Logo
image

৯ লাখ আৱেদনকাৰীৰ বাবে আধাৰ শীঘ্ৰে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ আগষ্ট : ‘অসমৰ ৯ লাখ ৩৫ হাজাৰ ৬৮২ জন লোকে এমাহ, পোন্ধৰ দিনৰ ভিতৰত বন্ধ হৈ থকা আধাৰকাৰ্ড লাভ কৰিব৷ ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আগষ্টৰ ভিতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই লোকসকলে আধাৰকাৰ্ডৰ বায়মেট্ৰিক দিছিল৷ কিন্তু তেওঁলোকৰ বায়মেট্ৰিক ইউডিআইয়ে লক কৰি ৰাখিছিল৷’– এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ বুধবাৰে জনতা ভৱনৰ লোকসেৱা ভৱনত এক সংবাদমেলত এই ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয়– ‘কেন্দ্ৰীয় চৰকাৰে কালি এইসকল লোকৰ আধাৰ প্ৰদানত সন্মতি প্ৰদান কৰিছে৷ যোৱা দুবছৰ ধৰি ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগত আছিল৷ নতুনকৈ আধাৰ পাবলগীয়াসকলৰ ভিতৰত ডিব্ৰুগড়ত ১৫ হাজাৰ মৰাণ মটক লোক, গোলাঘাটত জ্জ্ব হাজাৰ আৰু শিৱসাগৰত ১০ হাজাৰ স্থানীয় লোকো আছে৷ এন আৰ চিৰ সৈতে এই আধাৰ পোৱা লোকসকলৰ কোনো সম্পৰ্ক নাই৷ এন আৰ চিত নাম বাদ পৰা ১৯ লাখ লোকৰ পৰা তেওঁলোক সম্পূৰ্ণ পৃথক৷ আধাৰকাৰ্ড নথকাৰ বাবে তেওঁলোকৰ ৰেছন কাৰ্ড, স্কলাৰশ্বীপ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আছিল৷ এন আৰ চিৰ খচৰা আৰু চূড়ান্ত দুয়োটাতে এওঁলোকৰ নাম আছিল৷ আছুৰো তেওঁলোকক আধাৰকাৰ্ড দিয়াৰ সমৰ্থন আছে৷ ইফালে মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত কয় যে অসমত জনগাঁঠনিৰ কেনেদৰে সলনি হৈছে৷ এই সন্দৰ্ভত অহা এপ্ৰিল, মে’ৰ ভিতৰত ৰাজ্য চৰকাৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব৷ ৰাজ্যৰ বহু বুথত মুছলমানৰ সংখ্যা বাঢ়িছে৷ ৰাজ্যৰ ২৮ হাজাৰ ভোটকেন্দ্ৰৰ ভিতৰত ১৯ হাজাৰতে জনগাঁথনি সলনি হৈছে৷ উদাহৰণস্বৰূপে ধিঙৰ কছাৰীগাঁৱত এতিয়া এজনো কছাৰী লোক নাই৷



বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পিছত অসমলৈ মুছলিম প্ৰব্ৰজন বৃদ্ধি পাইছে৷ বাংলাদেশৰ পৰা প্ৰৱেশ কৰি অসম তথা উত্তৰ-পূবৰ পৰা বহু বাংলাদেশী লোক দক্ষিণ ভাৰতৰ দিশে গৈছে৷ এজনো হিন্দু লোক বাংলাদেশৰ পৰা অহা নাই৷ কালি তিনিজনক ধৰা পৰা বাংলাদেশৰ মুছলমান লোকক পুছবেক কৰা হৈছে৷ তেওঁলোক হ’ল ক্ৰমে– জুবেৰ শ্বেখ, জুৱেল শ্বেখ আৰু ৰুমা খাটুন৷ সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে লগতে