Logo
image

পূজা আৰম্ভ, বিজেপিৰো উৎসৱ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ অক্টোবৰ : ঢাক, উৰুলি, শংখ ধবনিৰ মাজেৰে বুধবাৰৰ পৰা আৰম্ভ হ’ব শাৰদীয় দুৰ্গোৎসৱ৷ চৌদিশে এতিয়া উছাহ, আনন্দৰ পৰিৱেশ৷ কাইলৈ বেলবৰণেৰে দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হ’ব৷ ইয়াৰ লগে লগে ভক্তৰ বছৰজোৰা অধীৰ অপেক্ষাৰ অন্ত পৰিব আৰু আৰম্ভ হ’ব দেৱী দুৰ্গাৰ পূজা-অৰ্চনা৷ ইফালে হাৰিয়ানাত বিজেপিৰ হেট্ৰিকৰ পাছতো বিজেপিৰো আৰম্ভ হৈছে বিজয় উৎসৱ৷ সকলো এগজিট পলৰ ভৱিষ্যতবাণী অসাৰ প্ৰতিপন্ন কৰি হাৰিয়ানাত বিজেপিৰ চমকপদ সফলতাৰ পাছতে এক প্ৰকাৰে বশিষ্ঠৰ বাজপেয়ী ভৱনত আবতৰীয়া দেৱালীৰ পৰিৱেশৰ সৃষ্টি হয়৷ সন্ধিয়া বাজপেয়ী ভৱনত পালন কৰা হয় বিজয় উৎসৱ৷ ফটকা-আতচবাজী ফুটাই, পৰস্পৰে পৰস্পৰক মিঠাই জেলেপি খুৱাই ৰাজ্যিক বিজেপিৰ মুখ্য সদৰত বিজেপিৰ নেতা-কৰ্মীসকলে আনন্দ প্ৰকাশ কৰে৷ সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত বেনুধৰ নাথ, জিতু তালুকদাৰ আদি বিজেপিৰ নেতাসকলে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মুখত জেলেপি গুজি দি সাফল্যৰ জয়জয়কাৰ কৰে৷ হাৰিয়ানা আৰু জম্মু-কাশ্মীৰ ফলাফলৰ সন্দৰ্ভত মন্তব্য কৰি ভৱেশ কলিতাই কয়–‘হাৰিয়ানাবাসীয়ে আকৌ এবাৰ মোদীজীৰ ওপৰত আস্থা বিশ্বাস ৰাখিলে৷ কৃষকক মোদীজীয়ে যে সন্মান দিয়ে সেয়া প্ৰমাণ হ’ল৷ জম্মু-কাশ্মীৰতো আমাৰ ফলাফল ভাল হৈছে৷ কংগ্ৰেছে হাৰিলে ইভিএমক দোষ দিয়ে৷ কিছুমান আভুৱা ভৰা কথা কৈ জনসাধাৰণক বিচলিত কৰিব খুজিছিল কংগ্ৰেছে৷ কংগ্ৰেছৰ বেণ্ড পাৰ্টি, বিহু পাৰ্টি, খানা-পিনা অথলে গ’ল৷ তলা ক’ত লাগিব ৰাইজে জনাই দিলে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰ চলোৱা আটাইবোৰ সমষ্টিতে বিজেপিৰ প্ৰাৰ্থী জয়ী হ’ল৷ হাৰিয়ানা বিজেপিৰ তত্বাৱধায়ক ফণীন্দ্ৰ নাথ শৰ্মাৰ সাংগঠনিক কাম-কাজে ভাল ফলাফল দিলে৷’ এগজিট পলৰ সন্দৰ্ভত কলিতাই কয় যে এগজিট পলৰ ভৱিষ্যতবাণী আৰু বৰষুণ একেই, হ’বও পাৰে নহ’বও পাৰে৷ ইফালে আজি নতুন দিল্লীৰ বিজেপিৰ মুখ্য সদৰতো দলীয় কৰ্মীসকলে বিজয় উৎসৱ উদ্‌যাপন কৰে৷ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি শীৰ্ষ নেতৃত্ব উপস্থিত থাকে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয় উৎসৱত