Logo
image

বিশালক পুনৰ আৰক্ষী জিম্মালৈ, জিংকি মিলি ডিব্ৰুগড় থানাত উপস্থিত

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২১ ছেপ্টেম্বৰ : পুনৰ ডিব্ৰুগড় আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ২২০০ কোটি টকীয়া অনলাইন ট্ৰেডিং কেলেংকাৰিৰ প্ৰধান অভিযুক্ত বিশাল ফুকনক৷ ডিব্ৰুগড় জিলা সত্ৰ আৰু ন্যায়িক দণ্ডাধীশৰ আদালতে বিশাল ফুকনক আজি ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ আজি দিনৰ প্ৰায় ১.৩০ বজাত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বিশালক জিম্মাত গ্ৰহণ কৰি ডিব্ৰুগড় সদৰ থানালৈ অনা হয়৷ ৬ ছেপ্টেম্বৰৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা বিশালক অধিক তথ্যৰ বাবে ১৮ ছেপ্টেম্বৰতে ডিব্ৰুগড় আদালতৰ পৰা ৭ দিনৰ জিম্মাত বিচাৰি আবেদন জনাইছিল৷ কিন্তু আদালতে ডিব্ৰুগড় আৰক্ষীৰ আবেদনৰ শুনানি ১৯ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও স্থগিত ৰাখে৷ অৱশেষত আজি ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ৭ দিনৰ পৰিৱৰ্তে চাৰি দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে বিশাল ফুকনক৷ ইফালে ডিব্ৰুগড় সদৰ থানাত ডিব্ৰুগড় আৰক্ষীৰ শীৰ্ষ বিষয়াই মাৰাথান জেৰা আৰম্ভ কৰিছে৷ সমান্তৰালভাৱে চি আই ডিৰ বিষয়াৰ দলেও অনলাইন কেলেংকাৰি সন্দৰ্ভত জেৰা চলাইছে৷ বিশালক চিআইডিয়ে চলোৱা প্ৰাথমিক জেৰাত কিছু পৰিমাণে নতুন তথ্য লাভ কৰিবলৈ সক্ষম হয়৷ অন্যহাতে চুমি বৰা আৰু তাৰ্কিক বৰাৰ পৰা জব্দ কৰা গুৰুত্বপূৰ্ণ নথি-পত্ৰকে ধৰি সামগ্ৰীসমূহ দুখন বাহনত ডিব্ৰুগড় সদৰ থানালৈ অনাৰ ব্যৱস্থা কৰিছে চিআইডিয়ে৷ গুৱাহাটীৰ পৰা অনা সামগ্ৰীসমূহ বিশালৰ সন্মুখত প্ৰদৰ্শন কৰি জেৰা চলোৱাৰ সম্ভাৱনা আছে৷ চিআইডি আৰু তদন্তকাৰী আৰক্ষী বিষয়াক চুমি, তাৰ্কিক আৰু অম্লান বৰাই পৃথকে দিয়া ভাষ্যৰ সত্যতা নিৰূপণ কৰিব বিশাল ফুকনৰ ভাষ্যত৷



