Logo
image

ইউক্ৰেইনত ৰাছিয়াৰ ভয়াৱহ ক্ষেপণাস্ত্ৰ আক্ৰমণ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ আগষ্ট : মধ্যপ্ৰাচ্যত ইজৰাইলে অপ্ৰৰোচিতভাৱে দেওবাৰে পুৱাই লেবাননত বিমান আক্ৰমণ কৰাৰ পিছদিনাই ৰাছিয়াই ইউক্ৰেইনত ভয়ংকৰ ক্ষেপনাস্ত্ৰ আক্ৰমণ সংঘটিত কৰি পূব ইউৰোপ কঁপাই তুলিছে৷ আক্ৰমণৰ প্ৰত্যুত্তৰত ইউক্ৰেনেও জ্ঝযৰৰৰ দৰে ড্ৰোনেৰে ৰাছিয়াৰ ৩৮ মহলীয়া অট্টালিকাত প্ৰত্যাক্ৰমণ কৰি ধবংসযজ্ঞ চলাইছে৷ অৱশ্যে ইউক্ৰেইনৰ তুলনাত ৰাছিয়াৰ আক্ৰমণৰ চোক ইউক্ৰেইনত ৰাছিয়াৰ আৰু ভয়াৱহতা আছিল অধিক৷ সোমবাৰে পুৱাৰ পৰা দুটা পৰ্যায়ত ৰাছিয়াই আক্ৰমণ সংঘটিত কৰে৷ শনিবাৰে আছিল ইউক্ৰেইনৰ স্বাধীনতা দিৱস৷ সেয়ে ৰাছিয়াই যিকোনো সময়ত আক্ৰমণ কৰিব বুলি আমেৰিকাই ইউক্ৰেইনক সতৰ্ক কৰি দিছিল৷ যোৱা বৃহস্পতিবাৰৰ পৰাই ৰাছিয়াই ইউক্ৰেইনৰ চেৰ্কাছি, কিৰোভোহাৰ্ড, পোলতাভা আৰু ছুমি অঞ্চলত ড্ৰোনেৰে ১৬টা আক্ৰমণ চলাইছিল৷



কিন্তু সোমবাৰে ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ক্ষেপণাস্ত্ৰৰে ভয়ংকৰ আঘাত হানে৷ এই আক্ৰমণত মধ্য কিয়েভত কমেও ১০জন অসামৰিক লোক নিহত হৈছে৷ ইপিনে, দেওবাৰে পুৱা ইজৰাইলে আকস্মিকভাৱে লেবাননত বিমান আক্ৰমণ কৰাত সমগ্ৰ মধ্যপ্ৰাচ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত সশস্ত্ৰ সংগঠন হিজবুল্লাই কমেও ৩০০ ৰকেটেৰে ইজৰাইলক প্ৰত্যাক্ৰমণ কৰে৷ ইজৰাইলৰ সেনাই দাবী কৰা মতে, হিজবুল্লাই ইজৰাইল আক্ৰমণ কৰাৰ সম্ভাৱনাৰ বাতৰি পাই তেওঁলোকে আগতেই লেবাননত আক্ৰমণ হানে৷ ইজৰাইলৰ বিমান আক্ৰমণৰ আধাঘণ্টাৰ ভিতৰতে হিজবুল্লাই ৰকেট আক্ৰমণ সংঘটিত কৰে৷ হিজবুল্লাৰ কামাণ্ডাৰ হাছান নাছৰাল্লাই ইজৰাইলৰ দাবী মিথ্যাচাৰ বুলি মন্তব্য কৰিছে৷ তেওঁলোকে এই মুহূৰ্তত ইজৰাইল আক্ৰমণৰ পৰিকল্পনা কৰা নাছিল বুলি তেওঁ প্ৰকাশ কৰিছে৷ কিন্তু ইজৰাইলৰ আক্ৰমণৰ বাবেই হিজবুল্লাই প্ৰত্যাক্ৰমণ কৰিবলৈ বাধ্য হয় বুলি হাছানে দাবী কৰে৷ সম্প্ৰতি উভয় পক্ষই ক্ষান্ত হৈ থাকিলেও যিকোনো মুহূৰ্তত ভয়াবহ যুদ্ধ আৰম্ভ হোৱাৰ আশংকা নুই কৰা নাই দুয়ো পক্ষই৷