Logo
image

কাজী প্ৰথা বিলোপ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ আগষ্ট : অসম বিধানসভাত আজি গৃহীত হ’ল ‘দ্যা আছাম ৰিপিলিং বিল-২০২৪’৷ ইয়াৰ লগে লগে বাতিল হ’ল ‘দ্যা আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভ’ৰ্চ ৰেজিষ্টে˜চন এক্ট ১৯৩৫৷’ আনহাতে বিধানসভাত গৃহীত হ’ল ‘আছাম কমপালচৰী ৰেজিষ্ট্ৰেচন অৱ মুছলিম মেৰিয়েজ এণ্ড ডিভ’ৰ্চ বিল ২০২৪৷ ফলত ৰাজ্যত চিৰকালৰ বাবে বিলুপ্ত হ’ল কাজী প্ৰথা৷ কাজীৰ পৰিৱৰ্তে উপ-পঞ্জীয়কে এতিয়াৰে পৰা পঞ্জীয়ন কৰিব মুছলমান বিবাহ৷ অৱশ্যে বিবাহ সম্পূৰ্ণভাৱে ইছলামিক ৰীতি আৰু মুছলিম পাৰ্চনেল আইন অনুসৰি অনুষ্ঠিত হ’ব৷ বিধানসভাত ‘দ্যা আছাম ৰিপিলিং বিল-২০২৪’ গৃহীতকৰণৰ পূৰ্বে বক্তব্য আগবঢ়াব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– ‘বাল্য বিবাহ ৰোধৰ বাবে ‘দ্যা আছাম মুছলিম মেৰিয়েজৰ এণ্ড ডিভ’ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট ১৯৩৫ত সংশোধনী আনিলেও হ’লেহেঁতেন৷ কিন্তু কাজীসকলক বাদ দিবৰ বাবেই এই আইন সম্পূৰ্ণৰূপে বাতিল কৰিবলগীয়া হয়৷ কাজী সকলেই বাল্য বিবাহৰ ৰেজিষ্ট্ৰেচন কৰিছে৷ তেওঁলোক বাল্য বিবাহৰ পক্ষত আছে৷ বাল্যবিবাহৰ পক্ষত তেওঁলোক উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কাৰণ ‘দ্যা আছাম মুছলিম মেৰিয়েজৰ এণ্ড ডিভ’ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট ১৯৩৫মতে বাল্যবিবাহ অপৰাধ নহয়৷ তেওঁ পুনৰ কয়, কাজীসকল বিশ্বাসযোগ্য ব্যক্তি নহয়৷ আমাৰ কাজী প্ৰথা বিলুপ্তি কৰাই হৈছে মূল লক্ষ্য৷ ১৯৩৫ চনৰ পৰা কাজীসকলে পঞ্জীয়ন কৰিলে মুছলিম বিবাহ৷ এই কাজীসকলে আইন বিৰোধভাৱে উপ-কাজীও নিয়োগ কৰে৷ এনে কাৰণতে বিলুপ্তি ঘটোৱা হৈছে কাজী প্ৰথাৰ৷ কোনো বে-চৰকাৰী ব্যক্তিয়ে মুছলিম বিবাহ পঞ্জীয়নৰ দায়িত্ব লাভ নকৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়– উচ্ছতম ন্যায়ালয়ে বিবাহ পঞ্জীয়নৰ কতৃৰ্ত্ব দিছে ৰাজ্য চৰকাৰসমূহক৷ চৰকাৰী ব্যক্তিহে উপ-পঞ্জীয়কৰ দায়িত্বত থাকিব৷


মুছলিম বিবাহ পঞ্জীয়নৰ মাচুল বা মোহৰানা হ’ব মাত্ৰ ৰ টকা৷ কাজী প্ৰথা বিলুপ্তি কৰাৰ কথা উল্লেখ কৰি তেওঁ পুনৰ কয়, কাজীসকলে মানি লোৱা-নোলোৱাৰ ওপৰত বিধানসভা নচলে৷ ২০২৬ৰ ভিতৰত আমি বাল্য বিবাহ বন্ধ কৰিম৷ বাহিৰত বাল্য বিবাহ হ’ব পাৰে৷ কিন্তু অসমত নহ’ব বাল্য বিবাহ৷ উল্লেখ্য সদনত সংশোধনী প্ৰস্তাৱ আনি এআইউডিএফৰ বিধায়ক ৰফিকুল ইছলামে কয় যে বহু আৰৱী পণ্ডিত আৰু চৰকাৰী শিক্ষকেই কাজীৰ কাম কৰি আছে৷ গুৱাহাটীৰ কেন্দ্ৰীয় কাজীজনো আৰবী শিক্ষক৷ চৰকাৰী মানুহ৷ অসমত বেছি কাজী নাই৷ ৯০ জনহে আছে কাজী৷ ৰফিকুল ইছলামৰ এই মন্তব্যৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ৯০জন কাজীৰ কথা চিন্তা কৰিব নালাগে৷ মুছলমান ছোৱালীসকলৰ ন্যায়ৰ কথা চিন্তা কৰক৷ ৰফিকুল ইছলামে নিজৰ দুজনী ছোৱালীৰ ন্যায়ৰ কথা চিন্তা নকৰি কাজীৰ কথা চিন্তা কৰিছে৷ কাজীসকলক মই হেণ্ডেল কৰিম৷ কাজী বন্ধ কৰাৰ মতলবতেই এই আইন বাতিল কৰা হৈছে৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক গুৱাহাটী সদৰৰ কাজীৰূপী শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে কয়, ছাব ৰেজিষ্টাৰ অফিচলৈ আহিবলৈ অসুবিধা পালে আমি সুকীয়াকৈ মুছলিম ছাব ৰেজিষ্টাৰ অফিচ কৰি দিম৷ প্ৰয়োজনত আমি ব্লক, পঞ্চায়ততো ৰেজিষ্টে˜চনৰ সুবিধা কৰি দিম৷ তাতে পঞ্জীয়ন কৰিব পাৰিব৷ কিন্তু চৰকাৰী অফিচতহে মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন হ’ব৷ মুছলিম বিবাহ পঞ্জীয়নৰ মাছুল ছিম্বলিকভাৱে এক টকা দিলেই হ’ব৷ বেছি টকা দিব নালাগে৷ টকা ঘটাটো আমাৰ উদ্দেশ্য নহয়৷ মুখ্যমন্ত্ৰীয়ে সদনত লগতে কয় দেশৰ সৰ্বাধিক মুছলমান থকা জম্মু-কাশ্মীৰতো মুছলমান বিবাহ চৰকাৰী কাৰ্যালয়ত পঞ্জীয়ন হয়৷ কেৰালাতো হয় চৰকাৰী কাৰ্যালয়ত৷ কাজীসকলক ধন্যবাদ৷ ১৯৩৫ ৰ পৰা বহু কষ্ট স্বীকাৰ কৰিলে কাজীসকলে৷ এতিয়া আৰু সেই কষ্ট কৰিব নালাগে৷ ইফালে বিধানসভাত বিধায়ক ড॰ ৰফিকুল ইছলামে কয়, কেৱল মুছলমানেই বহুবিবাহ নকৰে, ট্ৰাইবেল আৰু চাহ বাগান অধ্যুষিত অঞ্চলত বহুবিবাহ বহু হয়৷ এই মন্তব্যৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়– ‘তেনে কথা কৈ ট্ৰাইবেল আৰু বাগানৰ মানুহৰ খং উঠাই নল’ব৷ ট্ৰাইবেল আৰু বাগানত বহুবিবাহ নহয়৷ মহিলাৰ কল্যাণৰ কথা ন্যায়ৰ কথা চিন্তা কৰক৷ মহিলা মানেই মোৰ ছোৱালী৷’ আনহাতে বিধানসভাত এই আইনৰ বিতৰ্কত বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় মুছলমানসকলৰ নিকাহৰ ক্ষেত্ৰত আমি হস্তক্ষেপ কৰা নাই৷ আপোনালোকে বাহিৰত বিভ্ৰান্তিৰ সৃষ্টি নকৰিব৷ অনুগ্ৰহ কৰি নিকাহৰ সংজ্ঞা ভালকৈ অধ্যয়ন কৰিব৷ তেওঁ কয়, প্ৰথমেই হ’ব নিকাহ৷ এই নিকাহত আমাৰ কোনো কথা নাই৷ নীতি, নিয়ম আৰু মুছলিম পাৰ্ছনেল ল’ মানি নিকাহত আমাৰ কোনো কথা নাই৷ নীতি, নিয়ম আৰু মুছলিম পাৰ্ছনেল ল মানি নিকাহ হ’লে দুজন ব্যক্তি স্বামী আৰু পত্নী, তাত লিভ ইন ৰিলেচনৰ কথা নাহেই৷ অধ্যাদেশ জাৰি কৰি আমি কাজী ‘চিষ্টেম’ বন্ধ কৰিলো৷ বহুখিনি নিকাহ মাজত হৈ গ’ল৷

