Logo
image

ইংৰাজী মাধ্যমৰ স্কুলতো বাধ্যতামূলক হ’ব বাংলা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ অক্টোবৰ : সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অসমীয়া ভাষাৰ লগতে বাংলা ভাষায়ো লাভ কৰিলে ধ্ৰুপদী ভাষাৰ স্বীকৃতি৷ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটৰ অনুমোদনৰ পাছতেই সাংস্কৃতিক মন্ত্ৰণালয়ে অসমীয়া ভাষাৰ সমান্তৰালভাৱে বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত ভাষাক ধ্ৰুপদী ভাষাৰ আনুষ্ঠানিক অনুমোদন জনায়৷ বাংলা ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত পশ্চিমবংগত এতিয়া আনন্দৰ উছাহ ব’বলৈ আৰম্ভ কৰিছে৷ বাংলাৰ ধ্ৰুপদী স্বীকৃতিৰ পাছতেই আন এক ঐতিহাসিক সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িছে বংগৰ মমতা চৰকাৰে৷ বাংলা ভাষাৰ যাতে অপ-মৃত্যু নঘটে, তাৰ বাবে পশ্চিবংগৰ সকলো ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়তে বাংলা ভাষা অধ্যয়ন বাধ্যতামূলক কৰাৰ চিন্তা-চৰ্চা আৰম্ভ কৰিছে বংগ চৰকাৰে৷ ৰাজ্য চৰকাৰখনৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত তথা চিন্তা-চৰ্চাৰ বিষয়ে ৰাজহুৱা কৰিছে শিক্ষামন্ত্ৰী ব্ৰাত্য বসুয়ে৷


কিয়নো অসমৰ দৰে পশ্চিমবংগতো এতিয়া কাঠফুলাৰ দৰে গঢ়ি উঠিছে ইংৰাজী মাধ্যমৰ বিদ্যালয়৷ বংগৰ বহু অভিভাৱকে বাংলাভাষী হৈয়ো সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নাম ভৰ্তি কৰিছে যদিও সন্তানক বাংলা ভাষাক ঐচ্ছিক বিষয় বা দ্বিতীয় ভাষা হিচাপে গ্ৰহণ কৰাৰ বাবে উৎসাহিত নকৰাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে৷ ইংৰাজী মাধ্যমৰ ব্যক্তিগত বিদ্যালয়সমূহত বাংলা ভাষা বাধ্যতামূলক নোহোৱাত ৰাজ্যখনৰ বুদ্ধিজীৱীমহলে উদ্বিগ্নতা ব্যক্ত কৰাৰ পাছতেই বিষয়টোক গুৰুত্ব সহকাৰে লৈছে মমতা বেনাৰ্জী চৰকাৰে৷ এই সন্দৰ্ভত ৰাজ্যখন শিক্ষামন্ত্ৰী ব্ৰাত্য বসুৱে কয়– ‘বেচৰকাৰী বিদ্যালয়সমূহৰ সৈতে চৰকাৰে আলোচনাৰ মাধ্যমেৰে বাংলা পাঠ্যক্ৰম বাধ্যতামূলক কৰাৰ বাবে চিন্তা-চৰ্চা কৰিছে৷ এই লৈ বিভিন্ন কেন্দ্ৰ-ৰাজ্যৰ শিক্ষা ব’ৰ্ডসমূহৰ সৈতেও আলোচনা কৰা হ’ব৷ ২০১৭ চনতো চৰকাৰৰ ফালৰ পৰা বেচৰকাৰী শিক্ষানুষ্ঠানত বাংলা ভাষা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ কিন্তু বিভিন্ন বিতৰ্কৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল৷’ লক্ষণীয় বিষয়টো হৈছে, ধ্ৰুপদী ভাষা স্বীকৃতিৰ পাছতেই পশ্চিম বংগ চৰকাৰে বাংলা ভাষাক বেচৰকাৰী শিক্ষানুষ্ঠানত বাধ্যতামূলক কৰাৰ বাবে চিন্তা- চৰ্চা কৰিছে যদিও অসম চৰকাৰে এপিএছচিৰ পৰা পূৰ্বে প্ৰত্যাহাৰ কৰা  ভাষা বিষয়ক বাধ্যতামূলক যোগ্যতানিৰ্ণয়কাৰী প্ৰশ্ন কাকতখন ঘূৰাই অনাৰ বাবেও কোনো প্ৰদক্ষেপ গ্ৰহণ নকৰিলে৷