Logo
image

দোলাত উঠি আহিছে দেৱী, মহালয়া পালন

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৩ অক্টোবৰ : দোলাত উঠি ধৰালৈ নামি আহিল মা দুৰ্গা৷ বুধববাৰে পৱিত্ৰ মহালয়া উপলক্ষে ৰাজ্যজুৰি আনন্দময় পৰিবেশ বিৰাজ কৰে৷ এইবাৰ শাৰদীয় উৎসৱৰ বতৰা লৈ দোলাত আহিছে মৰ্ত্যলৈ নামি আহিছে দেৱী দুৰ্গা৷ পৱিত্ৰ মহালয়াৰ পৰাই দেৱীপক্ষৰ সূচনা হ’ল৷ দেৱীপক্ষৰ পহিলা দিনটোত পৱিত্ৰ নিশা মা দুৰ্গাক শ্ৰীশ্ৰী শৈল্য পুত্ৰী ৰূপত পূজা কৰা হয়৷ এনেদৰে দেৱীপক্ষৰ ৯টা দিন বা নৱৰাত্ৰিত দেৱী দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয়৷  মহালয়াত মৃত্যুবৰণ কৰা লোকে পৰম গতি লাভ কৰে বুলি জনবিশ্বাস আছে৷ মহালয়াৰ অমাৱস্যাৰো আছে বিশেষ মহত্ত্ব৷ মহালয়াত অমাৱস্যাৰ দিনা পূৰ্বপুৰুষক শ্ৰদ্ধা জনাই হিন্দু শাস্ত্ৰ অনুযায়ী তৰ্পণ কৰা হয়৷ মহালয়া উপলক্ষে বুধাবাৰে পুৱাতে ৰাজ্যৰ প্ৰান্তে  হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে মা দুৰ্গাক আদৰিবলৈ সমবেত হোৱা পৰিলক্ষিত হয়৷ অশুভ শক্তিক বিনাশৰ বাবে ধৰালৈ আগমন হোৱা দেৱী দুৰ্গাৰ পূজাকলৈ এতিয়া ৰাজ্যজুৰি প্ৰস্তুতি তুংগত উঠিছে৷ মহালয়া উপলক্ষে পুৱাতে লোকাৰণ্যহৈ পৰে ৰাজ্যৰ ৰাজপথসমূহ৷ ডিব্ৰুগড়ৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ ঘাটসমূহত পুৱতি নিশা ৩ বজাৰ পৰা ভক্তসকলে পূজা-অৰ্চনা কৰে৷ ডিব্ৰুগড়ৰ ফুলবাগান, কছাৰী ঘাট, কয়লা ঘাটত অগণন লোকৰ সমাগম হয়৷ পুৱাৰে পৰা মৃত ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ পৱিত্ৰ জলৰাশিত সেৱা আগবঢ়ায় ভিন্নজনে৷ এই পৱিত্ৰ ক্ষণত এইদৰে ডিব্ৰুগড়ৰ মহাবাহুৰ বহুকেইটা ঘাটত হাজাৰ হাজাৰ লোকে বৈদিক প্ৰথাৰে মৃত ব্যক্তি সকলৰ শ্ৰদ্ধা জনায়৷ মহালয়া ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বিভিন্ন ঠাইত ভক্তপ্ৰাণ ৰাইজ মহালয়া  পালন কৰে৷ ডিব্ৰুগড় কছাৰীঘাট, মৰাণ, চাবুৱা, দুলীয়াজান, তিনিচুকীয়া, ডুমডুমা আদি স্থানত পুৱাৰ ভাগত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে দেৱী মা দুৰ্গা আদৰাৰ কামনাৰে একেলগে সমবেত হয়৷


