Logo
image

ৰঞ্জিত কাকতিৰ জামিন নাকচ থানাত বিনিয়োগকাৰীৰ ভিৰ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২০ ছেপ্টেম্বৰ : ১২০০ কোটি টকা অনলাইন ট্ৰেডিং কেলেংকাৰিৰ অভিযুক্ত ৰঞ্জিত কাকতিৰ জামিন আবেদন নাকচ কৰিছে ডিব্ৰুগড় আদালতে৷ ট্ৰেডিং এফ এক্সৰ জৰিয়তে কোটি কোটি টকা সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰা ৰঞ্জিত কাকতিৰ জামিনৰ বাবে আবেদন জনাইছিল অধিবক্তাই৷ আজি এই সন্দৰ্ভত অনুষ্ঠিত হোৱা শুনানিত ডিব্ৰুগড় জিলা আৰু সত্ৰৰ ন্যায়াধীশ আদালতে ৰঞ্জিত কাকতিৰ জামিন আৱেদন খাৰিজ কৰে৷ ৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰৰ পৰা ৰঞ্জিত কাকতিক আটক কৰি চ্ছ্ৰ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰাৰ পাছত আদালতৰ পৰা তিনিদিনৰ বাবে আৰক্ষীয়ে জিন্মাত লৈ জ্জ ছেপ্টেম্বৰত জে’ললৈ প্ৰেৰণ কৰা হৈছিল৷ আনহাতে বিশালক পুনৰ অধিক তদন্তৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে সাত দিনৰ জিম্মাত বিচাৰি জনোৱা আবেদন সন্দৰ্ভত শুনানি আদালতে স্থগিত ৰাখিছে৷ ডিবি ষ্টক ব্ৰকিঙৰ নামত ২২০০ কোটি টকীয়া কেলেংকাৰিৰ অভিযুক্ত বিশাল ফুকনো ৭ ছেপ্টেম্বৰৰ পৰা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে৷ আনহাতে ডিব্ৰুগড়ৰ সদৰ থানাত আজি অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰা শ-শ লোকে ভিৰ কৰি টকা ঘূৰাই বিচাৰি অভিযোগ দাখিল কৰে৷ ডিব্ৰুগড় জিলাৰ লগতে সমীপৱৰ্তী জিলাৰ পৰা বিভিন্ন বিনিয়োগকাৰী আহি বৰ্তমানে কাৰাৰুদ্ধ হৈ থকা ৰঞ্জিত কাকতিৰ জৰিয়তে ট্ৰেডিং এফ এক্সত বিনিয়োগ কৰা কষ্টোপাৰ্জিত ধন বিচাৰি ব্যাপক হৈ-হাল্লা কৰে৷ এগৰাকী বিনিয়োগকাৰীয়ে অভিযোগ কৰা অনুসৰি ৰঞ্জিত কাকতিৰ নেতৃত্বত সমগ্ৰ অসমতে ট্ৰেডিং এফ এক্সৰ বৃহৎ ব্যৱসায় গঢ় লৈ উঠিছিল৷ ৰঞ্জিত কাকতিয়ে এই অনলাইন ব্যৱসায়ৰ প্ৰতিষ্ঠাপক আছিল বুলি অভিযোগ কৰি প্ৰায় ডেৰ বছৰত ১২ হাজাৰ কোটি টকাৰ বৃহৎ কেলেংকাৰি সংঘটিত হোৱা বুলিও দাবী কৰে৷ কাকতিয়ে নয়ডালৈ গৈ কিছু বিশ্বাসযোগ্য ভিডিঅ’ বিনিয়োগকাৰী সকললৈ প্ৰেৰণ কৰি ধন বিনিয়োগৰ বাবে জাল পেলাইছিল৷ প্ৰৱঞ্চক কাকতিৰ লগত কৃষ্ণ প্ৰসাদ ভৌমিক, বিশ্বজিৎ কোঁৱৰ, চিংকু বসুমতাৰী, প্ৰদীপ কলিতা, প্ৰফুল্ল বৰাকে আদি কৰি একাংশ লোকে সমান্তৰালকৈ বিনিয়োগৰ জাল পেলাইছিল সমগ্ৰ অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহত৷ কেৱল সেয়াই নহয়, ইয়াৰে সৰহসংখ্যক লোকেই আকৌ চৰকাৰী চাকৰিয়াল বুলিও অভিযোগত সাংবাদিকৰ আগত বিনিয়োগকাৰীজনে উল্লেখ কৰে৷ এইসকল লোকেই মুখ্যমন্ত্ৰীৰ সাহায্য কোষৰ নামত ৫ লাখ টকাৰ এখন চেক প্ৰদান কৰিছিল৷


সেয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে শীঘ্ৰেই এই সকলোকে গ্ৰেপ্তাৰ কৰি প্ৰকৃত তদন্তৰে উচিত শাস্তি বিহি বিনিয়োগকাৰীৰ টকাসমূহ ঘূৰাই দিয়াৰো অনুৰোধ জনায়৷ যিহেতুকে অসমতে কেৱল প্ৰায় ২.৫০ লাখ বিনিয়োগকাৰী আছে বুলি সদৰী কৰে ভুক্তভোগী বিনিয়োগকাৰীয়ে৷ আনহাতে পাছিঘাটৰ এজন বিনিয়োগকাৰীয়ে প্ৰায় ৬ কোটি ৬৭ লাখ টকা বিনিয়োগ কৰা বুলিও অভিযোগ কৰে বিনিয়োগকাৰীসকলে৷ ৰঞ্জিত কাকতীক যদি গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিব পাৰে, বিশাল-চুমী তাৰ্কিকক গ্ৰেপ্তাৰ কৰি জে’ললৈ পঠাব পাৰে; তেন্তে ৰঞ্জিত কাকতীৰ সহযোগী কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো কি ৰহস্য আছে বুলি প্ৰশ্ন কৰে ভুক্তভোগী বিনিয়োগকাৰীসকলে৷ লগতে এই অনলাইন ট্ৰেডিঙৰ মাষ্টাৰ মাইণ্ড নৰেন দহিয়া আৰু জিতেন্দ্ৰ সিং দহিয়াক দিল্লী পুলিচৰ হতোৱাই বা চিবিআই বা ইডিৰ হতুৱাই শ্ৰীঘেই আটক কৰি সকলো তদন্ত কৰা প্ৰয়োজন৷ নহ’লে অসমৰ ২-৫০ লাখ ভুক্তভগী বিনিয়োগকাৰী ৰাজপথলৈ নামি আহিবলৈ বাধ্য হ’ব বুলিও আজি ডিব্ৰুগড়ৰ সদৰ থানাৰ সন্মুখত এনে হুংকাৰ প্ৰদান কৰে৷ অভিযোগ অনুসৰি অন লাইন ট্ৰেডিঙৰ নামত অবৈধভাবে বিশাল সম্পত্তিৰ অধিকাৰী হোৱা ৰঞ্জিত কাকতীক যোৱা ৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰৰ পৰা নিশা ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰাৰ পাছতেই পোহৰলৈ আহিছিল বহু বিস্ফোৰক তথ্য৷ দীৰ্ঘদিন অন লাইন ট্ৰেডিঙত জড়িত থাকি বিলাসী জীৱন অতিবাহিত কৰিছিল ৰঞ্জিত কাকতিয়ে৷ ট্ৰেডিং এফেক্টৰ জৰিয়তে দীৰ্ঘদিন প্ৰলোভন দেখুৱাই বিনিয়োগ কৰাই আছিল৷ বৰ্তমানে কাৰাগাৰত থকা ৰঞ্জিত কাকতিৰ আনুমানিক ধনৰ লেন-দেন প্ৰায় ১২,০০০ কোটি বুলি জানিব পৰা গৈছে৷ ডিব্ৰুগড় আৰক্ষীৰ ৩৫৪-২৪ নং গোচৰৰ ভিত্তিত ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰ কৰি তদন্তৰ সময়ত এই ট্ৰেডিং এফ এক্সৰ সৈতে জড়িত হৈ কাকতিয়ে ইতিমধ্যে ডিব্ৰুগড়ৰ বৈৰাগীমঠত ৫ কোটি টকাৰ এক প্ৰাসাদোপম গৃহ নিৰ্মাণ কৰি থকাৰ লগতে বিভিন্ন স্থানত মাটি ক্ৰয় কৰাৰ অভিযোগ আছে৷ ব্যক্তিগতভাবে এ’ইউভি৭০০, বিএমডব্লিউ, ফৰচুনাৰ বাহনৰ গৰাকী এই কাকতী৷ জানিব পৰা অনুসৰি প্ৰায় ১২০০ হাজাৰ কোটিৰ অধিকাৰী ৰঞ্জিত কাকতিৰ দৈনিক কমিছনেই হ’ল ১০-১২ লাখ টকা৷ ইফালে বিশাল- চুমিৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা যেন কঠোৰ হৈছে৷ ঘটনাৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোট গঠন কৰি তদন্তৰ দায়িত্ব দিছে৷ কিন্তু ৰাজ্যৰ ভিতৰতে সৰ্বাধিক লুণ্ঠনকাৰী বিয়াগোম ১২ হেজাৰ কোটি টকাৰ কেলেংকাৰিত জড়িত ৰঞ্জিত কাকতীৰ ক্ষেত্ৰত সাধাৰণ এজন উপ-পৰিদৰ্শক পৰ্যায়ৰ আৰক্ষীয়েহে তদন্ত কৰিছিল৷ যাৰ বাবে ৰঞ্জিত কাকতীৰ বিশাল সম্পতিৰ এক তৃতীয়াংশও জব্দ কৰিবলৈ সক্ষম নহ’ল বিয়াগোম আৰক্ষী বিভাগ৷ বিশাল কাণ্ডৰে নাম সাঙোৰ খোৱা জিংকি মিলিৰ অগ্ৰিম জামিনৰ ক্ষেত্ৰত চৰকাৰী অধিবক্তাসহ তিনিজন শাস্তিৰ সন্মুখীন হ’ব লগা হোৱা সময়ত বৃহৎ কেলেংকাৰিত জড়িত ৰঞ্জিত কাকতীৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷

পানী ঘোলা কৰিছে জিংকি মিলিয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক : চুমি বৰা আৰু বিশাল ফুকনৰ ট্ৰেডিং-কাণ্ডক লৈ বিতৰ্ক আৰু চৰ্চাৰ অন্ত নাই৷ পলাতক অভিনেত্ৰী চুমি বৰা আৰু তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাৰ নাটকীয় গ্ৰেপ্তাৰৰ বিতৰ্কৰ পাছত এইবাৰ পানী ঘোলা হৈছে চুমি বৰাৰ নবৌয়েক জিংকি মিলিৰ জামিন বিতৰ্কই৷ ডিব্ৰুগড় থানাত ৰুজু হোৱা ৩৫২/২০২৪ নম্বৰৰ ট্ৰেডিং-কাণ্ডৰ গোচৰটোৰ অন্যতম পলাতক অভিযুক্ত জিংকি মিলিক মঙলবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰাৰ পাছতেই চাকৰি হেৰুৱাবলগীয়া হৈছিল অতিৰিক্ত লোক অধিবক্তা বিকাশ কুমাৰ গগৈয়ে৷ অতিৰিক্ত লোক অধিবক্তাজনে হাইপ্ৰ’ফাইল