দ্বিতীয় ইনিংছত ৰোহিত, কোহলি, ছৰফৰাজৰ অৰ্ধশতক, তথাপি পৰাজয়ৰ শংকাত টীম ইণ্ডিয়া
বেংগালুৰু, ১৯ অক্টোবৰ : নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথম ইনিংছত মাত্ৰ ৪৬ ৰানত সকলো উইকেট হেৰুওৱাৰ পাছত দ্বিতীয় ইনিংছত অধিনায়ক ৰোহিত শৰ্মাৰ লগতে বিৰাট কোহলি আৰু ছৰফৰাজ খানৰ অৰ্ধশতকেৰে ভাৰতে কিছু প্ৰতিৰোধ গঢ়িলেও দুটা সম্পূৰ্ণ দিন বাকী থকা অৱস্থাত দলটোৰ পৰাজয়ৰ শংকা দূৰ হোৱা নাই৷ প্ৰথম ইনিংছত ৩৫৬ ৰানৰ বৃহৎ ব্যৱধানত পিছ পৰি ৰোৱা টীম ইণ্ডিয়াই শুকুৰবাৰৰ তৃতীয় দিনৰ অন্তত তিনিটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ২৩১ ৰান৷ এতিয়াও ভাৰত পিছ পৰি আছে ১২৫ ৰানত৷ দিনটোৰ অন্তিমটো বলত ব্যক্তিগত ৭০ ৰানত আউট হয় বিৰাট কোহলি৷ তেওঁৰ ১০২টা বলৰ ইনিংছটোত আছিল এটা ‘ছয়’ আৰু আঠটা ‘চাৰি’৷ আনহাতে, ৭৮টা বলত তিনিটা ‘ছয়’, সাতটা ‘চাৰি’ৰে ৭০ ৰানত অপৰাজিত থাকে ছৰফৰাজ খান৷ কোহলি আৰু ছৰফৰাজৰ মাজত তৃতীয় উইকেটত যোগ হয় ১৩৬ ৰান৷ যশস্বী জয়ছোৱাল আৰু অধিনায়ক ৰোহিত শৰ্মাই প্ৰথম উইকেটত ৭২ ৰান যোগ দি ভাৰতক দৃঢ় আৰম্ভণি দিয়াৰ পাছত অপ্ৰয়োজনীয়ভাৱে আক্ৰমণাত্মক শ্বট খেলিবলৈ গৈ উইকেট হেৰুৱাইছিল জয়ছোৱালে৷ ৫২টা বলত ছটা ‘চাৰি’ৰে তেওঁ সংগ্ৰহ কৰে ৩৫ ৰান৷ তাৰ বিপৰীতে তুলনামূলকভাৱে ৰক্ষণাত্মকভাৱে খেলি ৬৩টা বলত এটা ‘ছয়’, আঠটা ‘চাৰি’ৰে ৫২ ৰানৰ বৰঙণি আগবঢ়ায় ৰোহিত শৰ্মাই৷ নিউজীলেণ্ডৰ আজাজ পেটেলে দুটা উইকেট লাভ কৰাৰ বিপৰীতে এটা উইকেট যায় গ্লেন ফিলিপছৰ হাতলৈ৷
এম চিন্নাস্বামী ষ্টেডিয়ামৰ পিটচ যে লাহে লাহে বেটিঙৰ সহায়ক হৈ পৰিছে, তাৰ প্ৰমাণ পোৱা গৈছিল ৰাচীন ৰবীন্দ্ৰ আৰু ডেভ’ন কনৱে’ৰ বেটিঙত৷ আগ্ৰাসী বেটিঙেৰে বৃহস্পতিবাৰেই ১০৫টা বলত ৯১ ৰান সংগ্ৰহ কৰিছিল কনৱে’ই৷ দ্বিতীয় দিনৰ অন্তত ২২ ৰানত অপৰাজিত থকা নিউজীলেণ্ডৰ ভাৰতীয় বংশোদ্ভৱ বেটাৰ ৰবীন্দ্ৰই শুকুৰবাৰে খেলিলে তেওঁৰ টেষ্ট কেৰিয়াৰৰ দ্বিতীয়টো শতকীয় ইনিংছ৷ ১৫৭টা বলত চাৰিটা ‘ছয়’ আৰু ১৩টা ‘চাৰি’ৰে তেওঁ সংগ্ৰহ কৰে ১৩৪ ৰান৷ অৱশ্যে এই ইনিংছটোত ৰবীন্দ্ৰই দুবাৰকৈ জীৱন দান পাইছিল৷ নিম্নক্ৰমৰ বেটাৰ টীম ছাউদীয়েও আক্ৰমণাত্মক খেলেৰে ৭৩টা বলত চাৰিটা ‘ছয়’, পাঁচটা ‘চাৰি’ৰে ৭৩ ৰানৰ বৰঙণি আগবঢ়ায়, যাৰ ফলত নিউজীলেণ্ডে প্ৰথম ইনিংছ সামৰে ৪০২ ৰানত৷ ভাৰতৰ ৰবীন্দ্ৰ জাদেজাই ৭২ ৰানত তিনিটা, কুলদীপ যাদৱে ৯৯ ৰানত তিনিটা, মহম্মদ ছিৰাজে ৮৪ ৰানত দুটা উইকেট লাভ কৰাৰ বিপৰীতে এটাকৈ উইকেট পায় যশপ্ৰীত বুমৰা, ৰবিচন্দ্ৰন অশ্বিনে৷