Logo
image

অৰুণোদয় পাবলৈ বিজেপিত যোগ দিব লাগিব ! ভৱেশ কলিতাৰ বিৰুদ্ধে গোচৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ ছেপ্টেম্বৰ : অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ হ’লে বিজেপিৰ সদস্য হোৱাটো বাধ্যতামূলক বুলি গেৰুৱা দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কৰা স্বৰ্তক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া আৰোপ৷ মিছকল দি বিজেপিৰ সদস্য পদ গ্ৰহণৰ প্ৰমাণ দাখিলৰ পাছতহে হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলি সভাপতি কলিতাই কৰা মন্তব্যৰ বিৰুদ্ধে শুকুৰবাৰে আৰক্ষীৰ ওচৰত এজাহাৰ  দাখিল কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে৷ উল্লেখ্য যে আজি প্ৰদেশ কংগ্ৰেছৰ চচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ নেতৃত্বত এটা প্ৰতিনিধিৰ দলে ভঙাগড় থানাত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এজাহৰ দাখিল কৰে৷ ১৯ ছেপ্টেম্বৰত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাই ৰঙিয়াৰ দীপ্তেশ্বৰী ৰাজহুৱা হৰিমন্দিৰ প্ৰাংগনত অনুষ্ঠিত ৰাজহুৱা সভাত কেৱল বিজেপি সদস্যই হে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলি চৰ্ত আৰোপ কৰিছিল৷

মিছকল যোগে বিজেপিৰ সদস্য ভৰ্তি প্ৰক্ৰিয়াত ব্যৱহৃত বিশেষ নম্বৰত মিছ কল দিবলৈ কয় নেতাজনে৷ অৰুণোদয় আঁচনিৰ ধন মিছ কল দি বিজেপিৰ সদস্য ভৰ্তিৰ প্ৰমাণ পত্ৰ দাখিল কৰাটো বাধ্যতামূলক বুলি তেওঁ সকীয়াই দিয়ে৷ সদস্য ভৰ্তিৰ প্ৰমাণ পত্ৰ দাখিল নকৰিলে অৰুণোদয় আঁচনিৰ ১২৫০ টকা লাভ নকৰে বুলি ভাবুকি দিছিল নেতাজনে বিজেপি সভাপতিৰ এনে মন্তব্যই ৰাইজৰ সংবিধান প্ৰদত্ত অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন কৰি ইয়াৰ প্ৰতিবাদ স্বৰূপে আৰু ৰাজহুৱা স্থানত এনে সংবিধান বিৰোধী মন্তব্য দিয়াৰ বাবে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ভঙাগড় আৰক্ষী থানাত গোচৰ ৰুজু কৰি ভৱেশ কলিতাক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী কৰে৷ এজাহাৰ দাখিল কৰি প্ৰদেশ কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই সাংবাদিকৰ আগত কয় যে বিজেপি সভাপতি ভৱেশ কলিতাই মানসিক সন্তুলন হেৰুৱাই ৰাইজক ভয় ভাবুকি দি নিজৰ চকী বচাব বিচাৰিছে৷ ভৱেশ কলিতাৰ পৈতৃক সম্পত্তি বিক্ৰি কৰা ধনেৰে অৰুণোদয় আচঁনিৰ ধন দিয়া হোৱা নাই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে বেআইনী ভাৱে আহৰণ কৰা সম্পত্তি বিক্ৰি কৰি পোৱা ধনেৰে ৰাজহুৱা আঁচনি প্ৰবৰ্তন কৰা নাই৷ প্ৰতিটো চৰকাৰী আঁচনিৰ ধন ৰাইজৰ আৰু ৰাইজৰ ধনকেই ৰাজহুৱা আচঁনি জৰিয়তে হিতাধিকাৰি সকলক দিয়া হৈছে৷ ভৱিষ্যতে ভৱেশ কলিতাই যাতে এনেকুৱা নিম্ন ৰুচি সম্পন্ন আৰু সাধাৰণ ৰাইজক ভয় ভীতি দেখুওৱা মন্তব্য নকৰে, তাৰ বাবে সাৱধান থাকিবলৈ সকীয়াই দিলো৷ গোচৰ দাখিল কৰাৰ সময়ত ৰাতুল কলিতাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰূপা দেউৰী, সাধাৰণ সম্পাদক অৰুণ তিৱাৰী, সম্পাদক কৃদীপ বৰ্মন, গীতালি দাস, মানস প্ৰতীম তালুকদাৰ, এ টি হাবিব আহ্মেদ উপস্থিত থাকে৷

অৰুণোদয় আঁচনি বন্ধ কৰিবলৈ ভূপেন বৰা কোন? 