ইতিমধ্যে নিকাহ কৰা পুৰুষ, মহিলা ৰেজিষ্টে˜চনৰ বাবে ৰৈ আছে৷ সেয়েহে যিয়ে কাজীত ইতিমধ্যে ৰেজিষ্টে˜চন কৰিলে তেওঁলোকক এইখন আইনত অবৈধ আখ্যা দিয়া নাই৷ আজি ছমাহ ধৰি অসমত কাজী নাই৷ এই ছমাহৰ ভিতৰত অসমত যিখিনি নিকাহ হ’ল আৰু নিকাহ হ’ব এই দুয়োখিনি মানুহক ৰেজিষ্ট্ৰেচনৰ সুবিধা দিবলৈ solemnized আৰু intendant শাখা ৰখা হৈছে৷ আনহাতে বহু মুছলমান পুৰুষ, মহিলাই নিকাহ কৰি পঞ্জীয়ন কৰিবলৈ আহিব আৰু কিছুমানে নিকাহ পতাৰ আগতেই ৰেজিষ্টে˜চন কৰিব৷ নিকাহ আমি নাপাতো৷ ছাব-ৰেজিষ্টাৰৰ বিয়া পতাৰ অধিকাৰেই নাই৷ বিয়া বা নিকাহ মুছলিম পাৰ্চনেল ল আৰু ৰীতি-নীতিৰ মতেই হয়৷ ইফালে আজি বিধানসভাত গৃহীত হয় আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেচন বিধেয়ক৷ এই বিধেয়কৰ জৰিয়তে বৰপেটা সত্ৰ আৰু বটদ্ৰৱা থানৰ ভূমি সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়৷ এই দুই স্থানৰ লগতে মাজুলীক সামৰি লোৱা হৈছিল যদিও সাময়িকভাৱে মাজুলীৰ এই বিধেয়কৰ আওঁতাৰ পৰা বাহিৰত ৰখা হয়৷ বিধানসভাত গৃহীত হয় ‘দি আসাম আৰবান ৱাটাৰ বজিজ [প্ৰিজাৰভেশ্বন এণ্ড কনজাৰ ভেশ্বন, বিল ২০২৪, দি আসাম ভেটেৰীনেৰী এণ্ড ফিছাৰী ইউনিভাৰচিটী বিল ২০২৪ কে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধায়ক৷ গৃহীত হয় দি আসাম অফিচিয়েল লেংগুৱেজ (এমেণ্ডমেণ্ট) বিল ২০২৪৷ ইয়াৰ দ্বাৰা মণিপুৰী ভাষাক কাৰ্বি আলং, কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাই জিলাত সহযোগী চৰকাৰী ভাষাৰ মৰ্যদা দিয়া হয়৷ আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্বন বিধেয়ক অনুসৰি বৰপেটা সত্ৰ আৰু বৰদোৱা থানৰ প্ত কিলোমিটাৰ ব্যসাৰ্ধৰ ভিতৰত কেৱল তিনিটা প্ৰজন্ম ধৰি থকা লোকেহে মাটিৰ কিনা-বেচা কৰিব পাৰিব৷ কংগ্ৰেছৰ বিধায়ক ভৰত নৰহে বিধেয়কখনৰ কেতবোৰ আসোৱাহ আঙুলিয়াই দিয়াত নৱেম্বৰৰ পৰৱৰ্তী বিধানসভালৈ মাজুলীক বিধায়কৰ আওতাৰ পৰা বাহিৰত  ৰাখে৷ উল্লেখ্য যে আজি বিধানসভাত ধবনি ভোটত গৃহীত হয় মুছলিম নিকাহ বিধেয়ক৷ কংগ্ৰেছে বিধেয়কৰ সংশোধনী প্ৰস্তাৱ উঠায় লয় যদিও এআইইউডিএফে উঠাই নোলোৱাত ধবনি ভোটত বিধেয়কখন গৃহীত কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