Logo
image

বিশাল-চুমি-তাৰ্কিক এইবাৰ বৰবৰুৱা থানাৰ লক-আপত

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২৫ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিঙৰে অবৈধভাৱে ২২০০কোটি টকাৰ গৰাকী হোৱা বিশাল-চুমি কাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিয়েই আছে৷ বিশাল ফুকন আৰু চুমি বৰাৰ নেতৃত্বত গঠন হোৱা পাৰ্চেলিয়া নামৰ ঔষধ কোম্পানীত ডিব্ৰুগড়ৰ উপৰি ৰাজ্যৰ বিভিন্ন ঠাইৰ বহুলোকে ধন বিনিয়োগ কৰিছিল৷ শেহতীয়াকৈ ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানাত এজন ব্যক্তিয়ে উক্ত কোম্পানীত নিজৰ কষ্টোপাৰ্জিত ধন বিনিয়োগ কৰাৰ পাছতো লাভাংশ বাদেই আজিলৈকে নিজৰ মূলধন ঘূৰাই নাপালে বুলি অভিযোগ কৰিছে৷ সংশ্লিষ্ট ব্যক্তিজনে বৰবৰুৱা আৰক্ষী থানাত বিশাল-চুমিৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে৷ সেই গোচৰৰ আধাৰত বৰবৰুৱা থানাই বিশাল ফুকন আৰু চুমি বৰাৰ উপৰি চুমিৰ স্বামী তাৰ্কিক বৰাক নিজৰ জিম্মাত বিচাৰি আদালতত জনোৱা আৱেদন আদালতে মঞ্জুৰ কৰাৰ সূত্ৰে ট্ৰেডিং-কাণ্ডৰ এই তিনি মূল অভিযুক্ত সম্প্ৰতি বৰবৰুৱা থানাৰ লক-আপত আছে৷


ইফালে অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ মহানায়ক বিশাল ফুকনৰ আন এখন বিলাসী বাহন (এ এছ ০১এফ ডব্লিউ পঞ্জীয়নভুক্ত মহিন্দ্ৰা এক্স ইউ ভি ৭০০) আৰক্ষীয়ে জব্দ কৰিছে৷ ইয়াৰ পূৰ্বে জব্দ কৰা বিশালৰ চাৰিখন বিলাসী বাহন হৈছে ক্ৰমে ফৰচুনাৰ (এএছ ০৬এজে ০০০৬), এমজি হেক্টৰ (এএছ ০৬একে ০০০৬), কিয়া চেলটচ (এএছ ০৬এএল ০০০৬) আৰু এমজি এষ্টৰ (এএছ ০৬এএল ৬৭৩৪)৷ আনহাতে, ডিব্ৰুগড় আৰক্ষীয়ে এখন নম্বৰ প্লেট নথকা বিট কোম্পানীৰ বাহন জব্দ কৰিছিল৷ যিখন গাড়ী বোকাখাতৰপৰা গ্ৰেপ্তাৰ কৰা চন্দন নাথ আৰু শুভনজ্যোতি কুৰ্মী নামৰ অভিযুক্ত দুজনে চুমি আৰু তাৰ্কিকে গোলাঘাটৰপৰা পলায়ন কৰাৰ সময়ত ব্যৱহাৰ কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ বাহনখনত অধিবক্তাই ব্যৱহাৰ কৰা ষ্টীকাৰৰ লগতে নেচনেল জিঅ’গ্ৰাফিক আৰু ‘ছেভ এনিমেল’ৰ ষ্টীকাৰো আছিল৷ অনলাইন ট্ৰেডিং গোচৰৰ সৈতে জড়িত এই বগা ৰঙৰ বাহনখন জব্দ কৰি যোৱা ১৩ছেপ্টেম্বৰত ডিব্ৰুগড় সদৰ থানালৈ অনা হয় যদিও এইপৰ্যন্ত বাহনৰ গৰাকীৰ বিষয়ে আৰক্ষীয়ে কোনো সম্ভেদ নোপোৱাত ৰহস্যৰ সৃষ্টি হৈছে৷ উল্লেখ্য, অনলাইন ট্ৰেডিঙৰ নামত দেশ-বিদেশৰপৰা বৃহৎ পুঁজি সংগ্ৰহৰ অভিযোগ উঠা ডিব্ৰুগড়ৰ বিশাল ফুকনক (২২) ডিব্ৰুগড়ৰ আৰক্ষীয়ে নিজগৃহৰপৰা ২ছেপ্টেম্বৰত আটক কৰাৰ পাছত নিশা গ্ৰেপ্তাৰ কৰিছিল৷

