Logo
image

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনঃ আছুৰ দুৰ্গত আঘাত এ বি ভি পিৰ, BMWলৈ বিজয় সমদল

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৭ ছেপ্টেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র সন্থাৰ ২০২৪-২৫ বর্ষৰ সাধাৰণ নিৰ্বাচন বৃহস্পতিবাৰে অনুষ্ঠিত হোৱাৰ পিছত শুকুৰবাৰে ভোট গণনাৰ অন্তত বিয়লি ফলাফল ঘোষণা কৰা হয়। নিৰ্বাচনত ১৫ টা পদৰ বিপৰীতে ৩৪ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত গুৰুত্বপূৰ্ণ সভাপতিকে ধৰি মুঠ তিনিটা পদ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (এ বি ভি পি ) সমৰ্থিত প্ৰাৰ্থী, উপ-সভাপতিকে ধৰি মুঠ ছয়টা পদত আছু সমৰ্থিত প্ৰাৰ্থী, সাধাৰণ সম্পাদককে ধৰি মুঠ পাঁচটা পদত অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে। 

এ বি ভি পিৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে এটা বিবৃতিত সদৰি কৰা অনুসৰি তেওঁলোকৰ বিজয়ী প্ৰাৰ্থী তিনিগৰাকী হ'ল ক্ৰমে- মানস প্ৰতীম কলিতা, সাহিত্য সম্পাদক পদত প্ৰাণজিত কোচ আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক পদত বিনোদ বড়ো। তেনেদৰে আছুৰ গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ উপদেষ্টা পাৰ্শ্ব পাটগিৰী, সভাপতি লিজা নেৱাৰ আৰু সম্পাদক ঋতিছা ঠাকুৰীয়াই এটা বিবৃতিত সদৰি কৰা অনুসৰি তেওঁলোকৰ বিজয়ী ছয়গৰাকী প্ৰাৰ্থী হ'ল ক্ৰমে - উপ-সভাপতি পদত উদীপ্ত বায়ন, সহকাৰী সাধাৰণ সম্পাদক পদত নৈমিষা শইকীয়া, সংগীত বিভাগৰ সম্পাদক পদত নিবেদিতা কলিতা, সাংস্কৃতিক সম্পাদক পদত বন্দিতা ডেকা,  গুৰু ক্ৰীড়া সম্পাদক পদত দ্বীপজ্যোতি শৰ্মা আৰু লঘূ ক্ৰীড়া সম্পাদক পদত উজ্বল কলিতা। 



তেনেদৰে অসম ছাত্ৰ পৰিষদে এটা বিবৃতিত সদৰি কৰা অনুসৰি তেওঁলোকৰ বিজয়ী পাঁচগৰাকী প্ৰাৰ্থী হ'ল ক্ৰমে - সাধাৰণ সম্পাদক পদত কৌশিক বৰুৱা, তৰ্ক আৰু আলোচনা চক্ৰৰ সম্পাদক পদত মিন্টু ডেকা,  ক্ৰীড়া  সম্পাদক পদত ৰোচন কুমাৰ চাহু,  শৰীৰ চৰ্চাৰ সম্পাদক পদত প্ৰিয়াংক বৰ্মন আৰু সমাজসেৱাৰ সম্পাদক পদত দ্বীপজ্যোতি চহৰীয়াই জয় লাভ কৰিছে। তেনেদৰে কোনো দলৰে সমৰ্থিত বুলি দাবী নকৰা ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা পদত অনিন্দিতা শিৱমে জয়লাভ কৰিছে। উল্লেখ্য যে এইবেলি কোনো এগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত নহ'ল।  নিৰ্বাচনত মুঠ ৬০.৭ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল। সৰ্বমুঠ ভোট আছিল ৪০৮৫ । ইয়াৰে ২৪৮৩ গৰাকী ভোটাৰ ভোটদান কৰিছিল। 

উল্লেখ্য যে  পুৱা ৯ বজাৰ পৰা বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈ বিয়লি প্ৰায় তিনি বজাত আনুষ্ঠানিকভাৱে গণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। ফলাফল ঘোষণা হোৱাৰ লগে-লগে বিশ্ববিদ্যালয় চৌহদত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। আনহাতে গুৰুত্বপূৰ্ণ সভাপতি পদত জয়লাভ কৰাৰ পাছত স্বাভাৱিকতে এ বি ভি পিৰ শিবিৰত আনন্দৰ জোৱাৰ উঠে। আনকি উৎসাহী সমৰ্থকসকলে সভাপতি মানস প্ৰতীম কলিতাকে ধৰি তিনিওগৰাকী বিজয়ী প্ৰাৰ্থীক লৈ বিলাসী বি এম ডব্লিউ বাহন লৈ বিশ্ববিদ্যালয় চৌহদত এক বিশাল বিজয় সমদল বাহিৰ কৰে। বহুতে সভাপতি পদত এ বি ভি পিৰ বিজয়ক আছুৰ দুৰ্গত আঘাত কৰা বুলি অভিহিত কৰিছে।