Logo
image

মাছ ধৰিব পাৰক-নোৱাৰক ঘোলা হৈছে পানী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ আগষ্ট : উজনি অসমত আৰম্ভ হোৱা মিঞাবিৰোধী অভিযানৰ পাশ্বৰ্ক্ৰিয়াই এতিয়া যেন ৰাজ্যৰ ৰাজনীতিয়ো গৰম কৰি তুলিছে৷ মিঞাবিৰোধী অভিযানৰ পাছতেই নগাঁৱৰ মৎস্য ব্যৱসায়ীয়ে উজনি অসমলৈ মাছ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লোৱাত পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে৷ নগাঁৱৰ পৰা উজনি অসমলৈ মাছ প্ৰেৰণ কৰা-নকৰাক লৈ বীৰ লাচিত সেনাৰ দুজন নেতাকে ধৰি   মীন পালক সন্থাৰ এজন বিষয়ববীয়া আৰক্ষীৰ হাতত আটক হ’বলগীয়া হৈছে৷ নগাঁৱৰ মীন পালক সন্থাই উজনি অসমলৈ মাছৰ ১৫ানি নকৰাৰ সিদ্ধান্ত ল’লেও চৰকাৰে উজনিৰ খিলঞ্জীয়া জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ পক্ষত থিয় দিয়ে৷ কাজেই এতিয়া যেন মাছ ধৰিব পাৰক বা নোৱাৰক ৰাজনীতিৰ পানী ঘোলা হৈ পৰিছে৷ উল্লেখ্য, নগাঁৱৰ মৎস্য পালক সন্থাৰ সভাপতি ইব্ৰাহিম খলিলুল্লাহ মাদানিয়ে একাংশ সংগঠনে উজনি অসমত মিঞাবিৰোধী অভিযান চলোৱাত দুদিন পূৰ্বে উজনিলৈ নগাঁৱৰ পৰা মাছ ৰপ্তানি বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰিছিল৷ উজনি অসমত মিঞাৰ নিৰাপত্তা বিচাৰি অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ দিয়াই নহয়, বুধবাৰে কোনো মাছ প্ৰেৰণ নকৰিলে নগাঁৱৰ মৎস্য ব্যৱসায়ীসকলে৷ নগাঁৱৰ মৎস্য ব্যৱসায়ীৰ এই হুংকাৰৰ পাছতেই খোদ বিধানসভাত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি উজনি অসমৰ খিলঞ্জীয়া সংগঠনসমূহৰ পক্ষত সহমত প্ৰকাশ কৰিছিল৷



নগাঁৱৰ পৰা মাছ প্ৰেৰণ নকৰিলে অন্ধ্ৰৰ পৰা উজনি অসমলৈ মাছ অনা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল৷ ইফালে, নগাঁৱৰ মুছলমান মৎস্য ব্যৱসায়ীয়ে উজনিলৈ মাছ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লোৱাৰ পাছতেই বুধবাৰে বীৰ লাচিত সেনাৰ সদস্যসকলে নগাঁও চহৰৰ মাছৰ বজাৰত অভিযান চলায়৷ বীৰ লাচিত সেনাৰ সদস্যসকলে জিলাখনৰ জুৰীয়া, ৰূপহী আদি অঞ্চলৰ মুছলমান ব্যৱসায়ীয়ে নগাঁৱৰ প্ৰতিখন বজাৰতে মাছ বিক্ৰী কৰাত বাধা প্ৰদান কৰে৷ মৎস্য ব্যৱসায়ীসকলক বাধা দিয়া ঘটনাৰ পাছতেই আৰক্ষীয়ে বীৰ লাচিত সেনাৰ বিতুপন শইকীয়া আৰু দৰ্পণ বৰাক আটক কৰি থানালৈ লৈ যায়৷ ইফালে, উজনি অসমলৈ মাছ ৰপ্তানি  নকৰাৰ হুংকাৰ দিয়া জুৰীয়াৰ ইব্ৰাহীম খলিলুল্লাহ মাদানি নামৰ মীন পালকজনক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী জনাইছে নগাঁৱৰ মীন পালকসকলে৷ ইব্ৰাহিমে নিজৰ দুটা সংবাদ পৰ্টেলৰ জৰিয়তে প্ৰথমবাৰলৈ উজনিলৈ মাছ প্ৰেৰণ নকৰাৰ হুংকাৰ দিছিল৷ মৎস্য বিতৰ্কক কেন্দ্ৰ কৰি নগাঁও মৎস্য ব্যৱসায়ী সন্থাৰ সম্পাদক জহিৰুল ইছলামকো জুৰীয়া আৰক্ষীয়ে আটক কৰিছে৷ অৱশ্যে নগাঁৱৰ পৰা বুধবাৰে কোনো মাছ প্ৰেৰণ নকৰাত উজনিৰ বজাৰসমূহত থলুৱা নৈ-বিল আদিৰ মাছেৰে ভৰি পৰা দেখা গ’ল৷ তদুপৰি পাইকাৰী ব্যৱসায়ীসকলে অন্ধ্ৰ প্ৰদেশৰ পৰা চালানী মাছৰ আমদানি বৃদ্ধি কৰিছে৷ ইফালে, মধ্য অসমৰ মৎস্য ব্যৱসায়ীয়ে উজনিলৈ অনিৰ্দিষ্ট কাললৈ মাছৰ যোগান বন্ধ ৰখাৰ ঘোষণা কৰাত উজনিৰ দল-সংগঠনে মিঞাৰ মাছ নাখাও বুলি হুংকাৰ দি উজনিয়ে মীন পালমেৰে স্বাৱলম্বী হৈ দেখুৱাব বুলি  প্ৰত্যাহবান জনাইছে৷ লক্ষণীয়ভাৱে মঙলবাৰে বিধানসভাৰ মজিয়াতো খোদ মুখ্যমন্ত্ৰীয়ে নগাঁৱৰ পৰা উজনিলৈ মাছ নপঠিয়ালে অন্ধ্ৰ প্ৰদেশৰ পৰা মাছ অনা হ’ব বুলিও উজনি অসমবাসীক প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ এই স্থিতিৰ বিপৰীতে বুধবাৰে ৰাজ্যৰ মীন মন্ত্ৰী কেশৱ মহন্তই উজনিলৈ মাছৰ যোগান বন্ধ নহয় বুলিহে জানিবলৈ দিছে৷ বিধানসভাৰ চৌহদত সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত মীন মন্ত্ৰীয়ে কয়– ‘আমি উজনিলৈ মাছ যোগান ধৰাৰ ব্যৱস্থা কৰিম৷ উজনিলৈ কোনো কাৰণতে মাছ পঠিওৱা বন্ধ নহয়৷ ন্যস্ত স্বাৰ্থজড়িতসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

উজনিলৈ মাছ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত যিসকলে বাধা প্ৰদান কৰে, তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷’ তাৎপৰ্যপূৰ্ণভাৱে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নগাঁৱৰ পৰা উজনিলৈ মাছ বন্ধ কৰাৰ আঁৰত মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ দুই বিশ্বস্ত ব্যক্তি জড়িত থকাৰ চাঞ্চল্যকৰ অভিযোগ কৰিছে৷ এই দুই ৰাজনৈতিক নেতাৰ নিৰ্দেশতে বিশ্বস্ত ব্যৱসায়ীয়ে উজনি অসমলৈ মাছ প্ৰেৰণ নকৰাৰ হুংকাৰ দিয়াৰ অভিযোগ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে হিন্দু-মুছলমানৰ মাজত বিভাজন অনাটোৱেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমানৰ কাম বুলিও কটাক্ষ কৰে৷ স্বাভাৱিকতেই মধ্য অসমৰ মাছৰ বিষয়টোক লৈ এতিয়া ৰাজনীতি আৰম্ভ হোৱাত উজনিয়ে নগাঁৱৰ মাছ খাবলৈ নাপালেও পানী যে ঘোলা হৈছে সেয়া স্পষ্ট হৈ পৰিছে৷ ইফালে, উজনি অসমলৈ মাছ নপঠিয়াওঁ বুলি কৰা ঘোষণাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত অৱশেষত নগাঁও মীন পালক সন্থাৰ সভাপতি জেহিৰুল ইছলাম আৰু সম্পাদক ইব্ৰাহিম খলিলুল্লাহ মাদানিয়ে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে৷ দুয়োজন মীন পালকে এজন প’ৰ্টেল সাংবাদিকৰ কথা মতে তেনে অবাঞ্ছিত ভাষ্য দিয়া বুলি উল্লেখ কৰি ইতিমধ্যে জুৰীয়া আৰক্ষীক এজাহাৰ দাখিল কৰিছে৷

‘উজনিলৈ মাছ বন্ধ কৰাৰ আঁৰত পীয়ূষ-আমিনুলৰ বিশ্বস্ত ব্যক্তি’

‘আমাৰ অসম’ৰ ৰহাৰ প্ৰতিবেদক : নগাঁৱৰপৰা উজনিলৈ মাছ সৰবৰাহ বন্ধ কৰাৰ আঁৰত থকা দুজন ব্যক্তিৰ এজন হৈছে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ বিশ্বস্ত আৰু আনজন হৈছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ বিশ্বস্ত৷ এ আই ইউ ডি এফ আৰু বিজেপি লগ হৈ এতিয়া উজনি-নামনি কৰি আছে৷ এই মন্তব্য নগাঁৱৰ সাংসদ প্ৰদু্যত বৰদলৈৰ৷ ৪২১ স্বাধীনতা আন্দোলনত বৃটিছৰ গুলীত নিহত হোৱা বাৰপূজীয়াৰ শ্বহীদ তিলক ডেকাৰ স্মৃতি দিৱসত অংশগ্ৰহণ কৰিবলৈ আহি আজি বাৰপূজীয়াত সাংবাদিকৰ আগত এই মন্তব্য কৰে বৰদলৈয়ে৷ বৰ্তমান ৰাজ্যখনত মাছ ব্যৱসায় আৰু হিন্দু-মুছলমান বিষয়কলৈ চলি থকা পৰিস্থিতি সন্দৰ্ভত সাংবাদিকে সোধাত সাংসদজনে এই মন্তব্য কৰি তেওঁলোকে যিয়েই নকৰক কিন্তু নগাঁৱৰপৰা মাছ অসমৰ বিভিন্ন প্ৰান্তলৈ যায় আৰু যাব বুলি কয়৷ নগাঁৱৰ কৃষকসকল অৰ্থনৈতিকভাৱে যথেষ্ট অগ্ৰণী আৰু তেওঁলোকে অসমৰ বিভিন্ন ঠাইত মাছকে ধৰি বিভিন্ন সামগ্ৰী যোগান ধৰি আহিছে আৰু যোগান ধৰি যাব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি সাংসদ বৰদলৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৬ৰ নিৰ্বাচনলৈকে অতি উৎকট সাম্প্ৰদায়িক মৌলবাদী হৈ কাম কৰিব আৰু তেওঁৰ এতিয়া বেলেগ কাম নাই এটাই কাম সেয়া হৈছে হিন্দু-মুছলমান কৰি আমাৰ সমাজক বিভাজনহ্ল কৰা৷  অসমৰ ৰ,২৫০০চাকৰিৰ পদৰ বাবে ৩১লাখ অসমৰ যুৱক-যুৱতীয়ে আবেদন কৰা বিষয়টোৱেই ৰাজ্যখনৰ নিবনুৱা সমস্যাৰ ভয়াৱহ ছবি উদঙাই দেখুওৱাৰ সময়ত আৰু ৰাজ্যৰ প্ৰকৃত দুৰ্দশাৰ ছবিখন স্পষ্ট হৈপৰাৰ সময়ত মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে ক’লা ধনেৰে অবৈধভাৱে গঢ়া সম্পত্তিৰ পাহাৰ আহৰণ কৰাৰ কথা যাতে মানুহক পাহৰাই ৰাখিব পাৰে তাৰবাবেই আগতে বৃটিছে যেনেকৈ কানি খুৱাই আন্দোলনকাৰীক বিমৰ্ষ কৰি ৰাখিছিল সেইদৰে এওঁলোকে এতিয়া ধৰ্মান্ধৰৰ কথা কৈ ৰাইজক বিভ্ৰান্ত কৰি ৰাখিবৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰে৷ ২৬১ নিৰ্বাচনলৈকে হিমন্ত বিশ্ব শৰ্মাই এতিয়া হিন্দু-মুছলমানৰ বাদে একো নকৰি কেৱল আবেগৰ ধুমুহা বোৱাই নিৰ্বাচনত জিকি অহাটোৱেই মূল উদ্দেশ্য কৰি লৈছে বুলিও মন্তব্য কৰি সাংসদ বৰদলৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ অধিৱেশনত জাতি-জনগোষ্ঠীক লৈ যি আস্ফালন ঘটালে, সেই আস্ফালনেই মুখ্যমন্ত্ৰীৰ পদৰ গৰিমাক ধূলিসাৎ কৰিলে বুলিহে কয়৷

নগাঁৱত বীৰ লাচিত সেনাৰ দুই নেতাক আটক

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ : নগাঁও জিলা মৎস্য ব্যৱসায়ী সন্থাই উজনি অসমলৈ মাছ সৰবৰাহ নকৰাৰ ভাবুকি দিয়াৰ পাছতে কালিৰেপৰা মুছলমান মৎস্য ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বীৰ লাচিত সেনাই৷ আজি পুৱাৰেপৰা বিশেষ সম্প্ৰদায়টোৰ মৎস্য ব্যৱসায়ীসকলৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ সদস্যসকলে নগাঁও চহৰৰ মাছৰ বজাৰত অভিযান চলায়৷ বিশেষকৈ বৰবজাৰৰ মাছৰ বজাৰত  বীৰ লাচিত সেনাই জিলাখনৰ জুৰীয়া, ৰূপহী আদি অঞ্চলৰ উক্ত সম্প্ৰদায়টোৰ মৎস্য ব্যৱসায়ীসকলক মাছ বিক্ৰীত বাধাপ্ৰদান কৰে৷  এই অঞ্চলসমূহৰপৰা নগাঁও চহৰলৈ ই-ৰিক্সাত অনা মাছ বিক্ৰীত বাধাপ্ৰদান কৰে৷ টমটমসমূহ বীৰ লাচিত সেনাই মাছসহ ওভতাই পঠায়৷ বীৰ লাচিত সেনাই শান্তিপূৰ্ণভাৱে ৰূপায়ণ কৰা এই কাৰ্যসুচীৰ সময়ত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই৷ বীৰ লাচিত সেনাই বৰবজাৰৰ মৎস্য ব্যৱসায়ীসকল মুছলমান মৎস্য ব্যৱসায়ীৰপৰা মাছ ক্ৰয় নকৰিবলৈ আহ৩ান জনায়৷ বৰবজাৰৰ মৎস্য ব্যৱসায়ীসকলে এইক্ষেত্ৰত বীৰ লাচিত সেনাক সহযোগিতা কৰিব বুলি জানিবপৰা গৈছে৷ ইপিনে আজি আৰক্ষী প্ৰশাসনে নগাঁৱৰ বজাৰসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে৷ আৰক্ষীয়ে এই সংক্ৰান্তত বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিৰ মুখ্য সচিব বিতুপন শইকীয়া আৰু সদস্য দৰ্পণ বৰাক আটক কৰে৷ আৰক্ষীয়ে বীৰ লাচিত সেনাৰ দুই নেতাক আটক কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৱে৷ সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰূপজ্যোতি শইকীয়াই এই সন্দৰ্ভত কয় যে আমাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ পঠিয়ালেও আমাৰ সংগ্ৰাম অব্যাহত থাকিব৷ উজনিলৈ মাছ সৰবৰাহ নকৰাৰ ভাবুকি দিয়া নগাঁও জিলা মৎস্য ব্যৱসায়ী সন্থাই উজনি অসমৰ ৰাইজৰ ওচৰত আঁঠুকাঢ়ি ক্ষমা নোখোজে তেন্তে মধ্য অসমত তেওঁলোকক মাছৰ ব্যৱসায় কৰিবলৈ দিয়া নহ’ব৷ তদুপৰি, তেওঁলোকে বীৰ লাচিত সেনাৰ ওচৰতো ক্ষমা খুজিব লাগিব বুলি মন্তব্য কৰে নেতাজনে৷ খিলঞ্জীয়া মীন পালকৰ বাহিৰে আন কাকো মাছ বিক্ৰী কৰিবলৈ দিয়া নহ’ব বুলি সকীয়নি প্ৰদান কৰে বীৰ লাচিত সেনাই৷ বৰবজাৰকে ধৰি জিলাখনৰ মৎস্য ব্যৱসায়ীসকলে নগাঁও জিলা মৎস্য ব্যৱসায়ী সন্থাৰ লগত তেওঁলোক জড়িত নহয় আৰু তেওঁলোকক চিনি নাপাাই বুলি কোৱা মন্তব্যই তাৎপৰ্য বহন কৰিছে৷ তেওঁলোকে মৎস্য ব্যৱসায়ী সন্থাটো পাৱত গজা বুলিহে ক’ব বিচাৰে৷ বীৰ লাচিত সেনাৰ এই অভিযানৰ বাবে জিলাখনত মাছৰ ব্যৱসায়ত প্ৰভাৱপৰে৷ শেহতীয়া খবৰ অনুসৰি বিতৰ্কিত নগাঁও জিলা মৎস্য ব্যৱসায়ী সন্থাৰ নগাঁও জিলা সমিতিৰ সম্পাদক জহিৰুল ইছলামক জুৰীয়া আৰক্ষীয়ে আটক কৰি সোধা-পোছা কৰি আছে৷ মাছ ব্যৱসায়ক কেন্দ্ৰ কৰি কি পৰিস্থিতিৰ সৃষ্টি হয়, সেয়া অনাগত সময়ত লক্ষণীয় হ’ব৷

জুৰীয়াত মীন পালন সন্থাৰ বিৰুদ্ধে মীন পালকৰ ৰাইজমেল 

‘আমাৰ অসম’ৰ জুৰীয়াৰ প্ৰতিবেদক : জুৰীয়াত মীন পালন সন্থাৰ বিৰুদ্ধে মীন পালকৰ তীব্ৰ প্ৰতিক্ৰিয়া৷ মীন পালকৰ মন্তব্য আমি নিজে মীন পালন কৰোঁ আমাৰ ইয়াত কোনো মীন পালন সন্থা নাই৷ নগাঁও জিলা মীন পালন সন্থাৰ নামলৈ যি দুই-তিনিজন ব্যক্তিয়ে উজনি অসমলৈ মাছ প্ৰেৰণ নকৰোঁ বুলি মন্তব্য দিছে তাক তীব্ৰ গৰিহণা জনাইছে জুৰীয়াৰ মীন পালকসকলে৷ উজনি অসমলৈ মাছ প্ৰেৰণ নকৰোঁ বুলি মন্তব্য কৰা ইব্ৰাহীম খলিলুল্লাহ মদানিয়ে নিজৰ প’ৰ্টেলৰ টি আৰ পিৰ বাবে এনেদৰে মন্তব্য দিয়াৰ অভিযোগ জুৰীয়াৰ মীন পালকৰ৷ উজনি অসমলৈ মাছ প্ৰেৰণ নকৰোঁ বুলি মন্তব্য কৰাসকলক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবী জুৰীয়াৰ মীন পালকৰ৷

