নিউজীলেণ্ডৰ সন্মুখত ১০৭ ৰানৰ লক্ষ্য
বেংগালুৰু, ২০ অক্টোবৰ: ছৰফৰাজ খানৰ প্ৰথমটো টেষ্ট শতক আৰু ঋষভ পণ্টৰ ৯৯ ৰানৰ সহায়ত নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ দ্বিতীয় ইনিংছত ভাৰতে শক্তিশালী প্ৰত্যাৱৰ্তন কৰিছে৷ কিন্তু এই দুই বেটাৰৰ দৰ্শনীয় প্ৰদৰ্শন সত্ত্বেও ভাৰতৰ ভূমিত ৩৫ বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে টেষ্ট জয়ৰ কাষ চাপিছে নিউজীলেণ্ড৷ আলহী দলটোৱে শেষবাৰৰ বাবে ভাৰতত টেষ্ট জয় কৰিছিল ১৯৮৯ চনত৷ প্ৰথম টেষ্টৰ অন্তিম দিনা দেওবাৰে নিউজীলেণ্ডক জয়ৰ বাবে প্ৰয়োজন মাত্ৰ ১০৭ ৰান৷ দ্বিতীয় ইনিংছৰ শক্তিশালী প্ৰদৰ্শনৰ দৰেই দেওবাৰে নিশ্চয় পৰাজয়ৰ পৰা হাত সৰাৰ বাবে পূৰ্ণ প্ৰয়াস চলাব ৰোহিত শৰ্মাৰ দলে৷ শনিবাৰে কম পোহৰৰ বাবে নিৰ্ধাৰিত সময়ৰ পূৰ্বে খেল সামৰাৰ সময়ত ১০৭ ৰানৰ লক্ষ্যৰে দ্বিতীয় ইনিংছ আৰম্ভ কৰি কোনো ৰান নকৰাকৈ ক্ৰীজত আছে নিউজীলেণ্ডৰ টম লাথাম (০) আৰু ডেভন ক’নৱে (০)৷ চিন্নাস্বামী ষ্টেডিয়ামত প্ৰথম ইনিংছত মাত্ৰ ৪৬ ৰানত আউট হৈ গৈছিল ভাৰত৷
প্ৰত্যুত্তৰত নিউজীলেণ্ডে ৪০২ ৰানত প্ৰথম ইনিংছ সামৰাৰ পাছত ভাৰত পাছ পৰি ৰৈছিল ৩৫৬ ৰানৰ বিশাল ব্যৱধানত৷ শুকুৰবাৰে খেলৰ তৃতীয় দিনৰ অন্তলৈ ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি তিনিটা উইকেটৰ বিনিময়ত ২৩১ ৰান সংগ্ৰহ কৰিছিল৷ শনিবাৰে দুৰন্ত প্ৰদৰ্শন আগবঢ়ায় ভাৰতৰ ছৰফৰাজ খান আৰু ঋষভ পণ্টে৷ তেওঁলোকে ১৭৭ ৰানৰ যুটি গঢ়ে৷ ভাৰতৰ দ্বিতীয় ইনিংছ শেষ হয় ৪৬২ ৰানত৷ শুকুৰবাৰে ৭০ ৰানত অপৰাজিত হৈ থকা ছৰফৰাজ খানে সুন্দৰ প্ৰদৰ্শনেৰে ১৫০ ৰানৰ ইনিংছ খেলে৷ তেওঁৰ ১৯৫ বলৰ ইনিংছটোত আছিল ১৮ টা চাৰি আৰু তিনিটা ছয়৷ আনটো মূৰত থকা পণ্ট মাত্ৰ এক ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হয়৷ পণ্টৰ ১০৫ বলৰ ৯৯ ৰানৰ ইনিংছটোত আছিল ৯ টা চাৰি আৰু ৫ টা ছয়৷ কিন্তু দললৈ যোগ্য অবদান আগবঢ়োৱাত ব্যৰ্থ হয় লোকেশ ৰাহুল (১২), ৰবীন্দ্ৰ জাদেজা (৫), ৰবিচন্দ্ৰন অশ্বিন (১৫) আদি আগশাৰীৰ খেলুৱৈ৷ নিউজীলেণ্ডৰ হৈ উইলিয়াম অ’ৰুৰক আৰু মেট হেনৰীয়ে তিনিটাকৈ আৰু আজাজ পেটলে দুটা উইকেট লাভ কৰে৷