Logo
image

আঘোণত ধান দাবলৈ ‘মিঞা’ক নামাতিব

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৯ আগষ্ট : ইটোৰ পাছত সিটো ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ পাছত ইছ্যু ডাইভাৰ্ট কৰিবলৈ ‘মিঞা’ৰ ফালে লৈ যোৱা হৈছে৷ আমি কৰ্মমুখী নোহোৱা বাবেই আজিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আজি হিন্দু ল’ৰাই অপৰাধ কৰা নাই নেকি? এই প্ৰশ্ন অসম যুৱ পৰিষদৰ৷ বিজেপিৰ মিত্ৰদল অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঞিয়ে বুধবাৰে অগপৰ সদৰত এখন সংবাদমেল আয়োজন কৰি বৰগোহাঁয়ে আৰু কয়– আঘোণত ধান দাবলৈ যাতে কোনেও ‘মিঞা’ৰ ওচৰলৈ নাযায়৷ আঘোনত ধান দাবলৈ ‘মিঞা’ক নামাতিব৷ আমি কৰ্মমুখি নোহোৱা বাবেই আজিৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ শিৱসাগৰৰ ঘটনাৰ পাছত থলগিৰী জনসাধাৰণৰ স্বাৰ্থত ৩০ সংগঠনে লোৱা কাৰ্যসূচী আমি পৰ্যবেক্ষণ কৰিছোঁ৷ আমাৰ আবেগবোৰ যাতে ক্ষন্তেকীয়া নহয়৷ বুধবাৰে অসম গণ পৰিষদৰ গুৱাহাটীৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়– নতুন প্ৰজন্ম কৰ্মমুখী হ’ব লাগিব৷ যদি নতুন প্ৰজন্ম কৰ্মমুখী নহয় স্বাভাৱিকতে নগাঁৱৰ মাছ শিৱসাগৰত বিক্ৰী কৰিব লাগিব৷ কৰ্ম মুখী নহ’লে জাতি এটা জীয়াই থাকিব নোৱাৰে৷ মিঞা খেদি দিও বুলিলে খেদি দিব নোৱাৰোঁ৷ ৩০টা জনগোষ্ঠীয় সংগঠনৰ লগত আমি নাই বুলিও কোৱা নাই, মিঞাৰ লগত নাই বুলিও কোৱা নাই৷ সকলো মিঞা বেয়া নেকি? অপৰাধ কৰা মিঞা জনক ধৰক/ ইছ্যুটো মিঞাৰ ফালে গুছি গ’ল৷ আমি ৰাজ্যখনৰ পৰিস্থিতি গভীৰভাৱে পৰ্যবেক্ষণ কৰি আছোঁ৷ আমি কৰ্মসংস্কৃতিৰ মাজেৰে জীয়াই থাকিব লাগিব৷ কিছু সংগঠনে ধৰ্মীয় বিদ্বেষ অনা যেন লাগিছে৷ ৩০ সংগঠনৰ উজনিৰ কাৰ্যসূচী কিছুদিনৰ পিছত যেন সলনি নহয়৷ ৩০ জনগোষ্ঠীয় সংগঠনে আগতেই এই কাম কিয় নকৰিলে? ধান কটাৰ সময়ত যাতে আকৌ উজনিলৈ সেই মানুহখিনি উভতি নাহে, তাৰ প্ৰতিও চকু ৰাখিব লাগিব৷ বিশেষ ধৰ্মক উজনিৰ পৰা খেদিলেই সমস্যাৰ সমাধান নহয়৷ এটা বিশেষ ধৰ্মৰ ওপৰত আক্ৰমণ কৰা হৈছে৷ অপৰাধীৰ কোনো ধৰ্ম নাথাকে৷ অপৰাধীক ধৰ্মৰ ভিত্তিত শাস্তি প্ৰদান কৰিব নালাগে৷ সম্প্ৰতি ধিঙৰ ঘটনাক অন্য ৰূপ দিবলৈ চেষ্টা কৰা হৈছে৷

 ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি এই কথা কৈছোঁ৷ হিন্দু মুছলমান আমি একেলগে থাকিব লাগিব৷ অসম চুক্তি আজি প্ৰাসংগিক হৈ পৰিছে৷ আমি দাবী জনাও শীঘ্ৰেই অসম চুক্তি ৰূপায়ণ কৰক৷ হিন্দু মুছলমান বুলি কথা নাই, বিদেশী বিদেশীয়েই৷ অসমত যি পৰিস্থিতি আজি হৈছে, সেই পৰিস্থিতি হ’ব নালাগিছিল৷ অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্ত কৰিব লাগিব, বিদেশী ইয়াৰ পৰা যাব লাগিব৷ অসমত যাতে গোষ্ঠীগত সংঘৰ্ষৰ যাতে সৃষ্টি নহয়, সেই বাবে চৰকাৰে কাম কৰিব লাগিব৷ আমি ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা নতুন প্ৰজন্মক সংস্থাপিত কৰা বাবে মীন, পশুপালন, বিভিন্ন কৰ্মমুখী কাৰ্যসূচী গ্ৰহণ কৰিম৷ যুৱ প্ৰজন্মক কৰ্মমুখি কৰি তুলিবলৈ এই পদক্ষেপ৷ ইয়াত কোনো ধৰ্মক লৈ ৰাজনীতি কৰা দলে কিবা ক’লে আমি তাত একো নকওঁ৷ আজিৰ পৰিস্থিতি অগ্নিগৰ্ভা৷ নতুন প্ৰজন্মই ইয়াৰ পৰা আঁতৰি থাকিব লাগিব শিক্ষিত নিবনুৱাক বেংকৰ ঋণ সহজে পোৱাৰ ব্যৱস্থা আৰম্ভ কৰিছে যুৱ পৰিষদে৷ কোনো বিদেশীয়ে যাতে অসমত প্ৰবেশ কৰিব নোৱাৰে তাৰ বাবে চৰকাৰ, সীমান্ত আৰক্ষী অধিক কঠোৰ হ’ব লাগে৷ অসমত এনে পৰিস্থিতি নিবিচাৰোঁ৷ এই পৰিস্থিতিত আমি উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ৷ আনি সমিল মিলে থাকিব বিচাৰোঁ৷ যাতে গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি নহয়৷’ সংবাদ মেলত অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মা, সাধাৰণ সম্পাদক নোমল বৰা আদি উপস্থিত থাকে৷ সকলো শিক্ষানুষ্ঠান আৰু ছবিগৃহত বাধ্যতামূলক পৰিবেশন হ’ব লাগিব অসম সঙ্গীতঅসম যুৱ পৰিষদে ৰাজ্যখনৰ সকলো ছবিগৃহ আৰু শিক্ষানুষ্ঠানযবিদ্যালয়তে অসম সংগীত পৰিবেশন বাধ্যতামূলক কৰাটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ এই ক্ষেত্ৰত অসম যুৱ পৰিষদৰ তৰফৰ পৰা ৰাজ্যখনৰ ছবিগৃহসমূহৰ লগতে বিদ্যালয়সমূহত যাতে বাধ্যতামূলক ভাৱে অসম সংগীত পৰিবেশন হয় তাৰ বাবে পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি গুৱাহাটীৰ কেইবাটাও ছবিগৃহ আৰু বিদ্যালয়ত অসম সংগীত পৰিবেশন কৰিবলৈ ছবিগৃহৰ স্বত্বাধিকাৰী আৰু বিদ্যালয়সমূহৰ অধ্যক্ষসকলক সাক্ষাৎ কৰি পত্ৰ প্ৰদান কৰিছে৷ চৰকাৰী নিৰ্দেশনা অনুসৰি যদিহে অসম সংগীত পৰিবেশন নকৰে তেন্তে ই জাতীয় স্বাৰ্থৰ পৰিপন্থী হিচাপে বিবেচনা কৰা হ’ব বুলি কয় সংগঠনটোৱে৷ ৰাজ্যৰ শেহতীয়া পৰিস্থিতি পৰ্য্যবেক্ষণ কৰি অসম যুৱ পৰিষদে নিবনুৱা যুৱক-যুৱতী সকলক সংস্থাপনযস্বাৱলম্বী কৰাৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ ব্যৱস্থা কৰাৰ লগতে চৰকাৰৰ আচঁনি সমূহৰ পৰা উপকৃত হোৱাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ যুৱ পৰিষদৰ তৰফৰ পৰা ইতিমধ্যে গ্ৰহণ কৰি আহিছে আৰু কৰি যাব৷ অপৰাধ কেতিয়াও জাতি বা ধৰ্মৰ ভিত্তিত হ’ব নোৱাৰে৷ শেহতীয়া পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰি অসম যুৱ পৰিষদে কয়– অসম গণ পৰিষদ দল ধৰ্মনিৰ্পেক্ষতাত বিশ্বাসী এটা দল৷ এই ক্ষেত্ৰত এটা জাতি বা ধৰ্মৰ মানুহে কেতিয়াও অপৰাধমূলক প্ৰৱণতা লৈ জীয়াই নাথাকে৷ সেয়েহে কোনো নিৰ্দিষ্ট জাতি বা ধৰ্মৰ লোকক অপৰাধী সজোৱাৰ পৰিৱৰ্তে চৰকাৰখনে অপৰাধীক উচিত শিক্ষা প্ৰদানৰ বাবে সঠিক ব্যৱস্থা ল’বলৈ আহ৩ান জনাইছে অসম যুৱ পৰিষদে৷