৩৬ বছৰৰ মূৰত ভাৰতত টেষ্ট জয় নিউজীলেণ্ডৰ
বেংগালুৰু, ২১ অক্টোবৰ: চমৎকাৰ কিবা এটা ঘটা হ’লে হয়তো ফলাফল পৃথক হ’ল হেঁতেন৷ কিন্তু তেনে একো নহ’ল৷ ভাৰতৰ বিৰুদ্ধে প্ৰথম টেষ্টত নিউজীলেণ্ড আঠ উইকেটত জিকিল৷ দেওবাৰে টেষ্টৰ অন্তিম দিনা নিউজীলেণ্ডৰ সন্মুখত লক্ষ্য আছিল ১০৭ ৰানৰ৷ ভাৰতক প্ৰয়োজন আছিল ১০টা উইকেটৰ৷ মাত্ৰ দুটা উইকেট হেৰুৱাইয়েই ১১০ৰান কৰি লক্ষ্য অতিক্ৰম কৰে নিউজীলেণ্ডে৷ ১৯৮৮ চনৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত টেষ্ট জয় কৰিলে নিউজীলেণ্ডে৷ প্ৰথম ইনিংছত ভাৰত মাত্ৰ ৪৬ ৰানত আউট হৈ গৈছিল৷ দ্বিতীয় ইনিংছত প্ৰত্যাৱৰ্তন কৰি ছৰফৰাজ খানৰ (১৫০) প্ৰথম টেষ্ট শতক আৰু ঋষভ পণ্টৰ ৯৯ ৰানৰ সহায়ত ভাৰতে ৪৬২ ৰান কৰিছিল৷
কিন্তু ছৰফৰাজ আৰু পণ্টৰ সেই সাহসী যুঁজ নিউজীলেণ্ডৰ জয়ৰ পথ ৰুদ্ধ কৰাৰ বাবে যথেষ্ট নহ’ল৷ ৩৬ বছৰৰ পাছত স্বদেশত নিউজীলেণ্ডৰ হাতত টেষ্টত পৰাস্ত হ’ল ভাৰত৷ ইয়াৰ আগেয়ে ১৯৮৮ চনত মুম্বাইত ভাৰতক হৰুৱাইছিল নিউজীলেণ্ডে৷ দেওবাৰে যশপ্ৰীত বুমৰাই প্ৰথম অভাৰতেই শূন্য ৰানত টম লাথামক বিদায় দিছিল৷ কিন্তু ছাপ ধৰি ৰাখিব নোৱাৰিলে ভাৰতীয় বলাৰে৷ নিউজীলেণ্ডৰ অ’পেনাৰ ডেভ’ন কনৱে’ আৰু তিনি নম্বৰত নমা উইল ইয়ঙে সুন্দৰভাৱে ইনিংছ আগবঢ়াই নিয়ে৷ ইনিংছৰ ১৩ সংখ্যক অভাৰত ক’নৱে (১৭) আউট হয়৷ এইবাৰো উইকেট লয় বুমৰাই৷ কিন্তু বিশেষ লাভ নহ’ল৷ ৰাচীন ৰবীন্দ্ৰই যুটি বান্ধে ইয়ঙৰ সৈতে৷ তৃতীয় উইকেটৰ যুটিত তেওঁলোকে ৭৫ ৰান সংগ্ৰহ কৰে৷ ইয়ং ৪৮ ৰানত আৰু ৰাচীন ৩৯ ৰানত অপৰাজিত থাকে৷ ৰাচীনে প্লেয়াৰ অব দ্য মেচৰ সন্মান লাভ কৰে৷ তিনিখনীয়া মেচৰ শৃংখলাটোত নিউজীলেণ্ডে ১-০ ত অগ্ৰগতি লাভ কৰে৷