Logo
image

চৰকাৰী কাম-কাজত ব্যৱহৃত হ’বনে ‘ধ্ৰুপদী অসমীয়া’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কালি অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ পাছতে ৰাজ্যজুৰি উছাহৰ ঢল বৈছে৷ স্বাভাৱিকতে অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি অহাটো গৌৰৱৰ কথা৷ এই স্বীকৃতিয়ে অসমীয়া ভাষাক এক মৰ্যাদাপূৰ্ণ স্থান দিলে৷ অসমীয়া ভাষাৰ যে এক সুপ্ৰাচীন ঐতিহ্য আছে, গৌৰৱময় আৰু চহকী ভেটি আছে তাৰো স্বীকৃতি দিলে৷ নৱম শতিকাৰ চৰ্যাপদৰ ভাষাৰ পৰা চতুৰ্দশ শতিকাৰ আদিভাগৰ হেম সৰস্বতীৰ দ্বাৰা বিকশিত অসমীয়া ভাষাই কাৰ্যতঃ কেতিয়াবাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাব লাগিছিল৷ কিন্তু পলমকৈ হ’লেও অসমীয়া ভাষাৰ দুটা কথা ক’ব খোজোঁ৷ প্ৰথম কথা আশা কৰোঁ এই সিদ্ধান্তৰ লগত কোনো ৰাজনৈতিক অংক নিশ্চয় নাই৷ দ্বিতীয়তে যিটো ভাষাক ধ্ৰুপদী মৰ্যাদা দিয়া হ’ল সেই ভাষাটোৰ বৰ্তমানৰ অৱস্থাৰ কথা বিশেষভাৱে বিবেচনীয়৷ অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক বন্ধ হৈ গৈছে৷ ইংৰাজী মাধ্যমৰ বিদ্যালয় ব্যক্তিগত খণ্ডত কাঠফুলাৰ দৰে বাঢ়ি আহিছে৷ অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ শিক্ষাৰ ব্যৱস্থাটো অসম জাতীয় বিদ্যালয়ৰ দৰে হ’ব লাগে বুলি মই বহুদিনৰ পৰা কাকতে-পত্ৰই লিখি আহিছোঁ৷



কিন্তু ৰাজ্য চৰকাৰে বোধকৰোঁ এই বিদ্যালয়বিলাকৰ স্বাভাৱিক মৃত্যু হওক বুলি ভাবি লৈছে যেন লাগে৷ মৃত্যু তৰান্বিত কৰিবৰ নিমিত্তে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ল’ৰা-ছোৱালীক গছপুলি ৰোৱাৰপৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী আঁচনিৰ কাম কৰিবলৈ দায়িত্ব দিয়া হয়৷ কিন্তু কোনো ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক কোনো চৰকাৰী আঁচনিৰ কামত লগোৱা নহয়৷ গুণোৎসৱ পতাৰ বাহিৰে এই স্কুলবিলাকৰ উন্নয়নৰ বেলেগ কোনো ব্যৱস্থা নাই৷ তদুপৰি, ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয় বিলাকত অসমীয়া ভাষা শিকোৱাৰ কোনো ব্যৱস্থা নাই৷ মই দাবী কৰোঁ চৰকাৰে এই দুমুখীয়া নীতি পৰিত্যাগ কৰক আৰু ব্যৱহাৰিকভাৱে আৰু বিদ্যায়তনিকভাৱে মাধ্যম নিৰ্বিশেষে সকলো বিদ্যালয়ত অসমীয়া ভাষা শিক্ষা বাধ্যতামূলক কৰক৷ তেতিয়াহে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ গুণগত মূল্য প্ৰতিষ্ঠিত হ’ব৷