গোচৰটোৰ শুনানিত জামিনৰ কোনো বিৰোধিতা নকৰাৰ বাবেই জিংকি মিলিক গুৱাহাটী উচ্ছ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰাৰ অভিযোগ তুলি গৃহ বিভাগে অতিৰিক্ত লোক অধিবক্তাজনক তাৎক্ষণিকভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰে৷ বুধবাৰে বিদ্যুৎ বিকাশ গগৈক অতিৰিক্ত লোক অধিবক্তাৰ পদৰ পৰা অপসাৰণ কৰি এইবাৰ জিংকি মিলিৰ অন্তৱৰ্তীকালীন জামিনক প্ৰত্যাহ৩ান জনাই পুনৰ উচ্ছ ন্যায়ালয়ত আই এ দাখিল কৰিছে চৰকাৰে৷ অৱশ্যে জিংকি মিলিৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ বিৰোধিতাৰে দাখিল কৰা আবেদনৰ ২৫ ছেপ্টেম্বৰত শুনানিৰ দিন ধাৰ্য কৰিছে উচ্ছ ন্যায়ালয়ে৷ ইফালে, অপসাৰিত অতিৰিক্ত লোক অধিবক্তা বিদ্যুৎ বিকাশ গগৈয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলাৰ অভিযোগ কৰি গোচৰটোৰ কোনো নথি-পত্ৰ গাপ দিয়া নাছিল বুলিও দাবী কৰিছে৷ সংবাদ মাধ্যমৰ আগত অধিবক্তাজনে কয়– ‘জিংকি মিলিৰ গোচৰটোৰ সন্দৰ্ভত মোক চৰকাৰৰ ফালৰ পৰা কোনো নথি দিয়া নাছিল আৰু লোক অধিবক্তা মাখন ফুকনেও কোনো নথি-পত্ৰ দিয়া নাছিল৷ তেনেস্থলত মোৰ বিৰুদ্ধে নথি-পত্ৰ লুকুওৱাৰ অভিযোগ ক’ৰ পৰা আহিল৷ মই গোচৰটোৰ শুনানিত চৰকাৰী অধিবক্তা হিচাপে দায়িত্ব পালন কৰি জামিনৰ বিৰোধিতা কৰিছিলোঁ৷ মই জামিনৰ বিৰোধিতা কৰাৰ কথা ক’ৰ্টৰ অৰ্ডাৰৰ প্ৰতিলিপিতো উল্লেখ আছে৷ মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হ’ল৷’ ইফালে, জিংকি মিলিৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তা আনন্দ ভূঞাই কয়– ‘ডিব্ৰুগড় থানাত দাখিল কৰা এজাহাৰখনৰ অভিযুক্ত হিচাপে জিংকি মিলিৰ নাম ক’তো উল্লেখ নাই৷ কেৱল ‘পাৰ্চেলীয়া’ কোম্পানীটোৰ বাবে বিশাল ফুকনৰ একাউণ্টৰ পৰা জিংকি মিলিৰ বেংক একাউণ্টলৈ ডেৰ লাখ টকা ট্ৰেন্সফাৰ কৰা হৈছে৷ এই ধনৰ লগত ট্ৰেডিঙৰ কোনো সম্পৰ্ক নাছিল৷ চৰকাৰৰ হৈ অতিৰিক্ত লোক অধিবক্তাই জামিনৰ বিৰোধিতাৰে যুক্তি দিছিল৷ কিন্তু জিংকি মিলিয়ে অন্তৰ্ৱৰ্তীকালীন জামিন পোৱাক লৈ ন্যায়ালয়ক প্ৰশ্ন কৰিবলৈ তেওঁলোক কোন হয়৷ ক’ৰ্টে সদায় দুয়োটা পক্ষৰ কথা শুনিব আৰু চূড়ান্ত ৰায় দিয়ে৷ নিৰ্দোষীক সুৰক্ষা দিয়াৰ বাবেই আছে আমাৰ ন্যায়ালয়৷ ন্যায়ালয়ে পতিয়ন গৈ অন্তৱৰ্তীকালীন জামিন দিছে জিংকি মিলিক৷

