বত গুৱাহাটীত বীৰ লাচিত সেনা পৰিচালিত হয়৷



এইক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷ ইফালে, মিঞাই অহা তিনি-চাৰিদিনৰ ভিতৰত উজনি অসম এৰিব লাগিব বুলি পুনৰ হুংকাৰ দি শৃংখল চলিহাই কয়– ‘যদি মিঞাই উজনি অসম খালী নকৰে তেন্তে প্ৰচণ্ড সংঘাত হ’ব৷ কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল এজন বাংলাদেশী মূলৰ ব্যক্তি৷ সেয়েহে তেওঁ বাংলাদেশীৰ হৈ ওকালতি কৰিছে৷ বহিৰাগত, মিঞা মিলি উজনিৰ মানুহৰ গাত পেট্ৰ’ল ঢালি ৰাখিছে, মাথোন জুইশলা কাঠিটোহে মাৰিবলৈ বাকী আছে৷ যোৱা লোকসভাৰ নিৰ্বাচনত গৌৰৱ গগৈক কোনো বহিৰাগত লোকে ভোট দিয়া নাছিল৷ কংগ্ৰেছ বুলি কোনেও তেওঁক ভোট দিয়া নাছিল৷ এজন খিলঞ্জীয়া বুলিহে খিলঞ্জীয়াই তেওঁক ভোট দিছিল৷ সেই কথা তেওঁ মনত ৰখা উচিত৷’ ইফালে, শৃংখল চলিহাই দাবী কৰে যে বাংলাদেশী মিঞাৰ উৎপাতত এতিয়া ধিঙত অসমীয়া মানুহে ছোৱালী জন্ম দিবলৈ ভয় কৰা হৈছে৷ তেওঁ লগতে দাবী কৰে যে ধিঙৰ পৰা দৈনিক চ্ছ্ৰখন বাছ ডিমাপুৰলৈ যায়৷ পুৱা ৬ বজাত আৰু ১০ বজাত এই বাছ যায়৷ বাছত ধিঙৰ পৰা বন্দুক যায় আৰু সেই বাছত ডিমাপুৰৰ পৰা উভটি আহোতে ড্ৰাগ্‌ আহে৷ আৰক্ষী-প্ৰশাসনৰ চকুৰ সন্মুখতে এই ঘটনা ঘটি থাকে৷’