অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদাত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ অক্টোবৰ : কানাড়া, তামিল, তেলেগু, মালয়ালম, সংস্কৃত, ওড়িশাৰ পাছত ধ্ৰুপদী বা ক্লাচিকেল ভাষাৰূপে স্বীকৃতি পালে অসমীয়া ভাষাই৷ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে বৃহস্পতিবাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি প্ৰদান কৰে৷ মাৰাঠী, পালি, প্ৰকৃত, বাংলা আৰু অসমীয়া ভাষাক শেহতীয়াভাৱে ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰা হয়৷ ২০২১ চনৰ ১৯ মাৰ্চত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়লৈ আনুষ্ঠানিকভাৱে প্ৰস্তাৱ প্ৰেৰণ কৰিছিল৷ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ তালিকাত স্থান দিয়াৰ বাবে অসম সাহিত্য সভাৰ হৈ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়লৈ ২০২১ চনতে ৩৯৪ পৃষ্ঠাৰ প্ৰতিবেদন প্ৰেৰণ কৰিছিল৷ উল্লেখ্য, ভাৰত চৰকাৰে ২০০৪ চনৰ পৰা কমেও ১,০০০ বছৰীয়া পূৰণি প্ৰাচীন ভাষাসমূহক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰি আহিছে৷ এই সন্দৰ্ভত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ ভাষা বিশেষজ্ঞ কমিটীয়ে উচ্ছ পৰ্যায়ৰ গুণগত মান অক্ষুণ্ণ ৰখা পৰম্পৰাগত ভাষাসমূহক ধ্ৰুপদী ভাষাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ কথা বিবেচনা কৰে৷ ইয়াৰ বাবে ভাষাটোৰ উচ্ছমানৰ লেখা তথা প্ৰামাণিক ইতিহাস থাকিব লাগিব৷ সংশ্লিষ্ট ভাষাটোৰ প্ৰাচীন সাহিত্য তথা লেখাৰ সমলসমূহ প্ৰজন্মৰ পাছত প্ৰজন্মই ব্যৱহাৰ কৰিব লাগিব৷ অসমীয়াৰ উপৰি মাৰাঠী, বাংলা, পালি, মণিপুৰী, সিন্ধি আৰু মৈথিলী ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে সংশ্লিষ্ট ৰাজ্যসমূহৰ ফালৰ পৰা পৃথকে পৃথকে কেন্দ্ৰীয় চৰকাৰে আবেদন লাভ কৰিছিল৷
লক্ষণীয়ভাৱে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে গঠিত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনতো অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছিল৷ অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াবৰ বাবে ২০২০ চনৰ পৰাই অসম সাহিত্য সভাই নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখি আহিছে৷ অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাত আনন্দ প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ তেওঁ কয়– প্ৰতিগৰাকী অসমীয়াৰ বাবে এক ঐতিহাসিক ক্ষণ! শ শ বছৰৰ ঐতিহ্যৰে পৰিপূৰ্ণ স্বকীয় অসমীয়া ভাষালৈ আজিৰ কেন্দ্ৰীয় কেবিনেটত ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন৷ ইয়াৰ পূৰ্বে ভাৰতত মুঠ ছয়টা ভাষাকহে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছিল৷ এই শাৰীত ধ্ৰুপদী ভাষা হিচাপে নতুনকৈ সংযোজিত হ’ল অসমীয়া ভাষা৷ এয়া সঁচাকৈয়ে এক আনন্দৰ বতৰা, এক দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত৷ চিৰ চেনেহী ভাষা জননীৰ এই মৰ্যাদাপ্ৰাপ্তিৰ যাত্ৰাত উল্লেখযোগ্য অৰিহণা যোগোৱা প্ৰতিগৰাকী ব্যক্তিকেই ধন্যবাদ জনাইছোঁ৷ আজিৰ এই ঐতিহাসিক পদক্ষেপৰ বাবে অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ এইছেগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানকো তেওঁলোকৰ সক্ৰিয় ভূমিকাৰ বাবে ধন্যবাদ জনাইছোঁ৷ তদুপৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ ভূমিকাৰো শলাগ লৈছোঁ৷ উল্লেখ্য, ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাবলৈ হ’লে এটা ভাষাৰ ইতিহাস ১৫০০-২০০০ বছৰৰ দৰে অতি পুৰণি আৰু মৌলিকতাৰে পূৰ্ণ তথা প্ৰাচীন সাহিত্যৰ লিপিবদ্ধ প্ৰমাণ থাকিব লাগে৷ এইক্ষেত্ৰত অসমীয়া ভাষাই প্ৰয়োজনীয় নীতি-নিয়ম পূৰণ কৰিছে৷ চৰকাৰে ধ্ৰুপদী ভাষাসমূহৰ প্ৰচাৰ-প্ৰসাৰ আৰু সুৰক্ষা-সংৰক্ষণৰ বাবে বিশেষ সহযোগিতা আগবঢ়ায়৷ তদুপৰি গৱেষণাৰ বাবে পুঁজি যোগান, উৎকৰ্ষৰ কেন্দ্ৰ স্থাপন, কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত সংশ্লিষ্ট ভাষাৰ বাবে বিশেষ চকীৰ সূচনা, ধ্ৰুপদী ভাৰতীয় ভাষাৰ সাহিত্যিকৰ বাবে বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা ইত্যাদি কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈ আহিছে৷ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ ফলত বিভিন্ন সংস্থাপনৰ পথো প্ৰশস্ত হ’ব৷ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদানত গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– প্ৰাণৰ অসমীয়া ভাষাটিলৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা— কথাটিয়েই মনটো ভৰাই তুলিছে৷ অসমীয়া ভাষাটিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ঐতিহাসিক সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় চৰকাৰক অসমবাসীৰ হৈ অযুত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ এই মৰ্যাদাই আমাৰ প্ৰাচীন ভাষাটিক এক নান্দনিক অলংকাৰ পিন্ধালে৷ প্ৰাচীন কামৰূপ তথা বৰ অসমৰ সভ্যতা-সংস্কৃতিৰ এই শিপাডালে আমাক আজি পুনৰবাৰ সমৃদ্ধ কৰিলে৷ এই ঐতিহাসিক সিদ্ধান্তৰ দ্বাৰা আমি আমাৰ প্ৰিয় মাতৃভাষাটিক জগত সভালৈ লৈ যাবলৈ সক্ষম হঅম, ভাষাটিক সংৰক্ষণৰ দিশত আমি আটায়ে নিশ্চিতভাৱে অধিক দায়বদ্ধ হ’ম৷ এই সন্মান আমাৰ বৈচিত্ৰ্যৰ মাজত এক হৈ থকা সমাজখনলৈ; এই সন্মান অসমৰ মহাপুৰুষ, চিন্তাবিদ, সাহিত্যিক, দাৰ্শনিক, প্ৰজ্ঞাৰ সাধক তথা অসমৰ সৰ্বস্তৰৰ জনসাধাৰণলৈ৷