সংঘাতৰ ষড়যন্ত্ৰ বন্ধ কৰক : চি আই টি ইউ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ : সাম্প্ৰতিক সময়ছোৱাত অসমত ঘটি থকা বিভাজনৰ ৰাজনীতিৰ জৰিয়তে বিজেপি চৰকাৰে শ্ৰমজীৱী মানুহৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰা কাৰ্যক চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰভাৱে গৰিহণা দিয়ে৷ এই সম্পৰ্কে কমিটীৰ উপ-সভাপতি বীৰেন শৰ্মাই বুধবাৰে সংবাদ মধ্যম কয় অতি সম্প্ৰতি লক্ষ্য কৰা গৈছে যে শাসকীয় বিজেপি দলে ক্ষমতা অব্যাহত ৰখাৰ স্বাৰ্থত ধৰ্মৰ নামত সাধাৰণ জনতাক উচতনিমূলক বক্তব্যৰে বিধানসভাৰ পৰিৱেশ কলুষিত কৰা পৰিলক্ষিত হৈছে৷  বিধানসভাৰ ভিতৰত ৰাজ্য চৰকাৰৰ মুৰব্বীৰূপে থকা মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ মন্ত্ৰী-বিধায়কসকলে জনসাধাৰণৰ জীৱন-জীৱিকা আৰু উন্নয়নৰ কথাক পিঠি দি কেৱল মাত্ৰ হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰা ষড়যন্ত্ৰ ৰচিছে৷ ইতিমধ্যে সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীজনৰ বিধানসভাৰ ভিতৰৰ ভাষ্য ব্যাপক প্ৰচাৰ হৈছে৷ মুখ্যমন্ত্ৰী গৰাকীৰ এই ধৰণৰ নিকৃষ্ট বিভাজনবাদী ৰাজনীতিক আমি তীব্ৰ বিৰোধিতা কৰিছো৷  চৰকাৰৰ এনে ষড়যন্ত্ৰমূলক পৰিপ্ৰেক্ষিততে দেখা যায় যে–বিজেপিৰ শিৱসাগৰ জিলাৰ সভাপতি ময়ূৰ বৰগোহাঁইয়ে দহ কোটি টকাৰ ‘স্কিল ডেভলপমেণ্ট প্ৰজেক্টৰ’ৰ কামত বৰপেটা আৰু গোৱালপাৰাৰ ১৩জন শ্ৰমিকক কামত খতুৱাই মজুৰি আদায় নিদি সন্দেহ যুক্ত নাগৰিকৰ নাম লৈ শাৰীৰিক অত্যাচাৰ কৰি খেদি পঠিয়ায়৷  লগতে সেই শ্ৰমিক কেইজনে কাম কৰি পাবলগীয়া মজুৰিৰ ১০ লাখ টকাও বৰগোহাঁইয়ে ৰাখি থয়৷ ইতিমধ্যে সংবাদ মাধ্যমত এই ঘটনা প্ৰচাৰিতও হৈছে৷ আমি এই ঘটনাক তীব্ৰ নিন্দা কৰে লগতে শিৱসাগৰ প্ৰশাসনক আহ৩ান জনাই যে কামত খতুৱাই মজুৰি নিদি শাৰীৰিক অত্যাচাৰ কৰা বিজেপি নেতাক উপযুক্ত শাস্তি প্ৰদান কৰা আৰু উক্ত শ্ৰমিক কেইজনৰ প্ৰাপ্য মজুৰি আদায় দিয়াৰ ব্যৱস্থা কৰে৷ ইয়াৰ বিৰুদ্ধে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ৰাজ্য তথা জনসাধাৰণৰ উমৈহতীয়া স্বাৰ্থত সৰ্বস্তৰৰ ৰাইজক ঐক্যবদ্ধ হৈ বিজেপিৰ বিভাজনমুখী কাম-কাজৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনত চামিল হ’বলৈ আমি আহ৩ান জনালোঁ৷