বক্তব্য আগবঢ়ায় কয় যে এয়া উন্নয়ন আৰু সুশাসনৰ ফলাফল৷ প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানা বিজেপিৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনায়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই জয়ক সত্য, উন্নয়ন আৰু সুশাসনৰ জয় আখ্যা দিয়ে৷ উন্নয়নক সমৰ্থন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভোটাৰক ধন্যবাদ জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয়–হাৰিয়ানাত বিজেপিৰ এই বৃহৎ জয়ৰ সমগ্ৰ দেশতে প্ৰতিধবনিত হৈছে৷ প্ৰতিটো শ্ৰেণী, জাতি বৰ্ণৰ লোকে বিজেপিক সমৰ্থন দিলে৷ ‘কংগ্ৰেছ এতিয়া পানী নথকা মাছ৷ ক্ষমতা জন্মস্বত্ব অধিকাৰ বুলি ভাৱে কংগ্ৰেছে৷’ এনেদৰে কংগ্ৰেছক কটাক্ষ কৰে মোদীয়ে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুড গৱৰ্ণেন্সেৰ মডেল হাৰিয়ানা৷ হাৰিয়ানাত বিজেপিৰ বৃহৎ জয়ে মোদী মেজিক আকৌ এবাৰ প্ৰমাণিত কৰিলে৷


আজি মহাষষ্ঠী, ৰাজ্যজুৰি উৎসৱমুখৰ পৰিস্থিতি

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ : ৰাজ্যজুৰি দুৰ্গতিনাশিনীৰ পূজাকলৈ উৎসৱ মুখৰ পৰিবেশ বিৰাজ কৰিছে৷  হিন্দুধৰ্মাৱলম্বী লোকসকলে পৰম্পৰাগত বিধি অনুসৰি দেৱী দুৰ্গাৰ আৰাধনা কৰি আহিছে৷ বুধবাৰে ষষ্ঠীৰ বেদিত স্থাপন কৰা হ’ব দেৱী দুৰ্গাৰ মৃন্ময় প্ৰতিমা৷  পূজাৰীৰ মন্ত্ৰোচ্ছাৰণ, আয়তীৰ উৰুলি, ঢাক, শংখধবনিৰ সুললিত সমলয়ৰ মাজেৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ব দুৰ্গতিনাশিনীৰ প্ৰতিমা৷ যদিও মঙলবাৰে পুৱা ৭ বাজি ৯ মিনিটৰ পৰা ষষ্ঠী তিথি আৰম্ভ হৈছে আৰু বুধবাৰে পুৱা ৭ বাজি ৩২ মিনিটত অন্ত পৰিব তথাপিও বুধবাৰে সন্ধিয়া আমন্ত্ৰণ অধিবাসেৰে দেৱী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰা হ’ব৷ ইয়াৰ লগে লগে ভক্তৰ অধীৰ অপেক্ষাৰ অন্ত পৰিব আৰু ৰাজ্যজুৰি আৰম্ভ হ’ব শাৰদীয় দুৰ্গোৎসৱ৷ বৃহস্পতিবাৰে মহাসপ্তমী৷ সমাজৰ অসূয়া–প্ৰীতি, মাৰি–মৰক, দুৰ্যোগ বিভীষিকা নাশ কৰি শান্তি আৰু সমৃদ্ধিৰ প্ৰাৰ্থনাৰে বৃহস্পতিবাৰে মহিষমৰ্দিনীৰ শ্ৰীচৰণত ভক্তসকলে পূজা–অৰ্চনা আগবঢ়াব৷ মা দুৰ্গাৰ শ্ৰীচৰণত ধূপ, দ্বীপ, নৈবদ্য আগবঢ়াই দেশৰ দহৰ মংগল কামনাৰে সেৱা জনাব ভক্তসকলে৷ আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত দুৰ্গোৎসৱ হিন্দুধৰ্মাৱলম্বী লোকসকলে ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰি আহিছে৷ এই পাঁচদিন যথাক্ৰমে ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমীত দেৱীক আৰাধনা কৰাৰ পাছত বিজয়া দশমীত দেৱীক অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়া হ’ব৷ এইবাৰ দেৱী দুৰ্গাৰ দোলাত আগমণ ঘটিছে আৰু ঘোঁৰাত গমন হ’ব৷ অপেক্ষাৰ অন্তত এইবাৰো ৰাজ্যজুৰি আৰম্ভ হ’ব শাৰদীয় দুৰ্গোৎসৱ৷ এইবাৰ আড়ম্বৰপূৰ্ণভাৱে ৰাজ্যজুৰি অনুষ্ঠিত হৈছে দূৰ্গোৎসৱ৷ এইবাৰ বিগ বাজেটেৰে আৰু নানা থিম লৈ অনুষ্ঠিত হৈছে বহুকেইখন দুৰ্গাপূজা৷  বছৰজোৰা অপেক্ষাৰ অন্তত এইবাৰ ৰাজ্যজুৰি প্ৰায় তিনি সহস্ৰাধিক আৰু গুৱাহাটী মহানগৰীত প্ৰায় ৫০০খন পূজা সমিতিক প্ৰশাসনে যাৱতীয় বিধি অনুসৰি পূজা আয়োজন কৰাৰ বাবে অনুমতি দিছে৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দুৰ্গা পূজাৰ মণ্ডপ সমূহ আটক ধুনীয়াকৈ সজাই তোলা হৈছে৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীখনো আটক ধুনীয়াকৈ সজাই তোলা হৈছে৷ গুৱাহাটীৰ বিষ্ণুপুৰ, ভাস্কৰ নগৰ, বিমলা লগৰ, পাণ্ডুৰ আজাদ হিন্দ ক্লাব, জয় হিন্দ ক্লাব, পাণ্ডুৰেষ্ট কেম্প কালিবাৰী,  কুমাৰপাৰাৰ নয়নতৰা, আঠগাঁও পুখুৰীপাৰ, ভৰলুৰ শ্লুইচ গেট, লতাশিল, গীতনগৰ সৰ্বজনীন দুৰ্গা পূজাত নানা থিম লৈ পূজাৰ আয়োজন কৰা হৈছে৷ আকৰ্ষণীয় মণ্ডপ ভিন্নৰঙী লাইটৰ মায়াময় হ্লপৰিবেশ সৃষ্টি কৰি ভক্তিপ্ৰাণ লোকক আকৰ্ষণ কৰিবলৈ পূজা সমিতিসমূহৰ মাজত এতিয়া চলিছে  অঘোষিত প্ৰতিযোগিতা৷

এইবাৰ মহানগৰীৰ বিষ্ণুপুৰ সৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে ৫০ লাখ, গীতানগৰ সৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে ৩০ লাখ, বৃহত্তৰ  গণেশপাৰা সৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে ৩০ লাখ, ৰেষ্টকেম্প কালীবাড়ী দুৰ্গা পূজা সমিতিয়ে ৪০ লাখ, আঠগাঁও সৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে ৩৫ লাখ, বৃহত্তৰ নাৰেংগী দুৰ্গা পূজা সমিতিয়ে ১৮ লাখ, ভাস্কৰনগৰ সৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে ২৭ লাখ, নয়নতৰা ক্লাব সৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে ১৮ লাখ, শান্তিপুৰ শ্লুইচগেট সৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে ২৫ লাখ আৰু গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে (লতাশিল) ২৫ লাখ টকা বাজেট ধাৰ্য কৰিছে৷ পূজা উদ্‌যাপন সমিতি আৰু ভক্তসকলক দুৰ্গোৎসৱত শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ আৰক্ষী-প্ৰশাসনে আহ্বান জনাইছে৷ তদুপৰি এইবাৰ লালগণেশৰ মিলন নগৰত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজিত শাৰদীয় দুৰ্গোৎসৱ ৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব আৰু ১৩ অক্টোবৰত প্ৰতিমা বিসৰ্জনৰে সামৰণি পৰিব৷  মিলন নগৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটীৰ সভাপতি গোপাল পোদ্দাৰ আৰু সম্পাদক বিশ্বজিত সেনগুপ্তাই জানিবলৈ দিয়া মতে মন্দিৰ চৌহদত উদ্‌যাপন হ’বলগীয়া দুৰ্গোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে৷ কাৰ্যসূচী অনুসৰি পাঁচদিনীয়া দুৰ্গোৎসৱ মঙলবাৰে   আৰম্ভ কৰা হয়৷ ষষ্ঠীৰ পুৱা ৬ বজাৰ পৰা ৭.৩০ বজালৈ মা দুৰ্গা বোধন তথা ষষ্ঠী পূজা হ’ব লগতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ মহাসপ্তমীৰ পুৱা সপ্তমী পূজাৰ লগতে চণ্ডীপাঠ, পুৱা ৭ বজাত পুষ্পাঞ্জলি তথা দুপৰীয়া প্ৰসাদ বিতৰণ হ’ব৷ সন্ধিয়া ৬ বজাত আৰতি আৰু ৮ বজাৰ পৰা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে৷ ১১ অক্টোবৰৰ পুৱা ৫ বজাৰ পৰা ৬.৪৮ বজালৈ অষ্টমী পূজা, চণ্ডীপাঠ আৰু ৬ বজাৰ পৰা ৬.৩০ বজালৈ ভোগ নিবেদন, পুষ্পাঞ্জলিৰ লগতে দুপৰীয়া প্ৰসাদ বিতৰণ কৰা হ’ব৷ নৱমী পূজা দিনৰ ১১ বজাৰ পৰা ৰ বজালৈ অনুষ্ঠিত হ’ব লগতে চণ্ডীপাঠ আৰু মহাযজ্ঞ অনুষ্ঠিত হ’ব৷  দুপৰীয়া ২ বজাৰ পৰা ২.৩০ বজালৈ পুষ্পাঞ্জলি আৰু সন্ধিয়া ৬.৩০ বজাৰ পৰা ৭.৩০ বজালৈ আৰতি আৰু নিশা ৮ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ ১২ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা ১২ বজালৈ দশমী পূজা, দেৱী দৰ্শন দুপৰীয়া ১২.৩০ বজাত ভোগ নিবেদন তথা ১ বজাত যাত্ৰা হ’ব৷ ১.৩০ ৰ পৰা ৩.৩০ লৈ প্ৰসাদ বিতৰণ আৰু নিশা ৮ বজাত সাস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব৷ ১৩ অক্টোবৰৰ দুপৰীয়া ১.৩০ বজাত প্ৰতিমা বিসৰ্জন আৰু নিশা জ্জ্ব বজাত প্ৰশান্তি বন্দনা হ’ব৷ কমিটীৰ তৰফৰ পৰা অহা ১৬ অক্টোবৰৰ নিশা ৮.