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি আৰু বৰভাগৰ প্ৰতিবেদক : দিশহাৰা হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ কি বলিং কৰিব নিজেই পাহৰি গৈছে’৷ এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ৷ শুকুৰবাৰে বিয়লি পাইকাৰকুছিত এখন সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই কয়, ভূপেন বৰাই যি বলেই নকৰক কিয় সকলো বলতে মুখ্যমন্ত্ৰীয়ে ছিক্স কোবাই৷ সেইবাবেই তেওঁ ক’ত কি বকিছে ঠিক নাই৷ দল শাসনলৈ আহিলে অৰুনোদয় আঁচনি বন্ধ কৰিব বুলি ভূপেন বৰাই কৈছে৷ কিন্তু  ভূপেন বৰা কোন অৰুণোদয় আঁচনি বন্ধ কৰিবলৈ৷ কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁ কি কৰিছিল৷ শাসনত থাকোঁতে কংগ্ৰেছে মাতৃ সমাজক সন্মান দিবলৈ পাহৰি গৈছিল৷ স্বাধীনতাৰ পিছৰে পৰা সৰহ সংখ্যক সময় শাসনত থকা কংগ্ৰেছ দলে মাতৃ সমাজৰ কাৰণে একো নকৰিলে৷ এতিয়া আকৌ মিছাৰ আশ্ৰয় লৈছে৷ হাজাৰ সঁচা কলেও কংগ্ৰেছক ৰাইজে বিশ্বাস নকৰে৷ ৰাইজে পাহৰি যোৱা নাই ধুৰন্ধৰ ৰাকেশ পালৰ কথা৷ পাহৰা নাই কাজিৰঙাত গড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ কথা৷ অত্যাচাৰী কংগ্ৰেছে আভুৱা ভাৰিলেও ৰাইজে কংগ্ৰেছ দলক বিশ্বাসত নলয় মাত্ৰ ১৬ দিনত ৰাজ্যখনত ৩১ লাখ ৪০ হেজাৰ সদস্য অন্তৰ্ভুক্ত হৈছে৷ ৩ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ চলিব বিজেপিৰ সদস্য ভৰ্তি অভিযান৷ শেহতীয়া ভাৱে উজনিত সদস্য ভৰ্তি মন্থৰ হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় নেটৱৰ্ক সমস্যাৰ বাবেহে বহু গ্ৰামাঞ্চলত ডিজিটেল পদ্ধতিৰে সদস্য ভৰ্তি কৰাত অসুবিধা হৈছে৷ কিন্তু সেইসমূহ স্থানত পৰবৰ্তী সময়ত মেনুৱেলী কৰা হ’ব সদস্য ভত্তিৰ্ৰ কাম৷ সদস্য ভৰ্তিৰ ক্ষেত্ৰত বিধানসভা সমষ্টি হিচাপত প্ৰথম জাগীৰোড, দ্বিতীয় নলবাৰী, তৃতীয় বৰাকৰ লক্ষ্মীপুৰ, চতুৰ্থ জালুকবাৰী, পঞ্চম পাথাৰকান্দি, ষষ্ঠ টিংখাং, সপ্তম ৰঙিয়া, অষ্টম হোজাই, নৱম শিলচৰ আৰু দশম সৰুপথাৰ বিধানসভা সমষ্টি হৈছে৷ আনহাতে, লোকসভা সমষ্টি হিচাপে প্ৰথম ডিব্ৰুগড়, দ্বিতীয় কাজিৰঙা আৰু তৃতীয় যোৰহাট সমষ্টি আছে৷