Logo
image

স্বস্তিৰ এজাক বৰষুণ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৪ ছেপ্টেম্বৰ : প্ৰায় দুই সপ্তাহৰো অধিক দিন ধৰি ৰাজ্যৰ বেছিভাগ অঞ্চলতে বৰষূণ নোহোৱাত আহিন মাহ আৰম্ভ হোৱাৰ প্ৰাকক্ষণত তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ কৱলত পৰিছিল সমগ্ৰ ৰাজ্য৷ আনকি বৰষুণৰ অভাৱত পথাৰত চিৰাল ফাট মেলিছিল আৰু ঠাইবিশেষে কৃষক ৰাইজে ৰাজহুৱাভাৱে ভেকুলীৰ বিয়া পাতি বৰষুণৰ কামনা কৰিছিল৷ গৰমৰ বাবে স্বাভাৱিক জনজীৱন প্ৰায় ব্যাহত হৈছিল এটা সপ্তাহ ধৰি৷ অবশেষত সোমবাৰে বিয়লি ৩.৩০ মান বজাত হঠাতে আকাশ ওন্দোলাই আহিল প্ৰত্যাশিত বৰষূণ৷ পৰিমাণত ধাৰাষাৰ নহলেও বতাহৰ সৈতে অহা সপোন যেন লগা পাতলীয়া বৰষুণজাকে ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটীৰ নাগৰিককো গৰমৰ পৰা বহু সকাঁহ দিয়া পৰিলক্ষিত হয়৷


কাজেই সন্ধিয়াৰ প্ৰাকক্ষণত ছেগা - চেৰেকাকৈ বৰ্ষাসিক্ত হয় গুৱাহাটীসহ ৰাজ্যৰ বিভিন্ন ঠাই৷ স্বস্তিৰ এজাক বৰষুণে ৰাইজৰ দেহ মন জুৰ পেলায়৷ ইফালে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই সদৰি কৰা অনুসৰি পশ্চিম বংগোপ সাগৰত সৃষ্টি হোৱা নিম্নচাপ আৰু ম্যানমাৰৰ সাগৰীয় উপকূলৰ কেতবোৰ স্থানত শেহতীয়াকৈ হোৱা বতৰৰ পৰিঘটনাৰ বাবে সাগৰ পৃষ্ঠৰ পৰা ডেৰ কিলোমিটাৰ ওপৰৰে দক্ষিণ বাংলাদেশৰ আকাশৰে বিগত ২৪ ঘটাত অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনলৈ ডাৱৰৰ প্ৰৱেশ ঘটিছে৷ ইয়াৰ প্ৰভাৱত সোমবাৰে বিয়লিৰ পৰা অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যৰ আকাশ মেঘাছন্ন হৈ থকাৰ লগতে বেছিভাগ ঠাইত গাঁজনী, ঢেৰেকনী, ধুমুহাৰ সৈতে পাতলীয়া পৰিমাণৰ বৰষুণ হৈছে৷  বতৰ বিজ্ঞান কেন্দ্ৰই সন্ধিয়া সদৰি কৰা অনুসৰি সোমবাৰে গুৱাহাটীত হোৱা বৰষুণৰ গড় পৰিমাণ প্ৰায় ৩০ মিলিমিটাৰ৷ আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰে ৰাজ্যৰ বিভিন্ন অঞ্চল, আৰু বুধবাৰৰ পৰা আগন্তক তিনিদিনলৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ বেছিভাগ অঞ্চলতে আকাশ ডাৱৰীয়া হৈ গাজনী, ঢেৰেকনী, ধুমুহাৰ সৈতে কম, - বেছি পৰিমাণে বৰষুণ হব বুলি সতৰ্কতা জাৰি কৰিছে৷ আনকি বুধবাৰৰ পৰা শুকুৰবাৰলৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে৷  ইফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ বৰষুণ হোৱাৰ সম্ভাৱনা যদি বাস্তবত পৰিগণিত হয় তেন্তে আগন্তক দিনত সাধাৰণ ৰাইজ উৎকট গৰমৰ পৰা ৰক্ষা পোৱাটো নিশ্চিত৷  উল্লেখ্য যে সোমবাৰে বিয়লিৰ ভাগত শিলচৰকে ধৰি বৰাক উপত্যকাৰ কিছু অঞ্চলত ধুমুহাই সংহাৰী মূৰ্তি ধাৰণ কৰাত বহু সময়ৰ বাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰে৷