তিনিচুকীয়াতো আছে বিশালৰ হাজাৰ কোটিটকীয়া অনলাইন ট্ৰেডিং

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তিনিচুকীয়া : ৰাজ্য কঁপাই যোৱা কেইবা হাজাৰ কোটিটকীয়া অনলাইন ট্ৰেডিং কেলেংকাৰি সন্দৰ্ভত শেহতীয়াকৈ চাৰি প্ৰৱঞ্চিত বিনিয়োগকাৰীয়ে তদন্তকাৰী ডিব্ৰগড় আৰক্ষীৰ ওচৰত পৃথকে পৃথকে চাৰিখন এজাহাৰ দাখিল কৰাৰ পাছত তিনিচুকীয়াত ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷ কিয়নো প্ৰৱঞ্চিত বিনিয়োগকাৰীয়ে এজাহাৰত উল্লেখ কৰিছে বিশাল ফুকনৰ লগতে তিনিচুকীয়াৰ দুই এজেণ্ট অভিজিত চন্দা আৰু মানবেন্দ্ৰ সিঙৰ নাম৷ এজাহাৰ দাখিলৰ পাছতে অভিজিত চন্দা আৰু মানবেন্দ্ৰ সিঙৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলা কেইবাজনেও আৰক্ষীৰ জালত পৰাৰ ভয়ত আত্মগোপন কৰা বুলি প্ৰকাশ৷ অভিযোগ অনুসৰি তিনিচুকীয়াৰ এটা চিনেমা হ’লৰ মেনেজাৰ আৰু এখন ইউনিছেক্স বিউটি পাৰ্লাৰৰ মেনেজাৰৰ জৰিয়তে বিশালৰ এজেণ্ট অভিজিত চন্দাই তিনিচুকীয়াত বিয়পাই দিছিল অনলাইন ট্ৰেডিঙৰ জাল৷ এই চক্ৰটোৱে প্ৰলোভনেৰে তিনিচুকীয়াৰ বহু প্ৰতিষ্ঠিত ব্যক্তিক বিশালৰ অনলাইন ট্ৰেডিঙত বৃহৎ পৰিমাণৰ ধন বিনিয়োগৰ বাবে সৈমান কৰিছিল৷ কেৱল সেয়াই নহয়, বিশালৰ এজেণ্টৰূপী অভিজিত চন্দা আৰু মানবেন্দ্ৰ সিঙে নিজৰ ঘনিষ্ঠ ব্যক্তিৰ সহায়ত এচাম কম বয়সীয়া যুৱক-যুৱতী আৰু মধ্যবিত্ত লোকক সহজে ধনী হোৱাৰ ৰঙীণ সপোন দেখুৱাই নিজৰ কষ্টোপাৰ্জিত সাঁচতীয়া ধন অনলাইন ট্ৰেডিঙত বিনিয়োগৰ বাবে একপ্ৰকাৰে বাধ্য কৰিছিল৷ ছেবিৰ নীতি-নিয়ম উলংঘা কৰি অনিয়মেৰে অনলাইন ট্ৰেডিঙৰ নামত দেশ-বিদেশৰ পৰা বৃহৎ পুঁজি সংগ্ৰহৰ অভিযোগ উঠা ডিব্ৰুগড়ৰ বিশাল ফুকনক ডিব্ৰুগড়ৰ আৰক্ষীয়ে ইতিমধ্যে ২ ছেপ্টেম্বৰত আটক কৰিছে৷ ধৃত বিশালৰ হৈ তিনিচুকীয়াত যিসকলে ধন সংগ্ৰহ অভিযানৰ লগত জড়িত আছিল সেইসকলো অতিশীঘ্ৰে আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷ এনে সম্ভাৱনাৰ উমান পাই অনলাইন ট্ৰেডিঙৰ নামত ধন সংগ্ৰহৰ লগত জড়িত এচামে ইতিমধ্যে আত্মগোপনৰ পথ গ্ৰহণ কৰিছে৷