Logo
image

চিদলীতেই ইউপিপিএল-বিপিএফৰ মিলন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ ছেপ্টেম্বৰ : বিধানসভাৰ আগন্তুক উপ-নিৰ্বাচনত চিদলী সমষ্টিৰ প্ৰাৰ্থী কোন হ’ব? বিজেপি-ইউপিপিএলৰ প্ৰাৰ্থীকে সমৰ্থন জনাব নেকি হাগ্ৰামা মহিলাৰীয়ে? শেহতীয়াভাৱে সঘনে সলনি হৈছে বড়োভূমিৰ ৰাজনীতি৷ বিধানসভাৰ বিগত নিৰ্বাচনৰ সময়ৰে পৰা বিপিএফ দলে বিজেপি আৰু ইউপিপিএল বিৰোধী স্থিতি গ্ৰহণ কৰিছে৷ কিন্তু ইয়াৰ মাজতে বিধানসভাৰ মজিয়াত বিপিএফ দলে বিজেপিক সমৰ্থন দি আহিছে৷ বিজেপি আৰু বিপিএফৰ মাজৰ এই বুজাবুজি কেৱল বিধানসভাৰ ভিতৰতে সীমাবদ্ধ হৈ আছে যদিও শেহতীয়াভাৱে বিপিএফ আৰু ইউপিপিএলৰ মাজত বুজাবুজিৰ এক প্ৰচেষ্টা আৰম্ভ হৈছে ৰাজনৈতিকভাৱে৷ আনকি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলেও আনুষ্ঠানিকভাৱে আদৰণি জনাইছে এই একত্ৰিকৰণৰ প্ৰক্ৰিয়াক৷ বিপিএফ আৰু ইউপিপিএল দল একত্ৰিকৰণ হ’লে সেয়া এক ইতিবাচক দিশ হ’ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে৷ এই একত্ৰিকৰণক লৈ ইতিমধ্যে দল দুটাৰ মাজত একাধিক অনানুষ্ঠানিক আলোচনা হৈছে আৰু একত্ৰিকৰণৰ ক্ষেত্ৰত থকা বাধাসমূহ এটা এটাকৈ নাইকীয়া হৈ আছে এই আলোচনাসমূহত৷ উল্লেখ্য, ২০২৬ৰ বিধানসভা নিৰ্বাচনত ইউপিপিএ ৰ অৱস্থা বিপিএফৰ দৰে হ’ব বুলি আশংকা কৰিছে বিজেপিৰ মিত্ৰ দলটোৱে৷ ২০২১ৰ নিৰ্বাচনত যিদৰে বিপিএফৰে মিত্ৰতা বাদ দিছিল৷


ঠিক তেনেদৰে ২০২৬ৰ নিৰ্বাচনত ইউপিপিএলৰ সংগ ত্যাগ কৰি বড়োভূমিত বিজেপি দলে অকলে নিৰ্বাচন খেলাৰ ৰণকৌশল গ্ৰহণ কৰিছে৷ ইয়াৰ বাবে দলটোৱে ইতিমধ্যে নিজৰ সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে৷ যাৰ বাবে নিজৰ নিজৰ ভৱিষ্যত ৰাজনৈতিক অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত বিপিএফ আৰু ইউপিএল একত্ৰিকৰণৰ প্ৰক্ৰিয়াত আগভাগ লৈছে বিটিআৰৰ একাংশ লোক আৰু সংগঠনে৷ আৰু সকলো যদি ঠিকে থাকে তেন্তে বিধানসভাৰ আগন্তুক উপ-নিৰ্বাচনত বিপিএফ দলে চিদনী সমষ্টিত নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ নকৰি বিজেপি-ইউপিপিএলৰ উমৈহতীয়া প্ৰাৰ্থীকে সমৰ্থন জনোৱাৰ সমীকৰণ চলি আছে৷ চিদলী সমষ্টিৰ বাবে বিজেপি, ইউপিপিএল আৰু বিপিএফৰ বহু দাবীদাৰ আছে যদিও তিনিওটা দলে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছে৷ চিদলী সমষ্টিক পূৰ্বতে প্ৰতিনিধিত্ব কৰা চন্দন ব্ৰহ্ম শেহতীয়াভাৱে হাগ্ৰামা মহিলাৰীৰ সংগ ত্যাগ কৰি ইউ পি পি এলত যোগদান কৰিছে৷ উল্লেখ্য যে দুটা মেৰুত অৱস্থান কৰা বিপিএফ আৰু ইউপিপিএলৰ মাজৰ আলোচনাৰ দুৱাৰ মুকলি কৰাৰ ক্ষেত্ৰত চন্দন ব্ৰহ্মই বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছে৷ আনকি মুখ্যমন্ত্ৰীও বিচাৰে যে বড়োভূমিৰ ৰাজনৈতিক দল দুটা একত্ৰিত হওক৷ মুখ্যমন্ত্ৰীৰ শেহতীয়া মন্তব্যৰ পৰাই এই কথা স্পষ্ট হৈ পৰিছে৷ ৰাজনৈতিক দল দুটাৰ এই চৰ্ত সাপেক্ষ একত্ৰিকৰণৰ প্ৰক্ৰিয়া যদি সম্পূৰ্ণ হয় তেন্তে বিধানসভাৰ আগন্তুক উপ-নিৰ্বাচনত ইয়াৰ প্ৰতিফলন চিদলী বিধানসভা সমষ্টিত দেখিবলৈ পোৱা যাব আৰু চন্দন ব্ৰহ্ম হ’ব পাৰে উমৈহতীয়া প্ৰাৰ্থী৷

