Logo
image

মোদীৰ আমেৰিকা-যাত্ৰাৰ পূৰ্বে মাৰ্কিন আদালতৰ চমন ডোভালক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২০ ছেপ্টেম্বৰ : ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত যোগদান কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শনিবাৰে নিউয়ৰ্কলৈ ৰাওনা হোৱাৰ ৩ দিন পূৰ্বে বিচ্ছিন্নতাবাদী খালিস্তানি নেতা গুৰপতৱন্ত সিং পান্নুনক হত্যাৰ ষড়যন্ত্ৰত অভিযুক্ত কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক আমেৰিকাৰ আদালতে তলব জনোৱাৰ ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ‘শিখ ফৰ জাষ্টিচ’ নামৰ আন্তঃৰাষ্ট্ৰীয়  সংগঠনটোৰ নেতা পান্নুনক ভাৰতীয় চোৰাংচোৱা সংস্থাই আমেৰিকাত হত্যাৰ ষড়যন্ত্ৰ কৰাৰ এটা ঘটনা মাৰ্কিন নিৰাপত্তা সংস্থাই ধৰা পেলাইছিল৷ অৱশ্যে নতুন দিল্লীয়ে প্ৰথমৰ পৰাই এই ষড়যন্ত্ৰত ভাৰত জড়িত থকাৰ কথা অস্বীকাৰ কৰি আছে৷ কিন্তু ষড়যন্ত্ৰত যে ভাৰত জড়িত, সেই বিষয়ত আমেৰিকাৰ তদন্তকাৰী সংস্থাই নিৰ্দিষ্ট প্ৰমাণ লাভ কৰিছে৷ সেই তদন্তৰ প্ৰতিবেদন আদালতত দাখিল হোৱাৰ পাছতে দক্ষিণ নিউয়ৰ্ক জিলা আদালতে ষড়যন্ত্ৰকাৰী হিচাপে চিহ্নিত কৰি ভাৰতৰ ৰাষ্ট্ৰীয়  নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, ভাৰতীয় চোৰাংচোৱা সংস্থা ৰ’ৰ প্ৰাক্তন মুৰব্বী সমস্ত গোৱেলক তলব জনাইছে৷


এখন দেশৰ এজন নিৰাপত্তা উপদেষ্টাক এনেদৰে হত্যাৰ ষড়যন্ত্ৰত অভিযুক্ত কৰি আন এখন দেশৰ আদালতে চমন জনোৱাটো ডাঙৰ ঘটনা হিচাপেই চৰ্চা হৈছে৷ সন্ত্ৰাসবাদ অধ্যুষিত যেনে আফগানিস্তান, ছিৰিয়া আদিৰ দৰে দেশৰ ক্ষেত্ৰত এনে তলব বহু পৰিমাণে সমৰ্থনযোগ্য হ’লেও ভাৰতৰ দৰে সন্ত্ৰাসবাদবিৰোধী এখন দেশৰ কূটনীতিত মাৰ্কিন আদালতৰ তলব ডাঙৰ আঘাত হিচাপে পৰিগণিত হৈছে৷ তদুপৰি যিটো সময়ত ভাৰত-মাৰ্কিন দ্বিপাক্ষিক সম্পৰ্ক মধুৰ বুলি কেন্দ্ৰত শাসনাধিষ্ঠিত মোদী চৰকাৰে দাবী কৰে, সেই সময়তে মাৰ্কিন আদালতৰ এনে পদক্ষেপে ভাৰতৰ প্ৰতি মাৰ্কিন ন্যায়পালিকা আৰু প্ৰশাসনৰ বিৰূপ মনোভাৱ প্ৰকট কৰি তুলিছে৷ আমেৰিকাৰ আদালতে এই ক্ষেত্ৰত ভাৰত চৰকাৰকো অভিযুক্ত কৰিছে৷ আদালতে ২১ দিনৰ ভিতৰত এই বিষয়ত ভাৰত চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে৷ জম্মু-কাশ্মীৰত মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰত আজি বৃহস্পতিবাৰেও বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই বিজেপিয়ে ক্ষমতা অৰ্জন কৰিলে পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে৷ তেওঁ অৱশ্যে কেতিয়াকৈ কেন্দ্ৰীয় শাসিত প্ৰদেশখনক বিজেপিয়ে পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিব সেই সন্দৰ্ভত স্পষ্ট মতামত প্ৰকাশ নকৰিলে৷ প্ৰধানমন্ত্ৰী মোদীৰ এই বক্তব্যৰ বিৰোধিতা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাই৷ তেওঁ কয় যে, মোদী নেতৃত্বাধীন বিজেপি চৰকাৰেই জম্মু-কাশ্মীৰৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিছিল৷ এতিয়া সেই মোদীয়ে পুনৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়াটো সাপ হৈ খুটি বেজ হৈ জৰাৰ দৰে হৈছে৷