Logo
image

কেজৰিৱালৰ চকীত নবহিল মুখ্যমন্ত্ৰী আতিশী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৪ ছেপ্টেম্বৰ : বায়ু পুৰাণ আৰু মৎস্য পুৰাণ অনুসৰি ত্ৰেতা যুগৰ শেষত ভগৱান শ্ৰীৰামচন্দ্ৰই অযোধ্যাত জন্মগ্ৰহণ কৰি ইক্ষাকু বংশৰ কোশল ৰাজ্য শাসন কৰিছিল৷ ৰামৰ বনবাসৰ সময়ত তেওঁৰ হৈ ভাতৃ ভৰতে ৰাজ্যশাসন কৰিছিল, কিন্তু তেওঁ সিংহাসনত বহা নাছিল৷ বৰং সিংহাসনত জ্যেষ্ঠ ভাতৃ ৰামৰ পাদুকাষোৰ থৈ ৰামৰ প্ৰতিনিধি হিচাপে ৰাজ্য শাসন কৰিছিল৷ ত্ৰেতা যুগৰ পাছত দ্বাপৰ যুগ পাৰ হৈ এতিয়া হিন্দু শাস্ত্ৰ অনুসৰি কলিযুগ অব্যাহত আছে৷ কিন্তু দিল্লীৰ অক্সফ’ৰ্ড শিক্ষিতা নতুন মুখ্যমন্ত্ৰী আতিশীয়ে সেই ত্ৰেতা যুগৰ ভৰতৰ দৰেই অৰবিন্দ কেজৰিৱালৰ প্ৰতিনিধি হিচাপে দিল্লী শাসন কৰা বুলি ঘোষণা কৰিছে৷ আতিশীয়ে ৰামৰ বনবাস আৰু ভৰতৰ সিংহাসনত পাদুকা ৰাখি কৰা শাসন স্মৰণ কৰি কৈছে, তেওঁ ভৰতৰ দৰেই পৰৱৰ্তী চাৰিমাহ দিল্লী শাসন কৰিব৷ আতিশীয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত তেওঁৰ পূৰ্বসূৰী অৰবিন্দ কেজৰিৱালৰ আসনখন খালী ৰাখি কাষতে আন এখন আসনত বহি মুখ্যমন্ত্ৰীৰ দায়িত্ব চম্ভালিছে৷



আজি সোমবাৰৰ পৰা অতিশীয়ে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ কাম-কাজ৷ অক্সফ’ৰ্ডৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা আতিশীয়ে সংবাদ মাধ্যমক কৈছে, তেওঁ নিজৰ অৱস্থাৰ সৈতে ৰামায়ণৰ ভৰতৰ সাদৃশ্য বিচাৰি পাইছে৷ ‘ভৰতে যি ভাৰ বহন কৰিছিল, ময়ো তেনে ভাৰ বহন কৰিছো৷ ভৰতে ৰামৰ পাদুকা সিংহাসনত ৰাখি ৰাজ্য শাসন কৰিছিল৷ অহা ৪ মাহ দিল্লীৰ কাম পৰিচালনাৰ ক্ষেত্ৰত মোৰ নীতিও তেনে হ’ব’– আতিশীয়ে এনেদৰে কয়৷ প্ৰসংগতঃ, আতিশীক কেজৰিৱালে তেওঁৰ উত্তৰসূৰী ঘোষণা কৰা আৰু মুখ্যমন্ত্ৰী হিচাপে আতিশীয়ে শপত লোৱাৰ পাছত বিজেপিয়ে সমালোচনা কৰি কৈছিল, এইখন কেজৰিৱালৰ ডামী চৰকাৰ, যিমান চৰকাৰ ৰিমট ক°ট্ৰলৰ জৰিয়তে পৰিচালিত হ’ব৷ মুখ্যমন্ত্ৰী হিচাপে আতিশীৰ প্ৰথম বক্তব্য আৰু কাৰ্যত বিজেপিৰ মন্তব্য স্পষ্টভাৱে প্ৰতিফলিত হৈছে৷