কয়– ঝাৰখণ্ডৰ কেবিনেট মন্ত্ৰী চম্পাই চোৰেণ এসপ্তাহ পূৰ্বে তিনি দিনৰ বাবে দিল্লীলৈ গৈছিল৷ দুবাৰকৈ তেওঁ দিল্লীলৈ গৈ তাজ হোটেলত আছিল৷ কালি গম পালোঁ দুয়োবাৰ দিল্লীলৈ যাওঁতে ঝাৰখণ্ডৰ এছ বিয়ে তেওঁক অনুসৰণ কৰিছিল৷ হোটেলত দুয়োজনকে ধৰা হ’ল৷ চম্পাই চোৰেণে দুয়োজনৰ ওপৰত দিল্লীত গোচৰ ৰুজু কৰিছে৷ পিছত গম পোৱা গ’ল দুয়োজন ঝাৰখণ্ড আৰক্ষীৰ এছ আই৷ প্ৰথমে দুয়োজনে সাংবাদিক বুলি পৰিচয় দিছিল৷ ৩০ তাৰিখে মই ঝাৰখণ্ডলৈ যাম, তাত ৰাজ্যপালক সাক্ষাৎ কৰিম৷ তৰুণ গগৈ চৰকাৰৰ দিনত মোৰ বিৰুদ্ধে এছ বি লগোৱা বুলি কোৱা হৈছিল৷ কিন্তু সেয়া কোৱাহে হৈছিল৷ কিন্তু ঝাৰখণ্ড চৰকাৰে বৰ্তমান মন্ত্ৰী হৈ থকা এজনৰ বিশেষ এছ বিক লগাইছে৷

  কংগ্ৰেছৰ দিনত ১৫ বছৰত হৈছিল ১৫ কিলোমিটাৰ মথাউৰি : মন্ত্ৰী পীয়ূষ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ : জলসম্পদ বিভাগৰ পুঁজি বিতৰণত কোনো ধৰণৰ বৈষম্য কৰা নাই৷ বিৰোধী বিধায়কে অনা এনে অভিযোগ নস্যাৎ কৰিছোঁ৷ এই ভাষ্য ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ৷ জলসম্পদ বিভাগৰ কৰ্তন প্ৰস্তাৱৰ উত্তৰ দিবলৈ গৈ মন্ত্ৰী হাজৰিকাই এই মন্তব্য কৰে৷ তেওঁ আৰু কয়– ‘বিগত চাৰে তিনি বছৰত কেন্দ্ৰীয় চৰকাৰে অসমক পৰ্যায়ক্ৰমে প্ত হাজাৰ কোটি আৱণ্টন দিছে৷ কেন্দ্ৰীয় চৰকাৰে ৯০ঃ১০ হাৰত আগবঢ়োৱা পুঁজিৰে অসম চৰকাৰে বান-খহনীয়া নিয়ন্ত্ৰণৰ বাবে কাম কৰিছে৷ চৰকাৰখন বান নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সফল হৈছে৷ জীয়াধল নৈত নতুন ধৰণে মথাউৰি দিয়াৰ বাবে ধেমাজি আজি বানমুক্ত হৈছে৷ কংগ্ৰেছৰ শাসনকালত সূদীৰ্ঘদিন ধৰি মৰিগাঁও জিলাৰ বিধায়ক মন্ত্ৰী হৈ থাকিও মৰিগাঁও জিলাখনক বানমুক্ত কৰিব নোৱাৰিলে৷ আমি চাৰে তিনিবছৰত মৰিগাঁৱত বান ৰোধ কৰিলোঁ৷ কংগ্ৰেছৰ শাসনকালত ১৫ বছৰত ১৫.৪২ কিলোমিটাৰ মথাউৰি নিৰ্মাণ হৈছিল৷ ইয়াৰ বিপৰীতে বিজেপিৰ চাৰে তিনি বছৰত মথাউৰি নিৰ্মাণ হৈছে ১৮৮ কিলোমিটাৰ৷ অহা বছৰ এই সংখ্যা হ’ব ২২৫ কিলোমিটাৰ৷ ২০০১-১৫ চনলৈ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালত ৰ,ৰ১৩টা মথাউৰি ভাঙিছে৷ আনহাতে, বিজেপিৰ শাসনকালত ভাঙিছে ২১৩টা মথাউৰি৷ কংগ্ৰেছৰ শাসনকালত এটা বছৰত ৩৫৪টা মথাউৰি ভাঙিছিল আৰু সেইবোৰ মেৰামতি কৰিবলৈ প্ৰয়োজন হৈছিল ৩ বছৰ৷ এতিয়া মথাউৰি ভঙাৰ ১৫ দিনৰ ভিতৰত মেৰামতি সম্পূৰ্ণ হয়৷ বিগত সময়ছোৱাত বিটিআৰত