Logo
image

ৰাজনীতিকৰ ভুৱা প্ৰতিশ্ৰুতি

ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত দুটা দিন বাকী৷ বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোটাৰৰ মন জয় কৰিবলৈ অসমলৈ আগমন ঘটিছে বিভিন্ন দলৰ হাই প্ৰফাইল নেতা৷ বোৱাই দিয়া হৈছে প্ৰতিশ্ৰুতিৰ বন্যা৷ কিন্তু নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলবোৰৰ এই প্ৰতিশ্ৰুতিবোৰ যে পৰৱৰ্তী সময়ত অসাৰ হৈ পৰে, সেই কথা অসমৰ ৰাইজে ভালদৰেই উপলব্ধি কৰিব পাৰিছে৷ কংগ্ৰেছৰ দিনৰ কু-শাসনৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে ২০১৬ চনত অসমৰ ৰাইজে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক শাসনলৈ আনিছিল৷ কিন্তু বিগত পাঁচ বছৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনক অধিক বেয়াৰ ফালেহে লৈ গ’ল৷ এইবাৰ পুনৰ নতুন প্ৰতিশ্ৰুতি লৈ ভোটাৰৰ মন ভুলাবলৈ নিৰ্বাচনী অভিযানত নামি পৰিছে কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে সাংসদ আৰু দলীয় নেতা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে তেওঁৰ মন্ত্ৰীসভাৰ সদস্য অমিত শ্বাহ, ৰাজনাথ সিঙৰ লগতে আন কেইবাজনো বিজেপি নেতাই একাধিকবাৰ অসম ভ্ৰমণ কৰি প্ৰমাণ কৰিব বিচাৰিছে যে ৰাজ্যখনৰ উন্নতি সাধন কৰাৰ লগতে সমস্যাবোৰৰ সমাধান কৰাৰ ক্ষেত্ৰত সঁচাকৈয়ে তেওঁলোক বদ্ধপৰিকৰ৷ কেৱল বিজেপি আৰু তেওঁলোকৰ মিত্ৰদলেই নহয়, ক্ষমতা পুনৰুদ্ধাৰৰ বাবে কংগ্ৰেছ দলেও এনেয়ে বহি থকা নাই৷  কংগ্ৰেছৰো কেইবাজনো ৰাষ্ট্ৰীয় নেতাই সঘনাই অসম ভ্ৰমণ কৰি নানা প্ৰতিশ্ৰুতিৰে প্ৰচাৰত নামি পৰিছে৷

নিৰ্বাচনৰ প্ৰচাৰলৈ অহা নেতা-মন্ত্ৰীসকলৰ এই প্ৰতিশ্ৰুতিবোৰ শুনি সৰ্বসাধাৰণৰ মনলৈ অহা প্ৰশ্নটো হৈছে– এই নেতা-মন্ত্ৰীসকলে সঁচাকৈয়ে  অসমৰ উন্নতি বিচাৰেনে? এইবাৰ দেখা গৈছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা কেইবাজনো ৰাজনীতিকে ভগা ভগা অসমীয়া ভাষাত শ্ৰোতা-দৰ্শকক সম্বোধন কৰাৰ লগতে সঘনাই নাম লৈছিল মহাপুৰুষ শংকৰদেৱ, লাচিত বৰফুকনৰ লগতে আন কেইবাজনো পুৰোধা ব্যক্তিৰ৷ এই  ব্যক্তিসকলৰ নাম ল’বলৈ গৈ তেওঁলোকৰ বিষয়ে ভুল ব্যাখ্যাও দাঙি ধৰিছে, যিটো অসমবাসীৰ বাবে অপমান হিচাপেই বিবেচিত হৈছে৷ কেৱল যে ৰাজনৈতিক লাভালাভৰ বাবেই এইসকল নমস্য ব্যক্তিৰ নাম নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰা হৈছে, সেই কথা অসমৰ ৰাইজৰ জানিবলৈ বাকী নাই৷ উজনি অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ক’লে যে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁট পুনৰ ক্ষমতালৈ আহিলে পাঁচ বছৰত অসমক বানমুক্ত কৰা হ’ব৷ বানৰ স্থায়ী সমাধান কেনেদৰে কৰা হ’ব তাকো নিৰ্বাচনী সভাত উল্লেখ কৰিছিল শ্বাহে৷ তেওঁৰ মতে, বৃহৎ পুখুৰী আৰু সৰোবৰ খান্দি তালৈ বানৰ পানী বোৱাই নি অসমৰ ৰাইজক সকাহ দিয়া হ’ব৷ এয়া এটা বাৰেবিংকৰা কথা নহয়নে? ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেও প্ৰচাৰ চলাবলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বান আৰু খহনীয়াৰ সমস্যাক গুৰুত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু প্ৰতিবছৰে বাৰিষা অসমৰ ৰাইজ বানৰ সমস্যাত কক্‌বকাই থকা অৱস্থাত সেইসকল লোকৰ বুজ ল’বলৈ অহাৰ আহৰি নাপায় নৰেন্দ্ৰ মোদী আৰু তেওঁৰ সহযোগীসকল৷ কিন্তু ভোটৰ আশাত নিৰ্বাচনৰ পূৰ্বে সঘনাই আগমন ঘটে এই নেতা-মন্ত্ৰীসকলৰ৷ কংগ্ৰেছৰ শাসনৰ সময়ত দুৰ্নীতি আৰু মূল্যবৃদ্ধিক প্ৰধান ইছ্যু হিচাপে লৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল ভাৰতীয় জনতা পাৰ্টী আৰু সহযোগী দলবোৰ৷ কিন্তু শাসনলৈ অহাৰ পাছত নতুন চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ কৰিব পাৰিলে জানো? চৰকাৰখন যে সৰ্বসাধাৰণৰ দুখ-দুৰ্গতিৰ প্ৰতি সম্পূৰ্ণ উদাসীন তাৰ প্ৰমাণ পাবলৈ অধিক সময়ৰ প্ৰয়োজন নহ’ল৷ অসম তথা অসমবাসীৰ প্ৰতি নৰেন্দ্ৰ মোদী চৰকাৰৰ যে একেবাৰে সদিচ্ছা নাই, তাৰ প্ৰমাণ হৈছে যে জোৰকৈ জাতিধবংসী নাগৰিকত্ব সংশোধনী আইনখন জাপি দিব বিচৰাটো৷ বিগত সময়ছোৱাত চৰকাৰখনে অসমবাসীয়ে বিচৰা একোৱেই নকৰিলে৷ তাৰ বিপৰীতে ৰাইজে নিবিচৰা বহুখিনি কৰিলে ‘সবকা সাথ, সবকা বিশ্বাস’ শ্লোগানেৰে ক্ষমতালৈ অহা চৰকাৰখনে৷