Logo
image

বিশ্ববিদ্যালয়ৰ দুটাকৈ হোষ্টেলত তলা

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২ অক্টোবৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সদ্য সমাপ্ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত মাধব চন্দ্ৰ বেজবৰুৱা (আৰ চি চি-ৰ) ছাত্ৰাবাস আৰু গোপীনাথ বৰদলৈ (আৰ চি চি-২) ছাত্ৰাবাস দুটাৰ একাংশ আবাসীৰ মাজত হোৱা সংঘৰ্ষত কেইবাজনো আবাসী গুৰুতৰভাৱে আহত হৈছিল৷ বিশ্ববিদ্যালয় কতৃৰ্পক্ষই মাৰপিটৰ এই ঘটনাক গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে৷ ২৮ ছেপ্টেম্বৰৰ পুৱতি নিশা সংঘটিত এই ঘটনা সন্দৰ্ভত বিশ্ববিদ্যালয় কতৃৰ্পক্ষই জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল৷ এই ঘটনাৰ আঁত ধৰি বিশ্ববিদ্যালয় কতৃৰ্পক্ষই দুয়োটা ছাত্ৰাবাসত তলা লগাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সেইসূত্ৰে দুয়োটা হোষ্টেলৰ আবাসীসকলক ৪৮ ঘণ্টাৰ ভিতৰত হোষ্টেল খালী কৰিবলৈ নিৰ্দেশ দি ৩০ ছেপ্টেম্বৰত বিশ্ববিদ্যালয় কতৃৰ্পক্ষই জাননী জাৰি কৰে৷ অৱশ্যে ১ অক্টোবৰত এই জাননীৰ সামান্য সংশোধন কৰি ৫ অক্টোবৰৰ ভিতৰত দুয়োটা হোষ্টেলৰ আবাসীক হোষ্টেল খালী কৰি দিয়াৰ নিৰ্দেশ দিয়ে বিশ্ববিদ্যালয় কতৃৰ্পক্ষই৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে জাৰি কৰা জাননীখনত ৫ অক্টোবৰৰ ভিতৰত হোষ্টেল খালী নকৰিলে ৬ অক্টোবৰৰ পাছত হোষ্টেলৰ বিদ্যুৎ সেৱা আৰু পানী যোগান বিচ্ছিন্ন কৰি দিয়াৰ লগতে হোষ্টেলৰ কৰ্মচাৰী প্ৰত্যাহাৰ কৰা হ’ব বুলিও সকীয়াই দিছে৷ এই জাননী পোৱাৰ পাছতে দুয়োটা হোষ্টেলৰ আবাসীসকলৰ হাহাকাৰ লাগিছে৷ বিশ্ববিদ্যালয় কতৃৰ্পক্ষই জাৰি কৰা জাননীত আবাসীসকলক বিশ্ববিদ্যালয়ৰ আন আন ছাত্ৰাবাসত সংলগ্ন কৰাৰ কথা কোৱা হৈছে৷ অৱশ্যে গৰিষ্ঠসংখ্যক আবাসীয়ে বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে৷ দুয়োটা হোষ্টেলৰ আবাসীসকলে মঙলবাৰে সমূহীয়াভাৱে মিলিত হৈ কতৃৰ্পক্ষক এই জাননী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়৷



অবাঞ্ছিত ঘটনাটোৰ পাছত হোষ্টেল দুটাৰ আবাসীসকল আলোচনাত মিলিত হৈ ঘটনাটোৰ বাবে অনুতপ্ত বুলি উল্লেখ কৰাৰ লগতে দুয়োপক্ষৰ ভুল বুজাবুজি আঁতৰ কৰি পূৰ্বৰ দৰে মিলাপ্ৰীতিৰে থকাৰ সিদ্ধান্ত লয় আৰু এই বিষয়ে বিশ্ববিদ্যালয় কতৃৰ্পক্ষক অৱগত কৰে৷ দুয়োটা হোষ্টেলৰ আবাসীসকলে স্পষ্ট কৰি দিয়ে যে সংশ্লিষ্ট ঘটনাটোৰ বিতং তদন্ত হ’ব লাগে আৰু দোষীক শাস্তি প্ৰদান কৰিব লাগে৷ কিন্তু একাংশ আবাসীৰ ভুলৰ বাবে সকলো আবাসীকে শাস্তি দিব নালাগে৷ সেয়েহে দুয়োটা হোষ্টেল সাময়িকভাৱে বন্ধ কৰি দিয়াৰ বাবে বিশ্ববিদ্যালয় কতৃৰ্পক্ষই গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ বাবে দুয়োটা হোষ্টেলৰ আবাসীসকলৰ হৈ দুয়োগৰাকী ছাত্ৰাধীক্ষকে বিশ্ববিদ্যালয় কতৃৰ্পক্ষক অনুৰোধ জনোৱাৰ লগতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ আবাসীসকলে কয়– সম্প্ৰতি স্নাতকোত্তৰ শ্ৰেণীৰ প্ৰথম আৰু তৃতীয় ষান্মাসিকৰ ছেছনেল পৰীক্ষা চলি আছে৷ এই সময়ত আন হোষ্টেললৈ গৈ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো সম্ভৱপৰ নহয়৷ দুয়োটা হোষ্টেলৰ আবাসীসকলে সিদিনাৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনাক নিন্দা কৰাৰ লগতে পূৰ্বৰ দৰে মিলাপ্ৰীতিৰে থাকিব বুলি অংগীকাৰবদ্ধ হৈছে৷ এই সময়ত আন হোষ্টেললৈ তেওঁলোকক ভাগ ভাগকৈ স্থানান্তৰ কৰিলে তেওঁলোকৰ শৈক্ষিক দিশটোত বাধা আহি পৰিব৷ এই অনুৰোধ-আহ্বান সন্দৰ্ভত অৱগত কৰিবৰ বাবে মঙলবাৰে দুয়োটা হোষ্টেলৰ আবাসীৰ প্ৰতিনিধিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, পঞ্জীয়ক আৰু শ্ৰেণীসমূহৰ সচিবক সাক্ষাৎ কৰে৷ বিশ্ববিদ্যালয় কতৃৰ্পক্ষই আবাসীসকলৰ অনুৰোধ সন্দৰ্ভত স্পষ্টভাৱে একো নক’লে যদিও অবৈধ আবাসী, নামভৰ্তি নকৰা আবাসী আৰু ছুপাৰ ছিনিয়ৰ আদি হোষ্টেলত থাকিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে৷ উল্লেখ্য, সিদিনাৰ অবাঞ্ছিত ঘটনাটোৰ পাছত আৰ চি চি-ৰ ছাত্ৰাবাসৰ অধীক্ষকজনে পদত্যাগ কৰে৷