শিৱসাগৰত ট্ৰেডিং কেলেংকাৰি, ঠগ খালে বহুজনে

‘আমাৰ অসম’ৰ শিৱসাগৰৰ প্ৰতিনিধি : বিগত কিছুদিনৰপৰা অসমত অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা কাণ্ড পোহৰলৈ অহাৰ পাছত অনলাইন ট্ৰেডিং কেলেংকাৰিৰ গোচৰত অভিযুক্ত বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰা, অম্লান বৰা, মাইনাও ব্ৰহ্ম, দীপাংকৰ ভট্ট, চবিন বৰ্মন, দীপালী তালুকদাৰ, মুকেশ আগৰৱালা, ভাস্কৰ বৰুৱা আদি ব্যক্তিসকলক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আৰু কেইবাজনো প্ৰৱঞ্চক আত্মগোপন কৰি থকাৰ সময়তে শিৱসাগৰতো অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ কাণ্ড পোহৰলৈ আহিছে৷ শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলি সমীপৰ নিৱাসী এগৰাকী ভুক্তভোগী মহিলাই অভিযোগ দিয়া অনুসৰি- শিৱসাগৰ নগৰৰ পাশ্বৰ্ৱৰ্তী নামতিয়াল পথাৰৰ ভৱেশ গগৈ ওৰফে ভাইকন নামৰ যুৱকজনে মহিলাগৰাকীৰ ঘৰলৈ আহি মহিলাগৰাকীক হাইপাৰভাৰ্ছ নামৰ ট্ৰেডিং এপত ধন বিনিয়োগ কৰিবলৈ কয়৷ প্ৰথম অৱস্থাত মহিলাগৰাকী হাইপাৰভাৰ্ছ নামৰ ট্ৰেডিং এপটোত ধন বিনিয়োগ কৰিবলৈ অমান্তি হৈছিল৷ পৰৱৰ্তী সময়ত ভৱেশ গগৈয়ে শিৱসাগৰ নগৰৰ গণকপট্টিৰ ভাড়াঘৰত থকা নলবাৰীৰ কৃষ্ণ মেধি আৰু শিৱসাগৰ জিলাৰ ৰাজমাইৰ কিশোৰ হাজৰিকা নামৰ দুজন দালালক লগত লৈ আহি মহিলাগৰাকীক এগুণৰপৰা তিনিগুণ লাভ হোৱাৰ প্ৰলোভন দেখুৱাই মহিলাগৰাকীক হাইপাৰভাৰ্ছ নামৰ ট্ৰেডিং এপটোত ধন বিনিয়োগ কৰিবলৈ কয়৷ সেইসময়ত তেওঁলোক তিনিওজনে মহিলাগৰাকীক আশ্বাস প্ৰদান কৰিছিল যে- কিবা কাৰণত এপটো বন্ধ হৈ গ’লে কৃষ্ণ মেধি, কিশোৰ হাজৰিকা আৰু তেওঁলোকৰ আপাৰ লাইনৰ শৰৎ কাশ্যপ নামৰ তিনিওজন ব্যক্তি মিলি হাইপাৰভাৰ্ছ নামৰ এপটোত বিনিয়োগ কৰা ধন ওভতাই দিব৷ শৰৎ কাশ্যপৰ ঘৰ মৰিয়নিৰ নাগাজাংকাত৷ তেওঁলোকৰ এই আশ্বাস পাই মহিলাগৰাকীয়ে হাইপাৰভাৰ্ছ নামৰ এপটোত ৮০হাজাৰ টকা বিনিয়োগ কৰে৷ এই ৮০হাজাৰ টকাৰ ৪০হাজাৰ টকা মহিলাগৰাকীয়ে কৃষ্ণ মেধিক নিজ হাতেৰে দিয়ে আৰু বাকী ৪০হাজাৰ টকা তেওঁলোকৰ পৰামৰ্শ অনুসৰি শৰৎ কাশ্যপৰ বেংক একাউণ্টত অনলাইন পেইমেণ্ট কৰে৷