ইউপিপিএল-বিপিএফৰ একত্ৰিকৰণ ৰাইজেও বিচাৰিছে : সাংসদ ৰৌণগৌৰা

‘আমাৰ অসম’ৰ ভৱানীপুৰ আৰু আনন্দ বজাৰৰ প্ৰতিবেদক : ‘বিটিআৰত ইউপিপিএল আৰু বিপিএফ মিত্ৰতা বা একত্ৰিকৰণৰ বিষয়টো এতিয়া চৰ্চাত আছে৷ ইউপিপিএল আৰু বিপিএফৰ একত্ৰিকৰণৰ জৰিয়তে বিটিআৰক অধিক ৰূপত সৰ্বদিশে আগুৱাই নিয়াটো বিটিআৰৰ ৰাইজেও বিচাৰিছে৷ এই ক্ষেত্ৰত আলোচনা ইতিমধ্যে আনুষ্ঠানিকভাৱে নহ’লেও অনানুষ্ঠানিকভাৱে কিছু আলোচনা হৈছে৷’ –এইদৰে কয় ৰাজ্যসভাৰ সাংসদ তথা ইউপিপিএল দলৰ কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰীয়ে৷ আজি বাগসাৰ শালবাৰীত সংবাদ মাধ্যমৰ আগত সাংবাদিকে সোধা এক প্ৰশ্নোত্তোৰত সাংসদগৰাকীয়ে এনেদৰে কয়৷ সংবাদ মাধ্যমৰ আন এক প্ৰশ্নোত্তৰত নাৰ্জাৰীয়ে কয় যে– বিটিআৰৰ এটা আঞ্চলিক দল হিচাপে বিটিআৰৰ ৰাইজে বিচৰাধৰণে ইউপিপিএল দলটোৱে যিকোনো সিদ্ধান্তত উপনীত হ’ব লাগিব৷ ৰাইজে বিচৰা ধৰণে দুয়োটা আঞ্চলিক দলে একেলগে কাম কৰিলে ভাল হয়৷ ৰাইজে বিচৰাধৰণে আমি কেনেধৰণে আগুৱাব পাৰিম তেনে পৰ্যায়তেই ইউপিপিএলৰ দলৰ সিদ্ধান্ত চলি আছে৷ ইউপিপিএল দলে বিটিআৰত ভাল পৰিৱেশ সৃষ্টিৰ বাবে কাম কৰি আছো৷ বিজেপিৰ সৈতে ইউপিপিএল দলে মিত্ৰতাৰে একেলগে কাম কৰিছোঁ৷ বিজেপিৰ সৈতে ইউপিপিএলৰ সম্পৰ্কত কোনো ধৰণৰ বিজুতি ঘটা নাই বুলিও স্পষ্ট কৰি দিয়ে ৰৌণগৌৰা নাৰ্জাৰীয়ে৷ আনহাতে সাংসদ নাৰ্জাৰীয়ে আজি শালবাৰী মহাবিদ্যালয়খনত উপস্থিত হৈ মহাবিদ্যালয়ৰ বিভিন্ন দিশ পৰিদৰ্শন কৰে৷ তেওঁৰ সৈতে শালবাৰী সমষ্টিৰ এমচিএলএ জয় মুছাহাৰী, শালবাৰী টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মছাহাৰী, ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সভাপতি বিখন গয়াৰী, যুৱ ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সভাপতি সত্যজিৎ বড়ো, সাধাৰণ সম্পাদক বুদ্ধদেৱ বসুমতাৰীও উপস্থিত থাকে৷