জলসম্পদৰ কামৰ বাবে ৩০০ কোটি টকা, কাৰ্বি পাহাৰত ১০০ টকা দিয়া হৈছে৷ নিয়ম ভাঙি এনেদৰে বিপুল পৰিমাণৰ ধন দিয়া হৈছে৷ কাৰণ আমাৰ জনজাতীয় ভাই-ভনীসকলৰ প্ৰতি টান আছে৷ বিধানসভাত কৰ্তন প্ৰস্তাৱ উত্থাপন কৰিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ ৱাজেদ আলী চৌধুৰী, বিশ্বজিৎ ফুকন, মিছবাহুল ইছলাম লস্কৰ, মনোৰঞ্জন তালুকদাৰ, ছেৰমান আলী সমন্বিতে ২৯জন শাসক-বিৰোধীৰ বিধায়কে কৰ্তন প্ৰস্তাৱ সন্দৰ্ভত বিতৰ্কত ভাগ লৈছিল৷ বিধায়ক মুজিবুৰ ৰহমানে অভিযোগ কৰি কৈছিল জলসম্পদ বিভাগে সমগ্ৰ ৰাজ্যত কাম কৰিছে৷ তাৰ ভিতৰত সংখ্যালঘূ এলেকাত কমকৈ কাম কৰিছে৷

 চৰকাৰক গোৰ্খা সম্মিলনৰ ধন্যবাদ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনআৰচিৰ সময়ত সংগ্ৰহ কৰা বায়’মেট্ৰিকৰ ফলত লক্ষ্যাধিক জনসাধাৰণৰ আধাৰ কাৰ্ড প্ৰস্তুতকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা বুলি দিয়া ঘোষণাক অসম গোৰ্খা সন্মিলনে আদৰণি জনাইছে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথম খচৰাত বিভিন্ন কাৰণত নাম প্ৰকাশিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত উচ্ছতম ন্যায়ালয়ে বাদ পৰা লোকৰ ‘বায় মেট্ৰিক’ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল৷ ফলস্বৰূপে, এনআৰাচিৰ প্ৰথম তালিকাৰ পৰা বাদ পৰা ব্যক্তিসকলৰ আধাৰ কাৰ্ড পাবলৈ সক্ষম হোৱা নাছিল৷ যাৰ ফলত ৰেচন কাৰ্ড, বেংক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠানত নামভত্তিৰ্, চাকৰিত নিযুক্তকে ধৰি বিভিন্ন কামত খাটি খোৱা ৰাইজে হাৰাশাস্থি ভুগীবলগীয়া হৈছিল৷ অসম গোৰ্খা সন্মিলনৰ সভাপতি কৃষ্ণ ভুজেল আৰু মুখ্য সাধৰণ সম্পাদক লক্ষ্মী ছেড়াইয়ে এটা প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কয় যে  প্ৰায় ৫০ হাজাৰতকৈ অধিক গোৰ্খা জনসাধাৰণে এই সমস্যাৰ সন্মুখীন হৈছিল৷ অসম গোৰ্খা সন্মিলনে ৰাজ্য চৰকাৰক বিষয়টি বাৰম্বাৰ দৃষ্টিগোচৰ কৰাৰ ফলস্বৰূপে যোৱা ১৪ জুন অসমৰ মুখ্যমন্ত্ৰীয়ে চিঠি লিখি গোৰ্খা সকলৰ সমস্যা বিশেষ ভাৱে সন্নিবিষ্ট কৰি UDAI (Unique Identification Authority of India)ক আধাৰ কাৰ্ডৰ সমস্যা সমাধান কৰিবলৈ অনুৰোধ জনাইছিল৷ মুখ্যমন্ত্ৰীৰ অনুৰোধ মৰ্মে কেন্দ্ৰীয় চৰকাৰে লোৱা ঐতিহাসিক সিদ্ধান্তই দীৰ্ঘদিন ধৰি আধাৰ কাৰ্ডৰ বাবে সন্মুখীন হৈ থকা সমস্যা সমাধানৰ পথ প্ৰশস্থ হ’ল৷