খোৱাপানীও নাই, ঠিকাদাৰৰ প্ৰাপ্য ধনো নাই
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ অক্টোবৰ : ফ্লপ শ্ব’ত পৰিণত হ’ব নেকি জলজীৱন মিছন! ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ পৰিকল্পনাৰে ৰূপায়ণ হোৱা কেন্দ্ৰৰ জলজীৱন আঁচনিৰ আজিৰ তাৰিখত অসমত বাস্তৱত খোৱাপানীও নাই, ঠিকাদাৰৰ প্ৰাপ্য ধনো নাই৷ জলজীৱন আঁচনিৰ নামত বাঁহৰ খুঁটাত একোটাকৈ পানীটেপ ওলমি থকাৰ বাহিৰে অধিকাংশ অঞ্চলৰে ৰাইজে এটুপিও খোৱাপানী লাভ নকৰাৰ অভিযোগ উঠিছে৷ আশ্য়জনক বিষয়টো হৈছে, জলজীৱন মিছনৰ অধীনত গাঁৱে-ভূঞে ঘৰে-ঘৰে বিনামূলীয়া খোৱাপানী যোগানৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও আঁচনিৰ পানীৰ পাইপ তথা টেপ সংযোগৰ বাবদ উপভোক্তাৰ পৰা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ নেতৃত্বাধীন জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে মাচুল সংগ্ৰহ কৰাৰো অভিযোগ উঠিছে৷ লক্ষণীয়ভাৱে জলজীৱন আঁচনিৰ অসমত প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ কৰা বুলি বিভাগীয়ভাৱে দাবী কৰি অহা হৈছে যদিও নিম্নমানৰ কাম আৰু ব্যৱহাৰিক প্ৰমাণ পত্ৰ দাখিল নকৰাত কেন্দ্ৰীয় জলজীৱন মিছন কৰ্তৃপক্ষই অসমক পুঁজি যোগান বন্ধ কৰি দিয়াৰ তথ্য পোহৰলৈ আহিছে৷ কেন্দ্ৰৰ পুঁজি বন্ধ হৈ পৰাত এতিয়া ঠিকাদাৰসকলে বিগত তিনি মাহ ধৰি প্ৰাপ্য বিলৰ ধন লাভ নকৰাত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা সূত্ৰই সদৰী কৰা অনুসৰি জলজীৱন মিছনৰ প্ৰায় হাজাৰ কোটিৰো অধিক টকা কেন্দ্ৰই মুকলি কৰি দিয়া নাই৷
প্ৰাপ্য বিল লাভ নকৰাত শেহতীয়াকৈ উজনি অসমৰ জলজীৱন আঁচনিৰ ক্ষুদ্ৰ আৰু মজলীয়া ঠিকাদাৰ সন্থাই ডিব্ৰুগড়স্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মাণ্ডলিক কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদো সাব্যস্ত কৰিছে৷ বিগত ৩০ ছেপ্টেম্বৰত শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়াৰ ক্ষুদ্ৰ আৰু মজলীয়া ঠিকাদাৰসকলে মাণ্ডলিক কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰে কেৱল পুঁজিপতি অনিল দাস, অনুপম শৰ্মা, বসন্ত চন্দকৰ দৰে ঠিকাদাৰকহে সময়মতে ধন মোকলাই দিয়া বুলিও আক্ষেপ প্ৰকাশ কৰে৷ ঠিকাদাৰসকলে প্ৰাপ্য বিচাৰি দিছপুৰত তীব্ৰ হেঁচা দিবলৈ আৰম্ভ কৰাত শেহতীয়াকৈ মুখ্য সচিব ৰবি কোটাই জলজীৱনৰ পুঁজি মোকলাই দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰও প্ৰেৰণ কৰিছে৷ অৱশ্যে জলজীৱন আঁচনি একাংশ বিষয়া-অভিযন্তা আৰু ঠিকাদাৰৰ সোণৰ কণী পৰা হাঁহলৈ পৰিণত হোৱাত পানীযোগান আঁচনিৰ নমত সংঘটিত দুৰ্নীতিৰ তদন্ত হ’ব নে নাই বুলিও প্ৰশ্ন উত্থাপন হৈছে৷