৩০ বজাৰ পৰা লক্ষ্মী পূজা আৰু ৩১ অক্টোবৰত কালী পূজা অনুষ্ঠিত কৰা হ’ব৷ তৃতীয়বাৰলৈ আয়োজন কৰা এই দুৰ্গোৎসৱ সম্পূৰ্ন নীতি-নিয়ম আৰু বৈদিক ৰীতি-নীতিৰ মাজেৰে পালন কৰা হ’ব ৷ ইফালে উজান বজাৰৰ বাৰোৱাৰী পূজা সমিতি, হৰিসভা, উগ্ৰতাৰা, শক্তিপীঠ কামাখ্যাত বৈদিক ৰীতি নীতিত গুৰুত্ব দি অধ্যাত্মিকভাৱে দুৰ্গাপূজা পালন কৰি আহিছে৷  সকলোবে এতিয়া নতুন সাজ পোছাক পৰিধান কৰি জেলেপিৰ জুতি লৈ পূজাৰ আনন্দ উপভোগ কৰিবলৈ সাজু হৈছে৷ শাৰদীয় দুৰ্গোৎসৱকলৈ এতিয়া উৎসবমুখৰ হৈ পৰিছে ৰাজ্যৰ পূজাস্থলী সমূহ৷ ৰাজ্যবাসীয়ে এতিয়া দুৰ্গতিনাশিনীক ঢাক ঢোল, ধূপ, দ্বীপ নৈবদ্যৰে আদৰিবলৈ সাজু হৈছে৷


নগাঁও চহৰত শতাধিক মণ্ডপত দুৰ্গা পূজাৰ ব্যাপক আয়োজন

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ : শাৰদীয় দুৰ্গোৎসৱক লৈ এতিয়া অপাৰ উচাহ কলং-কপিলীপৰীয়া ৰাইজৰ মাজত৷ বৰষুণে পূজাৰ প্ৰস্তুতিত বিধি-পথালি দিলেও নগাঁওবাসী এতিয়া পূজাক লৈ ব্যস্ত৷  বুধবাৰে বেল বোধনেৰে শক্তিৰ অধিষ্ঠাত্ৰী দেৱীক পাটত উঠাই পূজা কৰিবলৈ সাজু ৰাইজ৷ কাইলৈৰপৰা শংখ- ঘণ্টাৰ ধবনি, পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণেৰে মুখৰ হৈ পৰিব পূজাস্থলীসমূহ৷ পূজা উপলক্ষে ব্যৱসায় প্ৰতিষ্ঠানত বিশেষকৈ কাপোৰৰ বিপণীত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে৷ এইবাৰ নগাঁও জিলাত তিনিশ মণ্ডপত পূজা উদ্‌যাপিত হ’ব৷ তদুপৰি, জিলাখনৰ ২৫খনৰো অধিক চাহ বাগিচাত উদ্‌যাপিত হ’ব দুৰ্গা পূজা৷  অকল নগাঁও চহৰত শতাধিক মণ্ডপত দুৰ্গা পূজা অনুষ্ঠিত হ’ব৷  চহৰখনৰ সকলোবোৰ পূজা মণ্ডপ আটকধুনীয়াকৈ সজাই-পৰাই তুলিছে৷ নগাঁও চহৰৰ দুখন পূজা সমিতিয়ে ইতিমধ্যে ১৫০বছৰ অতিক্ৰম কৰিছে৷ এই দুই পূজা ভিতৰত চহৰখনৰ খ্ৰীষ্টানপট্টীৰ জানকী নাথ সেন পৰিয়ালৰ ১৭৫সংখ্যক বেলতলা দুৰ্গা পূজা আৰু উত্তৰ হয়বৰগাঁৱৰ বীণাপানী পূজা সমিতিৰ ১৫৫সংখ্যক দুৰ্গা পূজা৷  চহৰখনৰ বাঙ্গালী সন্মিলনীৰ উদ্যোগত ১৩১সংখ্যক দুৰ্গা পূজা, আমোলাপট্টি পূজা উৎসৱ সমিতিৰ উদ্যোগত ১২৯সংখ্যক দুৰ্গা পূজা, ফৌজদাৰীপট্টি সৰ্বজনীন দুৰ্গা পূজা উৎসৱ সমিতিৰ উদ্যোগত ১২৭সংখ্যক দুৰ্গা পূজা,  পানীগাঁও কালীবাৰী দুৰ্গা পূজা সমিতিৰ ১০৩সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত হ’ব৷ আনহাতে, হিন্দুঃস্থানপট্টি সাৰ্বজনীন ঠাকুৰবাৰী দুৰ্গা পূজা সমিতিৰ ৯৫সংখ্যক, হয়বৰগাঁও বাঙ্গালী পূজাবাৰী সমিতিৰ ৯২সংখ্যক, নগাঁও পুলিচ ৰিজাৰ্ভ দুৰ্গা পূজা সমিতিৰ ৯২সংখ্যক, এন এফ ৰে’লৱে পূজা সমিতিৰ ৮৪সংখ্যক, ছামাদ্দাৰপট্টি সাৰ্বজনীন পূজা সমিতিৰ ৭৭সংখ্যক, হয়বৰগাঁও ৰে’লৱে সাৰ্বজনীন কালী মন্দিৰত ৭৬সংখ্যক, কলংপাৰৰ নেপালী মন্দিৰ সাৰ্বজনীন পূজা সমিতিৰ ৭২সংখ্যক, বিবেকানন্দপল্লী শাৰদোৎসৱ সমিতিৰ ৭০সংখ্যক দুৰ্গা পূজাৰ প্ৰস্তুতি চলিছে৷ একেদৰে চহৰখনৰ শান্তিপুৰ যুৱক সমিতিৰ ৬৫সংখ্যক, দক্ষিণ হয়বৰগাঁও নাট্য সমিতিৰ ৬৫সংখ্যক, ইটানগৰ পূজা সমিতিৰ ৬৩সংখ্যক, চকীটুপ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ৬৩সংখ্যক, চীনাপট্টি ছোটহয়বৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ৬২সংখ্যক, শ্ৰীকৃষ্ণাশ্ৰম দুৰ্গা পূজা সমিতিৰ ৫৯সংখ্যক, পানীগাঁও দুৰ্গা মন্দিৰ পূজা সমিতিৰ ৫৯সংখ্যক, শাস্ত্ৰী নগৰ পূজা সমিতিৰ ৫৮সংখ্যক, ডিমৰুগুৰি সাৰ্বজনীন দুৰ্গা পূজাৰ ৫৮সংখ্যক, জ্যোতি ফ্লাৱাৰ মিলৰ ৫৭সংখ্যক আৰু হয়বৰগাঁও বিজয়ী সংঘৰ ৫৭সংখ্যক দুৰ্গা পূজাৰো ব্যাপক প্ৰস্তুতি চলিছে৷ শ্ৰীমন্ত শংকৰ মিশ্যন পথ আইটিআই দুৰ্গা পূজা, নতুন বজাৰ দুৰ্গা পূজা সমিতি, নাজিৰাজান শনি মন্দিৰ পথ, খ্ৰীষ্টানপট্টী, লক্ষ্মীনগৰ, মৰিকলং, পানীগাঁও ছয়আলি, লাওখোৱা ৰোড তেলীয়াগাঁও আদিতো দুৰ্গা পূজা অনুষ্ঠিত হ’ব৷ ৩ লাখৰ পৰা ১৬ লাখ টকাপৰ্যন্ত পূজা সমিতিৰ বাজেট৷ কেইবাখনো দুৰ্গা পূজা সমিতিয়ে ৰাইজক আকৰ্ষণ কৰিবৰ বাবে অত্যাধুনিক কাৰুকাৰ্য, চমৎকাৰিতা, আলোকসজ্জা আদিৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ চহৰখনৰ অন্যতম পুৰণি দুৰ্গা পূজা শ্ৰীমন্ত শংকৰ মিশ্যন পথ আই টি আই পূজা সমিতিয়ে টাইটানিকৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে৷ নগাঁও বাঙ্গালী পূজা সমিতিয়ে নীল সাগৰৰ সেউজীয়া দৃশ্যাংশৰ লগতে বিভিন্ন দৃশ্যমান বিষয়ৰে পূজা মণ্ডপ নিৰ্মাণ কৰাৰ বিপৰীতে ছামাদ্দাৰপট্টী পূজা সমিতিয়ে প্ৰকৃতি বিষয়ক, ৰাজস্থানী পূজা সমিতিয়ে অসমীয়া সাজসজ্জাৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে৷ শনি মন্দিৰ পথ দুৰ্গা পূজা সমিতিয়ে ৫৩ফুট উচ্ছতাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে৷