প্ৰৱঞ্চককেইজনে প্ৰথম অৱস্থাত ৰবছৰ জ্ঝমাহত দুগুণ দিব বুলি আশ্বাস দিছিল৷ কিন্তু ৮০হাজাৰ টকা বিনিয়োগ কৰা দুমাহৰ পাছত প্ৰৱঞ্চককেইজনে মহিলাগৰাকীক কয় যে হাইপাৰভাৰ্ছ এপৰ চিষ্টেম কিছু সলনি হৈছে৷ সেইবাবে বিনিয়োগ কৰা ধনৰ তিনিগুণ পাবলৈ ৰবছৰ জ্ঝমাহৰ সলনি তিনিবছৰ কৰিছে৷ তিনি বছৰত তিনিগুণ দিব বুলি কোৱাৰ বাবে মহিলাগৰাকীয়ে বিনিয়োগ কৰা ধন ৮০হাজাৰ টকা ওভতাই দিবলৈ কয়৷ কিন্তু প্ৰৱঞ্চককেইজনে মহিলাগৰাকীক ৮০ হাজাৰ টকা ওভতাই দিবলৈ অমান্তি হয়৷ উল্লেখ্য, হাইপাৰভাৰ্ছ নামৰ এপটোত বিনিয়োগ কৰাসকলৰ বাবে এটা ৱাটছ-এপ গ্ৰপ খুলি দিয়া হৈছিল৷ এই ৱাটছ-এপ গ্ৰপটোত মহিলাগৰাকীয়ে বিনিয়োগ কৰা আশী হাজাৰ টকা বিনিয়োগৰ সন্দৰ্ভত প্ৰশ্ন কৰাৰ বাবে মহিলাগৰাকীক ৱাটছ-এপ গ্ৰপটোৰপৰা ৰিম’ভ কৰি দিয়াৰ পাছত ভুক্তভোগী মহিলাগৰাকীয়ে কৃষ্ণ মেধিলৈ ফোন কৰাত কৃষ্ণ মেধিৰ ম’বাইল ফোনৰ ছুইছ অফ পায়৷  তাৰ পাছত কিশোৰ হাজৰিকালৈ ফোন কৰাত কিশোৰ হাজৰিকাই মহিলাগৰাকীৰ টকা ডুবিল বুলি কোৱাৰ লগতে বিনিয়োগ কৰা আশী হাজাৰ টকা ঘূৰাই দিব নোৱাৰে বুলি কয়৷ নিজৰ সাচতীয়া ধন প্ৰৱঞ্চনাৰ জালত পৰা হাইপাৰভাৰ্ছ এপত বিনিয়োগ কৰা ৮০হাজাৰ টকা ঘূৰাই নোপোৱাৰ বাবে আৰু ঠগ-প্ৰৱঞ্চনা কৰা ব্যক্তিসকলৰ বিৰুদ্ধে ভুক্তভোগী মহিলাগৰাকী অতিশীঘ্ৰে আৰক্ষীৰ সহায় বিচাৰিব বুলি জানিবপৰা গৈছে৷ প্ৰাপ্ত অভিযোগ অনুসৰি, কৃষ্ণ মেধিয়ে ম’বাইল ফোনৰ চুইছ অফ কৰি ৰাখিছে৷ শৰৎ কাশ্যপে ফোন ৰিচিভ নকৰে আৰু কিশোৰ হাজৰিকাই ফোনত কথা পাতে৷ শিৱসাগৰ ষ্টেচন চাৰিআলিৰ নিৱাসী মহিলাগৰাকীৰ উপৰিও এইসকল ঠগ-প্ৰৱঞ্চকে টীয়ক জগদুৱাৰৰ এগৰাকী মহিলা, এজন ব্যক্তি, ৰংঘৰ চাৰিআলিৰ এগৰাকী মহিলাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ ব্যক্তিৰপৰা ট্ৰেডিং জালৰ জৰিয়তে কোটিৰো অধিক ধন লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