মহালয়া উপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীৰ শুক্ৰেশ্বৰ ঘাট, অশ্বক্লান্তৰ ঘাটত বহুসংখ্যকলোকে পিতৃকূলক পিণ্ডদান কৰে৷ অশুভ শক্তিক বিনাশৰ বাবে ধৰালৈ আগমন দৈছে দেৱী দুৰ্গাৰ৷ শাৰদীয় দুৰ্গা পূজাৰ মহালয়াত আনন্দ উল্লাস  কৰে৷৷ মহালয়া হৈছে হিন্দু ধৰ্মৰ অন্যতম পৱিত্ৰ দিন৷ এই দিনটোৱেই দুৰ্গা পূজাৰ আৰম্ভণিৰ প্ৰতীক, যি সাধাৰণতে আহিন মাহৰ কৃষ্ণ পক্ষৰ শেষ দিনত উদ্‌যাপিত হয়৷ মহালয়া মানেই অমাৱস্যাৰ দিনত অনুষ্ঠিত হোৱা এক বিশেষ কাৰ্য, যাক পিতৃপক্ষৰ অন্ত আৰু দেৱীপক্ষৰ আৰম্ভণি বুলি ধৰা হয়৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মহালয়া উপলক্ষে মূলতঃ মহিষাসূৰ মৰ্দিনী নৃত্য-নাটিকাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ গুৱাহাটীৰ বিভিন্ন ঠাইৰ লগতে দীঘলীপুখুৰী পাৰতো প্ৰতিবছৰৰ দৰে এইবাৰো মহালয়াৰ আয়োজন কৰা হয়৷ সামাজিক-সাংস্কৃতিক অনুষ্ঠান মুক্তাংগণৰ উদ্যোগত মহালয়া উপললক্ষে বুধবাৰে পুৱা ৫ বজাৰ পৰা ৮ বজালৈ মা দুৰ্গাৰ বন্দনা কৰাৰ লগতে বণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ জনবিশ্বাস অনুসৰি মহালয়াৰ আগমণে সকলো অশুভ শক্তিৰ বিনাশ কৰে৷ এইবাৰ দেৱী দুৰ্গাৰ দোলাত ধৰালৈ আগমন ঘটিছে আৰু ঘোঁৰাত গমন হ’ব৷ সেয়েহে দেৱী পক্ষৰ আগমনৰ বাবে এতিয়া ব্যপক প্ৰস্তুতি চলিছে৷ মৃণ্ময় শিল্পী সকলো দিনে নিশাই দেৱীৰ প্ৰতিমাত শেষ পৰশ দিয়াতব্যস্ত হৈ পৰিছে৷ শৰৎ অহাৰ লগে লগে ৰাজ্যৰ চাৰিওফালে এক সুন্দৰ পৰিৱেশ বিৰাজ কৰে৷ শৰৎ মানেই শাৰদী ৰাণীৰ আগমণ৷ বিশ্বাস কৰা হয় যে মহালয়াৰ দিনটোত দেৱী দুৰ্গাই লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে তেওঁৰ বাহনত কৈলাসৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ আহে৷ ইয়াৰোপৰি বিশ্বাস কৰা হয় যে দহ দিনৰ ভিতৰত, দেৱী দুৰ্গাই পৃথিৱীৰ পৰা অপশক্তি আঁতৰাই তেওঁৰ ভক্তসকলক আশীৰ্বাদ দিয়ে৷ ৰাজ্যবাসীয়ে এতিয়া মাঁথো মা দুৰ্গাৰ আশিষ লঅবলৈ আৰু শাৰদীয় দুৰ্গা পূজাৰ আনন্দ উপভোগ কৰিবলৈ সাজু হৈছে৷ মা দুৰ্গাৰ আগমনে দেশৰ দহৰ মংগল কৰিব বুলি হিন্দু ধৰ্মাৱলম্বী লোকসকলে মা দুৰ্গাক আদৰিবলৈ সাজু হৈছে৷ বিশ্বাস কৰি মা দুৰ্গা আৰাধনা কৰি আহিছে৷ অৱশ্যে মহানলয়ৰ দিনটোতে ৰাজ্যৰ কেইবাঠাইতো দেৱীক আদৰৰ নামত উশৃখল পৰিৱেশৰ সৃষ্টি কৰিছে৷