শিক্ষকৰ বাবে বিপজ্জনক স্থান
শিক্ষাই হৈছে মানৱৰ হাতত থকা একমাত্ৰ অস্ত্ৰ যাৰ জৰিয়তে সংস্কাৰিত হৈছে মানৱ জীৱন৷ অতীতৰ গুৰুকুল শিক্ষা ব্যৱস্থাৰ পৰা আধুনিক বিদ্যালয়ৰ শিক্ষা ব্যৱস্থালৈকে জ্ঞানৰ পুৰোহিতৰ ভূমিকাত থকা প্ৰতিজন শিক্ষকক আজিৰ দিনটোত জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাঞ্জলি৷ শিক্ষক দিৱসটোত প্ৰতিজন শিক্ষকেই সমাজৰ পৰা অন্যায়-অবিচাৰ দূৰ কৰি জ্ঞানৰ ভেটিটো স্থাপন কৰিবলৈ লোৱা সংকল্পই ৰক্ষা কৰি আহিছে ছাত্ৰ-ছাত্ৰীৰ জীৱন৷ ২ ছেপ্টেম্বৰত অসমৰ বিভিন্ন প্ৰান্তত ঠিকাভিত্তিক পদত কৰ্মৰত প্ৰায় ২৪ হাজাৰ শিক্ষকৰ পদ নিয়মীয়া কৰিলে ৰাজ্য চৰকাৰে৷ গুৱাহাটীৰ খানাপাৰাত আয়োজিত এখন বৃহৎ সভাত বিতৰণ কৰা হ’ল নিযুক্তি-পত্ৰ৷ উক্ত সভাতেই ভাষণ প্ৰদান কৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুখত ওলোৱা এষাৰি বাক্যই সন্দিহান কৰি তুলিছে ৰাজ্যৰ বৌদ্ধিক মহলক৷ ৰাজ্যৰ যিসকল শিক্ষকে ধুবুৰী, দক্ষিণ শালমাৰাৰ দৰে বিপজ্জনক স্থানত শিক্ষকতা কৰি আছে, তেওঁলোকক তিনি বছৰৰ ভিতৰত ‘ভাল’ স্থানলৈ বদলি কৰি আনিব বুলি প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ প্ৰশ্নটো হৈছে, ধুবুৰী বা দক্ষিণ শালমাৰাৰ দৰে জিলাসমূহত কৰ্মৰত শিক্ষকসকল সুৰক্ষিত নহয় নেকি? শিক্ষাদানৰ জৰিয়তে নৱপ্ৰজন্মৰ জীৱন গঢ়া শিক্ষকসকলৰ প্ৰতি অসুৰক্ষিত আচৰণ প্ৰদৰ্শন কৰে নেকি জিলা দুখনৰ নাগৰিকসকলে? জিলা দুখনৰ গ্ৰামাঞ্চলত কৰ্মৰত শিক্ষকসকলৰ জীৱনবোৰ যদিহে সুৰক্ষিত নহয়, তাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিছে স্থানীয় প্ৰশাসনে? জিলা দুখনত বাস কৰা নাগৰিকসকল আজিকোপতি শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হৈ আছে নেকি? স্বাধীনতাৰ আগৰে পৰা জিলা দুখনত স্থাপন কৰা শিক্ষানুষ্ঠানবোৰ জ্ঞানৰ মন্দিৰ হোৱাৰ পৰিৱৰ্তে দুষ্ট-দগাবাজৰ বাসস্থান হৈ আছে নেকি?
উক্ত জিলা দুখনত কৰ্মৰত আয়ুক্ত, আৰক্ষী অধীক্ষক, বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু স্থানীয় আৰক্ষী থানাবোৰৰ ভাৰপ্ৰাপ্ত বিষয়াসকল অদক্ষ নেকি? ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান টকাৰ বাবে ধুবুৰী বা দক্ষিণ শালমাৰা জিলাত শিক্ষকতা কৰা শিক্ষকসকলৰ বদলিয়ে সমস্যাটোৰ সমাধানত সহায়ক হ’বনে? যদিহে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে স্বীকাৰ কৰা ধৰণে জিলা দুখনত কৰ্মৰত শিক্ষকসকল সুৰক্ষিত নহয়, কিহৰ স্বাৰ্থত খুলি ৰখা হৈছে চৰকাৰী বিদ্যালয়সমূহ? এনেবোৰ প্ৰশ্নৰ উত্তৰ নোলোৱালৈকে জিলা দুখনত থকা বিদ্যালয় শিক্ষকসকলক কোনে প্ৰদান কৰিব জীৱনৰ সুৰক্ষা? সংখ্যালঘু অধ্যুষিত ধুবুৰী আৰু দক্ষিণ শালমাৰাত কৰ্মৰত দুয়োজন আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে শীঘ্ৰে ৰাজ্য চৰকাৰক জনাওক যে জিলা দুখনত কিমান সুৰক্ষিত শিক্ষকসকল৷ মুখ্যমন্ত্ৰীৰ ভাষ্য মতে, যদিহে আৰক্ষী ব্যৰ্থ হৈছে শিক্ষকৰ সুৰক্ষা প্ৰদানত, তেনেহ’লে শীঘ্ৰে নিয়োগ কৰা হওক অৰ্ধসামৰিক বাহিনী আৰু স্থাপন কৰা হওক সুৰক্ষিত পৰিৱেশৰ৷ যিখন ৰাজ্যত স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো শিক্ষক সমাজ সুৰক্ষিত নহয়, তেনে ৰাজ্যই নিজকে ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য বুুলি কোৱাৰ কোনো অধিকাৰ নাই বুলিও দাবী কৰিব পাৰি৷ যদিহে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে জিভা পিছল খোৱাতহে তেনেষাৰি বাক্য ক’লে, তেনেহ’লে এটা স্পষ্টীকৰণ দি অভয়বাণী দিয়ক জিলা দুখনৰ শিক্ষকসকলক৷ ইতিমধ্যে ঘোষণা কৰা শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়াটো বন্ধ হোৱাটো পোষকতা কৰোঁ৷ কাৰোবাৰ ভাবুকিত শিক্ষকে কৰ্মস্থান ত্যাগ কৰাৰ প্ৰৱণতা ৰোধ কৰিবই লাগিব ৰাজ্য চৰকাৰে৷আজিৰ শিক্ষক দিৱসত অসমৰ প্ৰতিজন নাগৰিকে সংকল্প লওক– শিক্ষকৰ ত্যাগ-কষ্টৰ মহান কৰ্মখিনিৰে শিক্ষাৰ ভেটিটো সুদৃঢ় কৰাৰ৷ ভয়-ভাবুকিৰ মাজত সেৱা দি থকা শিক্ষকসকলৰ মুক্তি কামনা কৰিছোঁ৷ আমি অতীতৰ বৰ্বৰ মানৱ জীৱনলৈ ঘূৰি যাব নোৱাৰোঁ৷ এখন সুস্থ, সভ্য সমাজ গঠনত থকা শিক্ষকৰ অৱদান কোনেও নুই কৰিব নোৱাৰে৷