ইফালে বিশালে কাৰ কাৰ পৰা ধন আনি ডিবি ষ্টক ব্ৰকিঙত বিনিয়োগ কৰিছিল, তাৰো স্পষ্ট হৈ পৰিছে বিশালৰ ভাষ্যত৷ ইতিমধ্যে চুমি বৰাই বিনিয়োগকাৰীৰ তালিকা প্ৰদান কৰিছে আৰক্ষীক৷ চুমিৰ মুখত ওলোৱা বিনিয়োগকাৰীৰ তালিকাত আছে চৰকাৰী-বেচৰকাৰী খণ্ডৰ চিকিৎসক, ব্যৱসায়ী তথা শিক্ষাবিদ৷ পৰৱৰ্তী সময়ত এইসকল ব্যক্তিকো ডিব্ৰুগড় আৰক্ষীয়ে তদন্তৰ আওতালৈ অনাৰ সম্ভাৱনা আছে৷ শেহতীয়াকৈ চাৰিদিনৰ ডিব্ৰুগড় আৰক্ষীৰ জিন্মাত থকা বিশাল ফুকনক জেৰাৰ অন্তত বহু ন ন তথ্য পোহৰলৈ আহিব৷ চিআইডিয়ে ইতিমধ্যে এপদ এপদকৈ জব্দ কৰিছে চুমি-বিশালৰ সম্পত্তি৷ উল্লেখযোগ্য যে, যোৱা ২ ছেপ্টেম্বৰত ডিব্ৰুগড় গান্ধীনগৰস্থিত প্ৰবাঞ্জলী এপাৰ্টমেণ্টৰ পৰা আটক কৰি ৩ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিয়েই ডিব্ৰুগড় আদালতত হাজিৰ কৰোৱাইছিল বিশাল ফুকনক৷ সেইদিনাই বিশাল ফুকনক ৩ দিনৰ আৰক্ষী জিম্মাত লৈ জেৰাৰ অন্তত পুনৰ আদালতত হাজিৰ কৰোৱাৰ পাছত ৬ ছেপ্টেম্বৰত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল৷  ১২ ছেপ্টেম্বৰত এছ টি এফে গ্ৰেপ্তাৰ কৰিছিল চুমি-তাৰ্কিকক৷ গুৱাহাটী মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তাৰ্কিকৰ ভাতৃ অম্লান বৰাক ১৪ ছেপ্টেম্বৰত ডিব্ৰুগড় আৰক্ষীক গতাই দিছিল৷ চুমি-তাৰ্কিকক পাঁচদিনৰ বাবে আৰু অম্লান বৰাক ৩ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰাখি তিনি অভিযুক্তক ১৭ ছেপ্টেম্বৰত কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল৷ ইফালে আটাইকেইজনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত পঞ্জীয়ন হোৱা ৩৫২/২৪ গোচৰৰ ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬(২)৩১৮(৪) আৰু অবৈধ ধন সৰবৰাহ ২০১৯ আইনৰ ২১(১)২১(২)২১(৩) অধীনত পঞ্জীয়ন কৰা হৈছে৷ ইপিনে, ডিবি ষ্টক-কাণ্ডৰ মূল অভিযুক্ত দীপাংকৰ বৰ্মনৰ এইপৰ্যন্ত কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে আৰক্ষীয়ে৷ যদিও চুমি-বিশালৰ বিনিয়োগ আৰু বিনিয়োগকাৰীৰ তদন্তৰ ক্ষেত্ৰত এছআইটি গঠন কৰি দিয়া হৈছে, তাৰ বিপৰীতে কিন্তু ডিবি ষ্টক-কাণ্ডত প্ৰথমে এজন প্ৰবেচনাৰী আৰক্ষী বিষয়াক তদন্তৰ দায়িত্ব দিয়েই দায়িত্ব সামৰিছিল কতৃৰ্পক্ষই৷ এই লৈ সমালোচনা বেছি হোৱাৰ পাছত এচিপি অমৃত মাহাতোক তদন্তৰ দায়িত্ব দিয়া হয়৷ এইপৰ্যন্ত আৰক্ষীৰ হাতত দীপাংকৰ বৰ্মনৰ কোনো তথ্য নাই৷ ডিবি ষ্টকক লৈ আৰক্ষীৰ তদন্ত কাৰ্যতঃ স্থবিৰ হৈ পৰিছে৷

ডিব্ৰুগড় সদৰ থানাত হাজিৰ জিংকি মিলি

অনলাইন ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত বিশাল ফুকন গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা দীৰ্ঘদিন ধৰি পলাতক হৈ থকা চুমি বৰাৰ বৌৱেক জিংকি মিলি আজি ডিব্ৰুগড় সদৰ থানাত হাজিৰ হয়৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰা জিংকি মিলিয়ে আজি ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈয়েই তদন্তকাৰী আৰক্ষী বিষয়াৰ সন্মুখত নিজৰ ভাষ্য লিপিবদ্ধ কৰে৷ জিংকিয়ে সদৰ থানাৰ পৰা ওলাই অহাৰ পিছতে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, উচ্ছ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিনৰ সময়ত দিয়া নিৰ্দেশনা অনুসৰিয়েই ডিব্ৰুগড় সদৰ থানাত নিজৰ ভাষ্য লিপিবদ্ধ কৰিবলৈ আহিছে তেওঁ৷ তদন্তকাৰী আৰক্ষী বিষয়াক সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি জিংকি মিলিয়ে কয়– তদন্তকাৰী বিষয়াক মোৰ ফালৰ পৰা সকলো ভাষ্য দিয়া হৈছে৷ আৰক্ষীয়ে লাভ কৰা প্ৰামাণিক তথ্যৰ ভিত্তিতে তদন্ত চলাইছে৷ কিন্তু এই কেলেংকাৰিৰ সৈতে মই কোনোধৰণে জড়িত নহয়৷ যাৰ বাবে ইমানদিনে নিজকে বচাই ৰখাৰ চেষ্টা কৰিছিলোঁ৷ ইফালে স্বামী ৰাজীৱ বৰা সম্পৰ্কত কোনো ধৰণৰ মন্তব্য নিদিলে জিংকিয়ে৷ উল্লেখযোগ্য যে, বিশালে ৰাজীৱ বৰা আৰু জিংকি মিলিৰ সহযোগিতাত পাৰ্চেলিয়া ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড নামৰ ঔষধ প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল৷ এই প্ৰতিষ্ঠানটোৰ পৰিচালনাৰ দায়িত্বত আছে ৰাজীৱ আৰু জিংকি৷ আজি ডিব্ৰুগড় সদৰ থানাত দেখা গ’ল চুমিৰ পিতৃকো৷ নগদ ৩০ হাজাৰ টকাৰ বণ্ডত বোৱাৰীয়েক জিংকিৰ জামিনৰ বাবে ডিব্ৰুগড় সদৰ থানাত উপস্থিত হয়৷